ETV Bharat / state

কলগাছিয়াৰ টাপেশ্বৰাত দুই ফৈদৰ প্ৰচণ্ড মাৰপিট, 8 জন আহত

Land Dispute in Kalgachia : কলগাছিয়াৰ টাপেশ্বৰাত দুটা ফৈদৰ মাজত সৃষ্টি হোৱা প্ৰচণ্ড মাৰপিটত আহত কেইবাজনো লোক ৷ ভূমি কেন্দ্ৰিক বিবাদৰ বাবেই এই ঘটনা সংঘটিত হয় ৷

Land Dispute in Kalgachia
কলগাছিয়াৰ টাপেশ্বৰাত মাৰপিটৰ ঘটনা
author img

By ETV Bharat Assamese Team

Published : February 25, 2024 at 9:05 PM IST

2 Min Read
Choose ETV Bharat
কলগাছিয়াৰ টাপেশ্বৰাত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

বৰপেটা, 25 ফেব্ৰুৱাৰী : কলগাছিয়াৰ টাপেশ্বৰাত অঘটন ৷ দুটা ফৈদৰ মাজত সৃষ্টি হোৱা প্ৰচণ্ড মাৰপিটত আহত কেইবাজনো লোক ৷ ভূমি কেন্দ্ৰিক সংঘাটৰ বাবেই এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত টাপেশ্বৰাত সংঘটিত হৈছে এই ঘটনা ৷

মাৰপিটৰ এই ঘটনাত দুই পক্ষৰ 8 জনকৈ লোক গুৰুতৰভাবে আহত হয় বুলি জানিব পৰা গৈছে ৷ আহত লোক কেইজনক বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ অভিযোগ অনুসৰি বালাগাঁৱৰ আবুল হুছেইন নামৰ ব্যক্তিজনে পথাৰত গৰু চৰাবলৈ অহাৰ সময়তে পূৰ্বৰে পৰা থকা ভূমি কেন্দ্ৰিক বিবাদৰ বাবে টাপেশ্বৰা গাঁৱৰ নাছিৰ উদ্দিন নামৰ ব্যক্তিজনে ভুক্তভোগী আবুল হুছেইনৰ ওপৰত আক্ৰমণ কৰে ৷

অভিযুক্ত নাছিৰ উদ্দিনৰ মাটি মাহৰ খেতি আবুল হুছেইনৰ গৰুৱে নষ্ট কৰা বুলি বিবাদৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি বালাগাঁৱৰ নুৰ মহম্মদ, আবুল হুছেইন, মাজিদুৰ ৰহমান আৰু ৰাশিদা খাতুন আৰু টাপেশ্বৰাৰ নাছিৰ উদ্দিন, হুনোফা খাতুন আৰু হামিদুলৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হয় ৷ এই ঘটনাত দুয়োপক্ষৰ 8 জন লোক আহত হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

অভিযোগ অনুসৰি নাছিৰ উদ্দিনে পূৰ্ব পৰিকল্পিত ভাবে নুৰ মহম্মদ আৰু আৰু আবুল হুছেইনৰ ওপৰত আক্ৰমণ কৰে ৷ ইফালে নাছিৰ উদ্দিনক শাল কাঠেৰে প্ৰতিপক্ষই আক্ৰমণ কৰাৰো আন এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ মাৰপিটৰ ঘটনাত আহত হোৱা নুৰ মহম্মদ আৰু নাছিৰ উদ্দিনৰ অৱস্থা সংকজনক বুলি জানিব পৰা গৈছে ৷ লগতে ঘটনাক কেন্দ্ৰ কৰি দুয়ো পক্ষই পৃথকে পৃথকে থানাত এজাহাৰ দাখিল কৰিব বুলিও জানিব পৰা গৈছে ৷

লগতে পঢ়ক : শিক্ষয়িত্ৰীক খুন্দিয়াই হত্যা কৰা ট্ৰাকসহ চালকক আটক দুলীয়াজান আৰক্ষীৰ