ETV Bharat / state

শাওণৰ পথাৰত একাঠু বোকা নহয়, মেলিছে চিৰাল ফাঁট

ভৰ বাৰিষাৰ এই বতৰত এজাক বৰষুণৰ বাবে হাহাকাৰ কৰিছে কৃষক ৰাইজে । চিৰাল ফাঁট মেলা পথাৰে চিন্তাত পেলাইছে কৃষকক ।

Climate change impacts in Rangia lack of irrigation
খৰাং বতৰৰ বাবে চিন্তিত কৃষক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 19, 2025 at 8:40 PM IST

5 Min Read
Choose ETV Bharat

ৰঙিয়া: নদী প্ৰধান ৰাজ্য অসমত বৰ্তমান সময় শালি ধান ৰোৱাৰ সময় । এই সময়ত কৃষকসকলে পথাৰ চহাই, আলি কাটি, সাৰ দি ধানৰ কঠিয়া ৰোপণৰ কামত ব্যস্ত থাকে । কিন্তু বিগত কিছু বছৰ ধৰি জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ অসমৰ কৃষিখণ্ডত প্ৰত্যক্ষভাৱে পৰা পৰিলক্ষিত হৈছে । যোৱা কেইবা বছৰৰ দৰে এই বছৰো বৰষুণৰ পৰিমাণ যথেষ্ট কম হোৱাৰ ফলত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পথাৰবোৰত চিৰাল ফাঁট মেলিছে ।

এই পৰিস্থিতিক ইতিমধ্যে অসমৰ কেবিনেটে প্ৰাকৃতিক দুৰ্যোগ হিচাপে আখ্যা দিছে । লগতে কৃষকসকলক সঠিক নথি-পত্ৰ দাখিল কৰাৰ পিছত ক্ষতিপূৰণ প্ৰদানৰ সিদ্ধান্ত লৈছে । অসমৰ বহু অঞ্চলৰ দৰে ৰঙিয়াতো খৰাং বতৰৰ প্ৰভাৱ ব্যাপকভাৱে পৰা পৰিলক্ষিত হৈছে । এই বিষয়ে জানিবলৈ ৰঙিয়াৰ কেইবা শতাধিক গাঁৱৰ ভিতৰত ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত আৰু কঞাঁ ৰাজহ চক্ৰৰ দহখন গাঁৱৰ কৃষকৰ ওচৰত উপস্থিত হৈছিল ইটিভি ভাৰত অসমৰ সাংবাদিক ।

শাওণৰ পথাৰত চিৰাল ফাঁট (ETV Bharat Assam)

ৰঙিয়াৰ মূল নগৰৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ দূৰত্বত অৱস্থিত এই গাঁওকেইখন হৈছে- ধুহীবালা, বালিসত্ৰ, লাচিবিষ্ণুপুৰ, বৰদোঙাবটাকুছি, লৰমা গৌৰহাটী, ভিথেলিপাৰা, ন’পাৰা, কঞাঁ আৰু ৰঙিয়া ৰাজহচক্ৰৰ অন্তৰ্গত গোপালপুৰ । এই অঞ্চলৰ প্ৰায় ২০,০০০ বিঘা কৃষিভূমি বৰ্তমান খৰাঙৰ প্ৰকোপত শুকাই মৰুভূমিৰ দৰে হৈ পৰিছে । পথাৰৰ দ' অঞ্চল সমূহত কিছু আর্দ্রতা আছে যদিও বেছিভাগ অঞ্চলৰ পথাৰ সম্পূৰ্ণ শুকাই গৈছে ।

পূৰ্বতে শাওণৰ এই সময়ছোৱাতে কৃষকসকলে প্ৰায় এমাহ পূৰ্বে চটিওৱা ধানৰ পৰা হোৱা কঠিয়া পথাৰত ৰোপণৰ কাম শেষ কৰিছিল । কিন্তু পানীৰ অভাৱৰ বাবে এতিয়া প্ৰায়ভাগ অঞ্চলত কঠিয়াবোৰ মৰহি যোৱাৰ উপক্ৰম হৈছে । এই দহখন গাঁৱৰ কৃষকসকলৰ জীৱিকা মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল । খৰাঙৰ ফলত বৰ্তমান তেওঁলোকৰ জীৱন-জীৱিকালৈ সংকট নামি আহিছে ।

