ETV Bharat / state

শালিতলীত চিৰাল ফাট, অথলে গ’ল বহু কৃষকৰ কপালৰ ঘাম - Climate change impacts

Climate change impact in paddy cultivation : জলবায়ু পৰিবৰ্তৰ ভয়ংকৰ প্ৰভাৱ পৰিছে ৰাজ্যৰ কৃষি পথাৰত । আহিন মাহতো পথাৰত চিৰাল ফাট । নষ্ট হ'বলৈ ধৰিছে হাজাৰ হাজাৰ বিঘা শালি ধানৰ খেতি । মূৰে-কঁপালে হাত দিবলগীয়া হৈছে কৃষকে । বিয়াগোম কৃষি বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ । কি কয় কৃষি বিভাগে ?

Climate change impact in paddy cultivation
শালিতলীত চিৰাল ফাট, অথলে গ’ল বহু কৃষকৰ কপালৰ ঘাম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 21, 2024 at 8:54 PM IST

3 Min Read
Choose ETV Bharat

নগাঁও, ২১ ছেপ্টেম্বৰ : জলবায়ু পৰিবৰ্তনে যে কেৱল দৈনন্দিন জনজীৱনতে প্ৰভাৱ পেলাইছে এনে নহয় । শেহতীয়াকৈ জলবায়ু পৰিবৰ্তনৰ ভয়ংকৰ প্ৰভাৱ পৰিছে কৃষকে কঁপালৰ ঘাম মাটিত পেলাই কৰা কৃষি পথাৰত । এইবাৰ জলবায়ু পৰিবৰ্তৰ প্ৰভাৱত কৃষকে চকুলো টুকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে । অইন বছৰৰ দৰে এই বছৰো সপোনৰ সোণগুটিৰে ভঁড়াল ভৰোৱাৰ আশাৰেই নিজৰ কৃষিভূমিত কৰা শালিধানৰ খেতি এতিয়া নষ্ট হ’বলৈ ধৰিছে ।

এফালে উৎকট গৰম, আনফালে পথাৰত পৰ্যাপ্ত জসিঞ্চনৰ অভাৱ । যাৰ বাবে এতিয়া অথলে যোৱাৰ উপক্ৰম হৈছে কৃষকৰ কষ্ট । ৰাজ্যৰ আন প্ৰান্তৰ লগতে নগাঁৱৰো বহু কৃষকৰ অৱস্থা অনুৰূপ । নগাঁৱৰ কৃষ্ণাইঘাটৰ সমীপৰ যমুনা জলাহ গাঁৱৰ প্ৰায় দুহেজাৰ বিঘা শালিধানৰ খেতিত পৰিছে জলবায়ু পৰিৱৰ্তৰ প্ৰভাৱ । যমুনা জলাহ গাঁৱৰ প্ৰায় ৮০ শতাংশ পৰিয়ালেই নিৰ্ভৰশীল কৃষিৰ ওপৰত । কিন্তু জলবায়ু পৰিবৰ্তনৰ ফলত এইবেলি পথাৰত কৰা শালিধান চপাই ঘৰলৈ আনিব নোৱৰাৰ আশংকাত এতিয়া নীৰৱে চকুলো টুকিবলগীয়া হৈছে কৃষকে । অইন বছৰত আহিন মাহত পৰ্যাপ্ত পানী থাকে, পথাৰত এইবাৰ নাই পানী । খৰাঙৰ ফলত পথাৰত মেলিছে চিৰাল ফাঁট ৷

শালিতলীত চিৰাল ফাট, অথলে গ’ল বহু কৃষকৰ কপালৰ ঘাম (ETV Bharat Assam)

ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত ৯ বছৰত ৰাজ্যৰ ৯ খন জিলাত হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ। গুৱাহাটীস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, দৰং জিলাত ৪৮ শতাংশ , নগাঁও জিলাত ৩৯ শতাংশ, কামৰূপ জিলাত ৩০ শতাংশ, চিৰাং জিলাত ২৭ শতাংশ, বঙাইগাঁও জিলাত ২১ শতাংশ, ডিমা হাছাও জিলাত ২৫ শতাংশ, গোৱালপাৰা জিলাত ২২ শতাংশ, কাৰ্বি আংলং জিলা( অবিভক্ত) ২৫ শতাংশ আৰু ধেমাজি জিলাত ২০ শতাংশ বৰষূণৰ পৰিমাণ হ্ৰাস পাইছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, বৰষুণ হ্ৰাস হোৱাৰ পৰিমাণ যদি ২০ শতাংশৰ পৰা ৫৯ শতাংশৰ ভিতৰত থাকে তেতিয়া বৰষুণৰ পৰিমাণ হ্ৰাস হোৱা বুলি চিহ্নিত কৰা হয়। সেই অনুসৰি অসমৰ ৯ জিলাত বৰষুণৰ পৰিমাণ ২০ শতাংশতকৈ বেছি হ্ৰাস পাইছে ।

প্ৰভাৱ:

আহিন মাহত সাধাৰণতে লহপহকৈ বাঢ়ি আহে শালি । কিন্তু এনে অৱস্থাত পথাৰত চিৰাল ফাঁট মেলাৰ ফলত মৃত্যুমুখে গতি কৰিছে হাজাৰ হাজাৰ বিঘা শালিখেতি । আনকি কৃষি বিভাগ অথবা বিয়াগোম জলসিঞ্চন বিভাগেও নগাঁৱৰ যমুনা জলাহ গাঁৱৰ এই পথাৰত জলসিঞ্চনৰ কোনো ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ পৰে স্থানীয় কৃষকসকল । এতিয়া কপাঁলৰ ঘাম মাটিত পেলাই কৰা হাজাৰ হাজাৰ বিঘা শালি খেতি নষ্ট হোৱাৰ উপক্ৰম হোৱাত এতিয়া মূৰে-কঁপালে হাত দিছে নগাঁৱৰ কৃষকসকলে ।

আনহাতে পথাৰত চিৰাল ফাঁট মেলাৰ ফলত নগাঁৱৰ প্ৰায় দুহেজাৰ বিঘা শালিখেতি নষ্ট হোৱা সন্দৰ্ভত জিলা কৃষি বিভাগ অৱগত নহয় বুলি উল্লেখ কৰি এয়া জলবায়ু পৰিৱৰ্তৰ ফলতেই পৰা প্ৰভাৱ বুলি মন্তব্য কৰে নগাঁও জিলা কৃষি বিষয়া ৰঞ্জন ডেকাই । একাংশ কৃষকে পলমকৈ শালিখেতি কৰাৰ বাবে অধিক ক্ষতিগ্ৰস্ত হোৱা বুলিও উল্লেখ কৰি কৃষকক চৰকাৰী সা-সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনাই জিলা কৃষি বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক : ৰাজ্যত বৰষুণৰ নাই উম-ঘাম; ২৪ ঘন্টাত সর্বোচ্চ তাপমান বৃদ্ধিৰ সতৰ্কবাণী বতৰ বিজ্ঞান‌ কেন্দ্ৰৰ

বিশ্ব মৰুভূমিকৰণ আৰু খৰাং বিৰোধী দিৱস; ইয়াৰ গুৰুত্ব

দেৰগাঁৱত কাৰ বাৰীত পকা অমিতা খালে মন্ত্ৰী বৰাই ?