ETV Bharat / state

জুবিনক আমি ন্যায় দিম, ক্ষিপ্ৰগতিত চলি আছে তদন্ত : মুখ্যমন্ত্রী

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তকে ধৰি বহুকেইটা প্ৰসংগত ফেচবুক লাইভযোগে মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া ।

Zubeen Garg Death Case
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 12, 2025 at 11:42 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : "জুবিন গাৰ্গৰ ভিছেৰাৰ প্ৰতিবেদনে আত্মবিশ্বাস বৃদ্ধি কৰিছে । চি আই ডিয়ে নিৰ্দ্দিষ্ট দিশ বিচাৰি পাইছে । জুবিনক আমি ন্যায় দিম ।" - জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

দেওবাৰে নিশা ফেচবুক লাইভযোগে মুখ্যমন্ত্রীয়ে জুবিন গাৰ্গৰ তদন্ত প্ৰক্ৰিয়াকে ধৰি কেইবাটাও বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

  • জুবিন গাৰ্গৰ তদন্ত প্ৰক্ৰিয়া

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘জুবিন গাৰ্গৰ তদন্ত সঠিক দিশৰে আগবাঢ়িছে । সোমবাৰে ছিংগাপুৰৰ চাৰিজন প্ৰবাসী অসমীয়া গুৱাহাটীত উপস্থিত হ’ব ।''

''ক্ষিপ্ৰগতিত চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত । জুবিন গাৰ্গৰ তদন্ত সঠিক দিশৰে আগবাঢ়িছে । ছিংগাপুৰৰ আন ছয়গৰাকীকো শীঘ্ৰে অসমলৈ আহিবলৈ আহ্বান জনাইছো । তেওঁলোক অসমলৈ নাহিলে অন্য পন্থা গ্ৰহণ কৰিবলৈ সাজু আছো । আপোনালোক অসমলৈ আহিবই লাগিব । অসমলৈ নিজে নাহিলে কেনেকৈ আনিব লাগে তাৰ বাবে আইনৰ ব্যৱস্থা ল’বলৈ আমি কুণ্ঠাবোধ নকৰো ।''

''তদন্তত এটা আকাংক্ষিত ফলাফল লাভ কৰাতো নিশ্চিত । শীঘ্ৰে আমি সকলো তথ্য আদালতত দাখিল কৰিম । ছিংগাপুৰৰ পৰা অহা মানুহখিনিৰ ষ্টেটমেণ্ট ল’লে শীঘ্ৰে আমি সকলো তথ্য আদালতত দাখিল কৰিম । ন্যায় আদালতে দিব, কিন্তু ন্যায় দিয়াৰ প্ৰক্ৰিয়া আমি তৰান্বিত কৰিম ।’’ তেওঁ কয় ।

  • শিক্ষক নিযুক্তি

আনহাতে শিক্ষক নিযুক্ত লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য । মুখ্যমন্ত্রীয়ে কয়, "১৪ অক্টোবৰত দিনৰ ১০ বজাত ঘোষণা কৰা হ’ব চতুৰ্থ বৰ্গৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষা । ১৫ অক্টোবৰত দিনৰ ১০ বজাত ঘোষণা কৰা হ’ব চতুৰ্থ বৰ্গৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ ফলাফল । এই প্ৰক্ৰিয়াকে আগুৱাই লৈ গৈ ১৫, ১৬ আৰু ১৭ অক্টোবৰত স্নাতকোত্তৰ শিক্ষকৰ পদৰ ফলাফল ঘোষণা কৰা হ’ব । শেষত আমি প্ৰাথমিক শিক্ষকৰ নিযুক্তিৰ ফলাফল ঘোষণা কৰা হ’ব ।"

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘অক্টোবৰতে ৰাজ্যৰ প্ৰায় ৩৫ ল’ৰা-ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হ’ব । নিৰ্বাচনৰ সময়ত ১ লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিলো, কিন্তু এতিয়া ২ লাখ দিবলৈ সক্ষম হ’লো । অহা ৫ বছৰত ২লাখতকৈ অধিক নিযুক্তি প্ৰদান কৰিবলৈ চেষ্টা কৰিব । নৱেম্বৰত পুনৰ অনুষ্ঠিত হ’ব আৰক্ষীৰ নিযুক্তি পৰীক্ষা ।’’

  • দেৱালীৰ আতচবাজি

দেৱালীৰ আতচবাজিৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "জুবিন গাৰ্গ থকা হ'লে তেওঁ ক'লেহেতেন দিপাৱলীত থলুৱা আতজবাজী ব্যৱহাৰ কৰিবলৈ । জুবিন গাৰ্গৰ আদৰ্শক আমি জীয়াই ৰাখিব লাগিব । বৰপেটাৰ আতজবাচী কেন্দ্ৰক আমি মৰিবলৈ নিদিওঁ । জুবিনক বুকুত লৈ আমি দিপাৱলী পালন কৰিম । আমাৰ সভ্যতা-সংস্কৃতি আমি এৰি নিদিওঁ ।''

মুখ্যমন্ত্রীয়ে কয়, ''মনৰ দুখৰ মাজতো আমি দ্বীপান্বিতা পালন কৰিম । এই কেইদিন বহুতে ফটুৱা জাৰি কৰিছে । এনেকে ৰাজ্যখন নচলে । জুবিন গাৰ্গে কেতিয়াও এনে বিচৰা নাছিল । আমি জুবিন গাৰ্গৰ আদৰ্শক জীয়াই ৰাখিব লাগিব । অসমবাসী ৰাইজৰ প্ৰতি আহ্বান যে আমি আমাৰ সভ্যতা-সংস্কৃতি আগুৱাই লৈ যাব লাগিব । এই বছৰ বৰপেটাৰ আতচবাচী মই নিজে কিনিম । জুবিনক বুকুত লৈ আমি দিপাবলী পালন কৰিম ।"

  • সাংসদ গৌৰৱ গগৈক সমালোচনা

সাংসদ গৌৰৱ গগৈক পুনৰ টাৰ্গেট কৰি মুখ্যমন্ত্রীয়ে কয়, "অসম কংগ্ৰেছৰ সভাপতিৰ দুই সন্তান বৃটিছ নাগৰিক । বৃটিছে মিঠাতেলৰ পৰিৱৰ্তে অ'লিভ আৰু ছানফ্লাৱাৰ তেল খায় । আমি মিঠাতেল খায়ে সৰুৰ পৰা ডাঙৰ হৈছো । পুনৰ চৰকাৰ হ'লে আমি ৰেচন কাৰ্ডৰ জৰিয়তে মিঠাতেল দিম ।"

লগতে পঢ়ক : জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত কি খবৰ আছে : ক'লে মুখ্যমন্ত্রীয়ে

লগতে পঢ়ক : ১৪ৰ পৰা ২৩ অক্টেবৰলৈ আছুৰ বিক্ষোভ : জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত ৰাজ্যজুৰি কেইবাটাও কাৰ্যসূচী ঘোষণা