গোলাঘাট : অৱশেষত চুতীয়া যুৱ সন্মিলন আৰু চুতীয়া জাতি যুৱ সন্মিলনৰ মাজত বিগত সময়ত চলি থকা সংঘাতৰ অন্ত পৰিল । কেৱল সেয়াই নহয়, সলনি কৰা হ'ল চুতীয়া জাতি যুৱ সন্মিলনৰ নাম । এই সংগঠনটো এতিয়া চুতীয়া যুৱ পৰিষদ, অসম নামেৰে নামকৰণ কৰা হৈছে । গোলাঘাট পৌৰসভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সদৌ চুতীয়া জাতি সন্মিলনৰ কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো ।
শনিবাৰে সন্মিলনৰ সভাপতি বিবুল হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত এই কাৰ্যনিৰ্বাহক সভাত জনগোষ্ঠীটোৰ উন্নয়ন আৰু বিকাশ বাবে বিভিন্ন বিষয় আলোচনা কৰা হয় । লগতে সাংগঠনিক দিশ, ডিচেম্বৰত চুতীয়া সন্মিলনৰ শতবৰ্ষ উদযাপন, সন্মিলনