ETV Bharat / state

বৃক্ষ ৰক্ষাৰ বাবে আকৌ ওলাই আহিবলগীয়া হ'ল ৰাইজ

দীঘলীপুখুৰী পাৰৰ আশে-পাশে পুনৰ গছ কটাৰ প্ৰস্তুতি চৰকাৰৰ । ৰাজপথলৈ ওলাই আহিছে নাগৰিক সমাজ ।

Protests against cutting of trees
গছ ৰক্ষাৰ বাবে নাগৰিক সমাজৰ আন্দোলন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 12, 2025 at 4:50 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: বিগত বছৰৰ অক্টোবৰ মাহত দীঘলীপুখুৰী পাৰত হোৱা প্ৰতিবাদৰ কথা আপোনাৰ মনত আছেনে ? উৰণসেতু নিৰ্মাণৰ বাবে প্ৰশাসনে গছ কটাৰ ঘোষণা কৰাৰ পিছতে কেইবাদিনো ধৰি দীঘলীপুখুৰী পাৰত তীব্ৰ প্ৰতিবাদ দেখা গৈছিল । নাগৰিক সমাজ, শিল্পী সমাজৰ লগতে বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰিছিল প্ৰতিবাদ । প্ৰতিবাদৰ ওচৰত সেও মানি চৰকাৰে গছ নকটাৰ প্ৰতিশ্ৰুতি দিছিল আৰু বিকল্প সিদ্ধান্তও গ্ৰহণ কৰা হৈছিল । যাৰ ফলত প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখা হৈছিল । কিন্তু শেহতীয়াকৈ উৰণসেতু নিৰ্মাণৰ উদ্দেশ্যে দীঘলীপুখুৰী পাৰৰ সমীপত আমবাৰীত পুনৰ গছ কটাৰ প্ৰস্তুতি চলাইছে চৰকাৰে ।

অসম গণ পৰিষদৰ কাৰ্যালয়ৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবলৈ কেইবাজোপা ন-পুৰণি গছ কটাৰ প্ৰস্তুতি চলাইছে প্ৰশাসনে । ফলস্বৰূপে ক্ষোভিত হৈ পৰিছে স্থানীয় লোক তথা নাগৰিক সমাজ । চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে নাগৰিক সমাজে । তাৰ অংশ হিচাপে শনিবাৰে আমবাৰীৰ অসম টেক্সটাইল ইনষ্টিটিউটৰ সন্মুখত নাগৰিক সমাজে প্ৰতিবাদ আৰম্ভ কৰে আৰু গছ কটা সিদ্ধান্ত বাতিল কৰিবলৈ চৰকাৰক দাবী জনায় ।

গছ ৰক্ষাৰ বাবে নাগৰিক সমাজৰ আন্দোলন (ETV Bharat)

প্ৰতিবাদত অংশ লৈ এগৰাকী জ্যেষ্ঠ নাগৰিকে কয়, "গুৱাহাটীত গছ লাগিবই । যি ধৰণে গুৱাহাটীখন কংক্ৰিটেৰে ভৰি পৰিছে । মুকলিকৈ খোজ কাঢ়িবলৈ সুবিধা নাই । আমি জীয়াই থাকিবলৈ গছ লাগিবই । আজি যি প্ৰতিবাদ কৰা হৈছে সেয়া কোনো দল বা সংগঠনৰ প্ৰতিবাদ নহয় । স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে । পৰৱৰ্তী সময়ত আৰু ৰাইজ ওলাই আহিব । চৰকাৰলৈ আমাৰ এটাই আহ্বান চৰকাৰে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰক । কিয়নো চৰকাৰে উৰণসেতু নিৰ্মাণৰ নামত দীঘলীপুখুৰীৰ পাৰৰ আৰু ইয়াৰ আশে-পাশে কোনো গছ নাকাটে বুলি প্ৰতিশ্ৰুতি দিছিল । সেই প্ৰতিশ্ৰুতি পালন কৰক ।"

Protests against cutting of trees
গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat)

তেওঁলোকে কয় যে চৰকাৰে এইধৰণৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে ৰাইজৰ মতামত ল'ব লাগে । ৰাজহুৱা শুনানিৰো আয়োজন কৰিব লাগে । কিন্তু এইক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ শুনানি গ্ৰহণ নকৰাকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে উদ্বেগ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক :প্ৰাৰ্থিত্বকেন্দ্ৰিক বিদ্ৰোহৰ উদগীৰণ, কংগ্ৰেছ ত্যাগ ক্ষুব্ধ নেতা-কৰ্মীৰ - CONGRESS CANDIDATE CONFLICT