Climate change impacts in Rangia lack of irrigation
শাওণৰ পথাৰত চিৰাল ফাঁট (ETV Bharat Assam)

এই অঞ্চলত খৰাঙৰ প্ৰভাৱৰ সৈতে মোকাবিলাৰ বাবে অসম চৰকাৰে কেইবাখনো জলসিঞ্চন আঁচনি প্ৰৱৰ্তন কৰিছিল । কিন্তু দুৰ্ভাগ্যজনকভাৱে এই আঁচনিসমূহৰ প্ৰায় ৯০% বৰ্তমান বিভিন্ন কাৰণত বিকল হৈ পৰি আছে । কৃষকসকলে জনোৱা মতে বেছিভাগ আঁচনি প্ৰায় এটা দশকৰ আগতে নিৰ্মাণ কৰা হৈছিল । প্ৰথম দুই-এবছৰ বছৰ এই আঁচনিসমূহৰ জৰিয়তে ওচৰেৰে বৈ যোৱা বৰলীয়া আৰু নোনা নৈৰ পৰা পথাৰলৈ পানী যোগানৰ ব্যৱস্থা কৰা হৈছিল

কিন্তু পিছলৈ এই আঁচনিসমূহৰ ৰক্ষণাবেক্ষণৰ অভাৱৰ লগতে আন আন বিভিন্ন কাৰণত বিকল হৈ পৰিছে । কিছু ক্ষেত্ৰত আঁচনিখনৰ মেৰামতিৰ চেষ্টা কৰা হৈছিল যদিও সময়মতে কোনো আঁচনিয়ে কৃষকৰ প্ৰয়োজন পূৰণ কৰিব পৰা নাই । উদাহৰণস্বৰূপে এই বৃহত্তৰ অঞ্চলটোৰ অন‍্যতম এটা অঞ্চল বাথানত জলসিঞ্চন বিভাগে লাখ লাখ টকা খৰছ কৰি প্ৰায় এটা দশক পূৰ্বে কাষেৰে বৈ যোৱা বৰলীয়া নৈৰ পৰা পথাৰত পানী যোগান ধৰিবলৈ নিৰ্মাণ কৰিছিল ৰঙিয়া সংমণ্ডলৰ অধীনৰ বাহাৰঘাট জলসিঞ্চন আঁচনি (১ নং পাম্প কেন্দ্ৰ) ।

মাত্ৰ দুটা বছৰ পানী যোগান ধৰা পিছত এতিয়া বিকল হৈ পৰি ৰোৱা আঁচনিখনে মাত্ৰ ঠাইহে দখল কৰি আছে । হাবি-জংঘলেৰে ভৰি পৰা আঁচনিখনৰ গৃহটো এতিয়া অসামাজিক কাৰ্য-কলাপৰ ঘাটিলৈ ৰূপান্তৰিত হৈছে বুলি জানিবলৈ দিছে স্থানীয় কৃষকে ।

Climate change impacts in Rangia lack of irrigation
চিন্তিত কৃষক (ETV Bharat Assam)

উক্ত আঁচনিখনৰ বাবে নিজৰ ম্যাদী মাটি দান কৰা স্থানীয় কৃষক ফুকন দাসে ক্ষোভৰে ইটিভি ভাৰতৰ আগত কয়, “নিজৰ লগতে ৰাইজৰ লাভৰ বাবেই মোৰ মাটি আঁচনিৰ বাবে দিছিলোঁ । কিন্তু যোৱা ৮ বছৰ ধৰি আঁচনিখন বিকল হৈ আছে । পথাৰ শুকাই ফাঁটি গৈছে । এতিয়া ভাবিছোঁ, মাটিখিনি নিদি বাঁহ ৰুলে বোধহয় বেছি লাভ হ’লহেঁতেন ।” এই আঁচনিখন এটা উদাহৰণহে, এনেকুৱা আঁচনি গাঁওকেইখনত আৰু বহুত আছে ।

