সোণাপুৰৰ কচুতলীবাসীৰ বাবে এখন বিশেষ জাননী; কি আছে নিৰ্দেশনাটোত ? - Sonapur eviction incident
Sonapur eviction incident : বৰ্তমানো চেপা উত্তেজনা বিৰাজ কৰিছে সোণাপুৰৰ কচুতলীত । সাময়িকভাৱে স্থগিত উচ্ছেদ অভিযান । ইয়াৰ মাজতে আহিল এখন বিশেষ জাননী । শুকুৰবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই জাৰি কৰে জাননী ।

Published : September 14, 2024 at 2:13 PM IST
গুৱাহাটী, ১৪ ছেপ্টেম্বৰ : সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলৰ ট্টাইবেল বেল্ট আৰু ব্লক এলেকাত অবৈধভাৱে বসবাস কৰি থকা লোকক তিনিদিনৰ ভিতৰত ঘৰ খালী কৰাৰ বাবে সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই শুকুৰবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰে এখন জাননী ।
এই সন্দৰ্ভত সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নিতুল খাটনিয়াৰে কয়, "সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলৰ ট্টাইবেল বেল্ট আৰু ব্লক এলেকাত অবৈধভাৱে বসবাস কৰি থকা লোকক তিনিদিনৰ ভিতৰত ঘৰ খালী কৰাৰ বাবে জাননী দিয়া হৈছে । তিনিদিন পিচত ঘৰ খালী নকৰিলে তেওঁলোকক উচ্ছেদ কৰা হ'ব ।"
- স্থগিত উচ্ছেদ অভিযান :
তেওঁ লগতে কয়, "যিসকলে বৈধ প্ৰমাণ পত্ৰ দিব পাৰিব, তেওঁলোকক ৰেহাই দিয়া হ'ব । বৰ্তমান এলেকাটোত উচ্ছেদ অভিযান স্থগিত আছে ।"

উল্লেখ্য যে, উচ্ছদক কেন্দ্ৰ কৰি ১২ ছেপ্টেম্বৰত ৰণক্ষেত্ৰত পৰিণত হৈছিল সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলৰ উচ্ছেদস্থলী । উচ্ছেদিত, উত্তেজিত লোকৰ ক্ষোভ আগতীয়াকৈ তর্কিব নোৱাৰি আৰক্ষী প্ৰশাসনে গুলীচালনা কৰিবলগীয়া হোৱাৰ ফলত দুজনকৈ লোক নিহত আৰু আন কেইবাজনো আহত হয় । লগতে আহত হৈছিল আৰক্ষীৰ কেইবাজনো লোক । তাৰপিচতে উত্তেজনাময় পৰিৱেশ বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত ।
- AIUDF ৰ উপস্থিতিত উত্তপ্ত পৰিস্থিতি :
শুকুৰবাৰে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলৰ উচ্ছেদস্থলীত সংঘটিত উত্তেজনাময় পৰিৱেশৰ পিচত পৰিস্থিতিৰ বুজ লোৱাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ঘটনাস্থলীত উপস্থিত হয় ।
ইফালে শুকুৰবাৰে বিয়লিভাগত সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলৰ উচ্ছেদস্থলীত AIUDF ৰ ধিঙৰ বিধায়ক আমিনুল ইছলাম, জনীয়াৰ বিধায়ক ৰফিকুল ইছলাম, দলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমান আৰু লগতে কেইবাগৰাকীও AIUDF ৰ নেতা-কৰ্মী কচুতলী অঞ্চলত প্ৰৱেশ কৰাৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল । জানিব পৰা মতে বৰ্তমানো অঞ্চলটোত অব্যাহত আছে চেপা উত্তেজনা ।

