ETV Bharat / state

কঠীয়াতলীৰ নেট চুৰি হোৱাক লৈ ৰঙিয়াত লংকাকাণ্ড - RANGIA VIOLENCE

সাধাৰণ চুৰিকাণ্ডক কেন্দ্ৰ কৰি ৰঙিয়াত উত্তপ্ত পৰিস্থিতি । দুই ফৈদৰ মাৰপিটত আহত কেইবাজনো ।

Rangia Violence
চুৰিকাণ্ডক কেন্দ্ৰ কৰি ৰঙিয়াত উত্তপ্ত পৰিস্থিতি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 9, 2025 at 10:07 AM IST

3 Min Read

ৰঙিয়া : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া কঠীয়া সিঁচাত কৃষকসকল ব্যস্ত হৈ পৰিছে । তাৰ মাজতে কামৰূপ জিলাৰ ৰঙিয়াত কঠীয়াতলীত দিয়া এখন প্লাষ্টিকৰ জালৰ বেৰৰ বাবে ভয়ংকৰ সংঘৰ্ষৰ সৃষ্টি হয় । দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় । য'ত ৭ জন লোক আহত হোৱাৰ লগতে জুই লগাই দিলে বাসগৃহত ।

ৰঙিয়াৰ তুলসীবাৰীত এখন শান্তিপূৰ্ণ গাঁৱৰ পৰিৱেশ বিনষ্ট হৈ হঠাৎ হিংসাৰ জুই জ্বলি উঠিল । দুই ফৈদৰ মাজত পথাৰৰ কঠীয়াতলীত দিয়া প্লাষ্টিক বা নেটৰ বেৰ চুৰি কৰাক লৈ সংঘটিত হয় ভয়াৱহ সংঘৰ্ষ । যাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰে । ঘটনাৰ বিৱৰণ অনুসৰি, কঠীয়াতলীত দিয়া নেটৰ বেৰ চুৰিৰ অভিযোগক কেন্দ্ৰ কৰিয়ে এই লংকাকাণ্ডৰ সূত্ৰপাত হয় । প্ৰথমে তৰ্কাতৰ্কি আৰু পিছত দা লৈ মানুহক আক্ৰমণ কৰিবলৈ যোৱা দেখা গ'ল এই সংঘৰ্ষত । এই বিবাদত অগ্নি সংযোগ কৰাৰ ফলত এটা পক্ষৰ ঘৰ-দুৱাৰ, বাইক, চাইকেলকে ধৰি বহু সম্পত্তি ভস্মীভূত হয় । শনিবাৰে তুলসীবাৰীৰ ঘগাৰপাৰ অঞ্চলত দুই ফৈদৰ মাজত এই সংঘৰ্ষ হয় ।

পথাৰৰ নেট চুৰিক কেন্দ্ৰ কৰি ৰঙিয়াত উত্তপ্ত পৰিস্থিতি (ETV Bharat)

জানিব পৰা মতে এটা পক্ষই পথাৰত লগোৱা নেটৰ বেৰ চুৰিৰ অভিযোগ তুলি আন এটা পক্ষক আক্ৰমণ কৰে । প্ৰত্যুত্তৰত আনটো পক্ষইও বাঁহ আৰু চোকা অস্ত্ৰৰে আক্ৰমণ চলায় । এই হিংসাত্মক ঘটনাত দুই পক্ষৰ মুঠ ৭ গৰাকী লোক গুৰুতৰভাৱে আহত হয় । আটাইকেইজনকে সংকটজনক অৱস্থাত নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । এই ঘটনাৰ পিছত পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰে । এটা পক্ষই আক্ৰমণকাৰীৰ ঘৰত আক্ৰমণ চলায় । তেওঁলোকে ঘৰৰ বিভিন্ন সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বাইক, চাইকেল আদিত অগ্নি সংযোগ কৰে । এই ঘটনাই গাঁওখনত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে ।

Rangia Violence
ঘৰত অগ্নিসংযোগ (ETV Bharat)

ইফালে ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰঙিয়া আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । প্ৰাথমিক তদন্তৰ পিছত আৰক্ষীয়ে ৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে । এনে উত্তেজনাৰ মাজতে স্থানীয় লোকসকলে ঘটনাটোক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু পৰিস্থিতি শান্ত কৰিবলৈ প্ৰশাসনক দাবী জনাইছে । পথাৰৰ নেটৰ বেৰ চুৰিৰ দৰে বিষয়ৰ পৰাই উদ্ভৱ হোৱা এনে ভয়ংকৰ সংঘৰ্ষই সমাজত বিভেদৰ সৃষ্টি কৰাৰ লগতে জনজীৱনক বিপদাপন্ন কৰিছে বুলিও বহুতে দাবী কৰিছে । ইফালে স্থানীয় প্ৰশাসন আৰু সমাজৰ বিশিষ্ট নাগৰিকসকলে উভয় পক্ষৰ মাজত মধ্যস্থতা কৰি শান্তি প্ৰতিষ্ঠাৰ চেষ্টা অব্যাহত ৰাখিছে । আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে আৰু জনসাধাৰণক শান্তি বজাই ৰখাৰ আহ্বান জনাইছে ।

ঘটনা সন্দৰ্ভত এগৰাকী স্থানীয় লোকে কয়,"পথাৰৰ পৰা নেট চুৰি হোৱাকলৈয়ে কাজিয়া সৃষ্টি হৈছিল । ঘৰৰ ভিতৰত ডাঙৰ তৰোৱালেৰে মাৰিছে । আমি আহতসকলক মেডিকেলত পঠিয়াই দিছো ।"

লগতে পঢ়ক :গুৱাহাটীত ৪০-৫০ শতাংশ মানুহেই চৰকাৰী মাটিত বিনা অনুমতিত ঘৰ বনাই আছে :জয়ন্ত মল্লবৰুৱা - GUWAHATI LANDSLIDE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.