ইফালে খৰাঙৰ প্ৰকোপৰ মাজতে কিছু কৃষকে নিজৰ উদ্যোগতে পানীৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছে । বাথান অঞ্চলৰ লগতে নিকটৱৰ্তী গাঁওসমূহৰ বহু কৃষকে নিজৰ খৰচত মটৰ কিনি নিকটৱৰ্তী খাল আৰু বিলৰ পৰা পানী তুলি পথাৰত যোগানৰ ব্যৱস্থা কৰিছে । কিন্তু তীব্ৰ ৰ’দ আৰু মাটিৰ পানী ধৰি ৰখাৰ ক্ষমতা হ্ৰাস পোৱাৰ বাবে কৃষকসকলৰ এই প্ৰচেষ্টাই বেছি সফলতা লাভ কৰা নাই ।

বাথানৰ কৃষক পিনক দাসে কয়, “আমি এতিয়াও বতৰৰ ওপৰতেই নিৰ্ভৰশীল । বৰষুণৰ অভাৱত খেতি নষ্ট হৈছে । নিজৰ পকেটৰ ধন খৰচ কৰি মটৰ আনি খালৰ পৰা পানী দিবলৈ চেষ্টা কৰিছোঁ । কিন্তু ৰ’দৰ তীব্ৰতা আৰু মাটিৰ অৱস্থাৰ বাবে বেছি সফল হ’ব পৰা নাই । এই বছৰ খেতিৰ পৰা লাভৰ আশা নাই । মাত্ৰ অলপ ‘বিধান’ ৰাখিব পাৰিলে ৰক্ষা পৰিম ।”

Climate change impacts in Rangia lack of irrigation
খৰাং বতৰৰ প্ৰভাৱ (ETV Bharat Assam)

খৰাঙৰ দৰে প্ৰাকৃতিক সংকটৰ মুখত পৰা কৃষকসকলে চৰকাৰৰ পৰা জলসিঞ্চন আঁচনিসমূহৰ দ্ৰুত মেৰামতি আৰু নিয়মীয়া ৰক্ষণাবেক্ষণৰ দাবী জনাইছে । বৰ্তমান জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ দীৰ্ঘম্যাদী পৰিকল্পনা হিচাপে জলাশয় নিৰ্মাণ, বৰষুণৰ পানী সংৰক্ষণ আৰু কম পানীত কৰিব পৰা ধানৰ জাতৰ প্ৰচলনৰ প্ৰয়োজনীয়তা আহি পৰিছে ।

ৰঙিয়াৰ এই দহখন গাঁৱৰ কৃষকৰ দুৰ্দশা অসমৰ কৃষিখণ্ডত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ এক জ্বলন্ত উদাহৰণ । যদিহে চৰকাৰে সুদূৰপ্ৰসাৰী চিন্তাৰ জৰিয়তে অতি সোনকালে কৃষক এই সমস্যাৰ সমাধানৰ বাবে পথ প্ৰসস্ত নকৰে তেতিয়াহ'লে কৃষি প্ৰধান ৰাজ‍্য অসমে এদিন নিজৰ অৰ্থনীতিৰ মূল উপাদানৰ লগতে নিজৰ খাদ্য উৎপাদনৰ ক্ষমতা হেৰুৱাই পেলাব ।

লগতে পঢ়ক: বিলাসী বাহন এৰি বিদেশী যুৱকে অসমত চলাইছে ৰিক্সা - VINTAGE RICKSHAW RIDING

বাকৰি মাটিতে ধন, পথাৰৰ আলিটোৱেও মোকলাইছে স্বাৱলম্বিতাৰ পথ - DRAGON FRUIT CULTIVATION