ETV Bharat / state

নামেৰীত বনৰক্ষীৰে সংঘৰ্ষত চোৰাং চিকাৰী নিহত

ৰাষ্ট্ৰীয় উদ্যানখনৰ ঘন জংঘলৰ মাজত সংঘটিত হয় এই সংঘৰ্ষ ।

Forest guard poachers clash
নামেৰীত বনৰক্ষীৰে সংঘৰ্ষত চোৰাং চিকাৰী নিহত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 20, 2025 at 1:37 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ : শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত চোৰাং চিকাৰী আৰু ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাকৰ্মীৰ মাজত হোৱা সংঘৰ্ষত নিহত হৈছে এটা চোৰাং চিকাৰী ।

বনৰক্ষী আৰু চোৰাং চিকাৰীৰ সংঘৰ্ষ

নামেৰীত বনৰক্ষীৰে সংঘৰ্ষত চোৰাং চিকাৰী নিহত (ETV Bharat Assam)

পশ্চিম অসম বন্যপ্ৰাণী সংৰক্ষণৰ বন প্ৰাধিকাৰী তথা উদ্যানৰ সঞ্চালক পীৰাইসুদন বি'য়ে ই টিভি ভাৰতক কয়, "চোৰাং চিকাৰীৰ এটা দল ৰাষ্ট্ৰীয় উদ্যানখনৰ পূবফালে দিকৰাইৰ দিশে প্ৰৱেশ কৰি এটা পহু নিধন কৰে আৰু তাৎক্ষণিকভাৱে বন বিভাগৰ চোৰাং চিকাৰী বিৰোধী অভিযানকাৰী দলে অভিযান আৰম্ভ কৰে । পুৱতি নিশা চোৰাং চিকাৰীৰ দলটোৱে হঠাৎ বন বিভাগৰ দলটোলৈ গুলীচালনা কৰে । বন বিভাগেও ইয়াৰ প্ৰত্যুত্তৰত গুলী চলায় । ফলত এটা চোৰাং চিকাৰীৰ মৃত্যু হয় আৰু বাকীকেইটা পলাই যাবলৈ সক্ষম হয় ।"

মৃত পহু আৰু হস্তনিৰ্মিত বন্দুক উদ্ধাৰ

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ আঞ্চলিক কাৰ্যালয়ৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰৈত তথা দিকৰাই অঞ্চলত ৰাষ্ট্ৰীয় উদ্যানখনৰ ঘন জংঘলৰ মাজত এই সংঘৰ্ষ সংঘটিত হয় । ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত পহু নিধন কৰিবলৈ আহিছিল চোৰাং চিকাৰীৰ দলটোৱে ৷ ইতিমধ্যে চোৰাংচিকাৰীৰ দলটোৰ হাতত নিধন হৈছে এটা পহু । বনৰক্ষীৰ দলে চলোৱা অভিযানৰ সময়ত চোৰাং চিকাৰীয়ে গুলীচালনা কৰে । আনহাতে বনৰক্ষীৰ দলটোৱেও প্ৰত্যুত্তৰ গুলীচালনা কৰে । ঘটনাস্থলীৰ পৰা বনৰক্ষীৰ দলটোৱে এটা হস্তনিৰ্মিত বন্দুক আৰু এটা মৃত পহু উদ্ধাৰ কৰিছে ৷ নিহত লোকজনৰ পৰিচয় প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ উদ্ধাৰ হোৱা নাই ৷

পূৰ্বেও হৈছিল সংঘৰ্ষ

উল্লেখ্য যে বিগত ২০২৩ চনৰ ২২ জুলাইত এটা ৪ জনীয়া চোৰাং চিকাৰীৰ দলৰ সৈতে ৰাষ্ট্ৰীয় উদ্যানখনৰ টহলদাৰী দলৰ এক গুলীচালনা হৈছিল ৷ সেই ঘটনাত কোনো হতাহত হোৱা নাছিল ৷ অৱশ্যে চোৰাং চিকাৰীৰ দলটোৱে এৰি যোৱা এটা গুলীভৰ্তি হস্তনিৰ্মিত বন্দুক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল বনৰক্ষী দলটোৱে ৷

নামেৰী ৰাষ্ট্ৰীয় উদ্যান

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা প্ৰায় ২০০ বৰ্গ কিলোমিটাৰ । জিয়া ভৰলী নদীয়ে উদ্যানখনক দুটা ভাগত বিভক্ত কৰাৰ লগে লগে ই অসমৰ সকলো ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আটাইতকৈ মনোমোহা হিচাপে বিবেচিত হৈছে । ই অসমৰ পূব সীমান্তত পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত । ১৯৮৫ চনত ১৩৭ বৰ্গ কিলোমিটাৰ আয়তনেৰে অভয়াৰণ্য হিচাপে ইয়াক ঘোষণা কৰা হৈছিল । পৰৱৰ্তী সময়ত ১৯৯৮ চনত ইয়াক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয় । নামেৰী বিলুপ্তপ্ৰায় প্ৰজাতিৰ দেওহাঁহ, ভালুক, নাহৰফুটুকী, শৰপহু, মেথোন, ৰাংকুকুৰকে ধৰি বিভিন্ন প্ৰজাতিৰ পশু-পক্ষীৰ বাসস্থান ।

লগতে পঢ়ক :গুৱাহাটীৰ মাজেৰে এনিমেল এম্বুলেন্সত হাতী সৰবৰাহ: ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া - ELEPHANT TRANSFER