কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টিত বিজেপিত সংঘাত, পদত্যাগৰ ভাবুকি - Assam BJP
Dibrugarh BJP : ডিব্ৰুগড় জিলা চাহ মৰ্চাৰ সভাপতিৰ বিৰুদ্ধে সোচ্চাৰ বিজেপিৰ চাবুৱা-লাহোৱাল সমষ্টিৰ তিনিটা মণ্ডলৰ সভাপতি ৷ বিজেপিৰ পৰা পদত্যাগৰ ভাবুকি তিনি মণ্ডল সভাপতিৰ ৷

Published : June 30, 2024 at 10:47 PM IST
ডিব্ৰুগড়, 30 জুন : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টিত বিজেপিত মুকলি সংঘাত দেখিবলৈ পোৱা গৈছে ৷ এক প্ৰকাৰে চাবুৱা-লাহোৱাল সমষ্টিত আভ্যন্তৰীণ সংঘাতত জৰ্জৰিত শাসকীয় দল বিজেপি ৷ আজি চাবুৱাত সংবাদমেল অনুষ্ঠিত কৰি বিজেপিৰ ডিব্ৰুগড় জিলা চাহ মৰ্চাৰ সভাপতিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে বিজেপিৰ চাবুৱা-লাহোৱাল সমষ্টিৰ তিনিটা মণ্ডলৰ সভাপতি ৷ চাবুৱা মণ্ডল সভাপতি ৰন্টু শইকীয়া, লাহোৱাল মণ্ডলৰ সভাপতি কুমুদ দত্ত আৰু দিনজয় মণ্ডলৰ সভাপতি পুলক সোণোৱালে যৌথ সংবাদমেল অনুষ্ঠিত কৰি ডিব্ৰুগড় জিলা বিজেপিৰ ভিতৰত চলি থকা সংঘাত আৰু অসন্তুষ্টিৰ কথা ৰাজহুৱা কৰে ৷
ডিব্ৰুগড় জিলাৰ চাহ মৰ্চাৰ সভাপতি প্ৰণৱ তাঁতীয়ে বিজেপিৰ দিনজয় আৰু লাহোৱাল মণ্ডলৰ চাহ মৰ্চাৰ সভাপতি দুগৰাকীক অৱগত নকৰাকৈ সলনি কৰাক লৈ প্ৰণৱ তাঁতীৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে বিজেপিৰ দিনজয়, চাবুৱা আৰু লাহোৱাল এই তিনি মণ্ডলৰ সভাপতিয়ে ৷ প্ৰণৱ তাঁতীয়ে জিলা চাহ মৰ্চাৰ সভাপতিৰ দায়িত্ব লাভ কৰা পাচতেই পুৰণি কৰ্মী সকলক গুৰুত্বহীন কৰি নিজৰ মইমতালিৰে মণ্ডল মৰ্চাৰ সভাপতি নিয়োগ কৰি এক বিশৃংখল পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে ৷ সেয়েহে প্ৰণৱ তাঁতীক জিলা চাহ মৰ্চাৰ সভাপতিৰ দায়িত্বৰ পৰা আঁতৰাবলৈ সংবাদমেলৰ জৰিয়তে মণ্ডলৰ সভাপতিসকলে দাবী জনায় ৷
ইফালে অনতি পলমে প্ৰণৱ তাঁতীক সভাপতিৰ পৰা অপসাৰিত নকৰিলে তিনিও মণ্ডলৰ সভাপতিয়ে বিজেপিৰ পৰা পদত্যাগ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৷ লগতে দলত সৃষ্টি হোৱা অৰাজক পৰিস্থিতি আঁতৰ কৰিবলৈ জিলা বিজেপিৰ সভাপতি গৰাকীক আহ্বান জনাই চাবুৱা-লাহোৱাল সমষ্টিৰ বিজেপিৰ মণ্ডল সভাপতি সকলে ৷
লগতে পঢ়ক : উপ-নিৰ্বাচনত বিহালীত কোন হ’ব মিত্ৰজোঁটৰ প্ৰাৰ্থী ? অগপয়ো দাঙিছে ঠেং - Assam Bye Polls

