ETV Bharat / state

বিজেপি-ৰাইজৰ দলৰ মাজত হতাহতি; গৌৰীসাগৰ থানা পালেগৈ বিধায়ক অখিল গগৈৰ সচিব অম্লান গগৈ - BJP VS RAIJOR DAL

অসম দৰ্শন আঁচনিৰ চেক বিতৰণত উত্তপ্ত পৰিস্থিতি ৷ বিধায়ক অখিল গগৈৰ ব্যক্তিগত সহায়ক(PA)ক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ অভিযোগ ৷

clash between BJP and Raijor Dal parties over the distribution of Assam Darshan scheme cheques in Sivasagar
বিজেপি-ৰাইজৰ দলৰ মাজত হতাহতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 3, 2025 at 7:48 AM IST

3 Min Read

শিৱসাগৰ : অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত নামঘৰসমূহলৈ আগবঢ়োৱা চেক বিতৰণক লৈ বুধবাৰে গৌৰীসাগৰত এক অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হয় । একাংশ উত্তেজিত ৰাইজে বিধায়ক অখিল গগৈৰ ব্যক্তিগত সহায়কক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে ৷ ইতিমধ্যে ন্যায়ৰ দাবীত বিধায়ক গগৈৰ সচিব অম্লান গগৈয়ে গৌৰীসাগৰ থানাত এক লিখিত এজাহাৰো দাখিল কৰে ৷

জানিব পৰা মতে, বুধবাৰে বিয়লি দুই বজাত গৌৰীসাগৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ তৰফৰ অসম দৰ্শন আঁচনিৰ অধীনত সৰ্বমুঠ তিনি লক্ষাধিক টকাৰ প্ৰথম কিস্তিৰ ডেৰ লাখ টকাৰ চেক নামঘৰসমূহলৈ বিতৰণৰ বাবে এখন সভাৰ আয়োজন কৰা হৈছিল ৷

বিজেপি-ৰাইজৰ দলৰ মাজত হতাহতি (ETV Bharat Assam)

উক্ত সভালৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আৰু আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাকো আমন্ত্ৰণ জনোৱা হৈছিল । জিলা প্ৰশাসনৰ আমন্ত্ৰণ মৰ্মে নিদিষ্ট সময়ত বিধায়ক অখিল গগৈৰ বিশেষ অসুবিধা হোৱাৰ বাবে তেখেতৰ ব্যক্তিগত সচিবগৰাকী গৌৰীসাগৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত উপস্থিত হয় । কিন্তু ব্যক্তিগত সচিবগৰাকী তাত উপস্থিত হোৱাৰ বহু সময়ৰ পূৰ্বৰে পৰা চেক বিতৰণ সভাখন অনুষ্ঠিত হয় ৷

অম্লান গগৈয়ে কয়, ‘‘এই বিষয়ে জানিব পাৰি বিধায়কগৰাকী উপস্থিত নোহোৱা পৰ্যন্ত সভাখন স্থগিত ৰাখিবলৈ সভাগৃহত উপস্থিত থকা আমগুৰি ৰাজহ চক্ৰ বিষয়া অৰূপ বিক্ৰমিয়া আৰু খণ্ড উন্নয়ন বিষয়া ডেনিছ দত্তক দাবী জনোৱা হয় । কিন্তু সেই সময়ত সভাত উপস্থিত থাকি ৰাইজৰ মাজত ধনাদেশ বিতৰণ কৰি থকা প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ প্ৰয় প্ৰণালী নিগমৰ অধ্যক্ষ কুশল দুৱৰী সহিতে বিজেপি দলৰ একাংশ কৰ্মী ক্ষুন্ন হৈ সভা স্থগিত ৰাখিবলৈ তহঁত কোন বুলি বিধায়ক অখিল গগৈৰ সচিবগৰাকীৰ লগতে ৰাইজৰ দলৰ সদস্যলৈ চোঁচা লয় ৷’’

জানিব পৰা মতে, সেই সময়ত উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি থকা বিধায়ক অখিল গগৈৰ ব্যক্তিগত সচিবগৰাকীৰ লগতে ৰাইজৰ দলৰ আন পাঁচজন সদস্যক শাৰীৰিকভাৱে প্ৰহাৰ কৰে । অখিল গগৈৰ ব্যক্তিগত সচিব অম্লান গগৈয়ে হাতত আঘাত পোৱাৰ উপৰিও বাকী সদস্যকেইজনো কম বেছি পৰিমাণে দোষ পায় । অৱশ্যে ঘটনাস্থলীত গৌৰীসাগৰ আৰক্ষী থানাৰ এটা দলৰ লগতে সভাত উপস্থিত থকা আমগুৰি ৰাজহ চক্ৰ বিষয়া অৰূপ বিক্ৰমিয়াৰ হস্তক্ষেপত পৰিস্থিতি শাম কাটে ।

আনহাতে ঘটনাটোৰ সন্দৰ্ভত বিধায়ক অখিল গগৈৰ সচিব অম্লান গগৈয়ে গৌৰীসাগৰ থানাত এক লিখিত এজাহাৰ দাখিল কৰে । এজাহাৰত প্ৰাক্তন বিধায়ক কুশল দুৱৰী ,বিজেপি ৰংপুৰ মণ্ডলৰ সভাপতি সূয্য কায়গুং, বিশ্ব ভূঞাই সচিব গৰাকীক হত্যাৰ প্ৰচেষ্টা চলোৱা বুলিও তেওঁ উল্লেখ কৰে ৷

ইফালে ঘটনাটো সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতে বিধায়ক অখিল গগৈ আৰু বিধায়ক প্ৰদীপ হাজৰিকাৰ প্ৰতিনিধি উক্ত স্থানত উপস্থিত হোৱাৰ লগতে সভাখন অনুষ্ঠিত কৰি শান্তিপূৰ্ণভাৱে ৰাইজৰ মাজত ধনাদেশ বিতৰণ কৰে ।

লগতে পঢ়ক : প্ৰথমে জলপান তাৰ পিছত ভোটদান: পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.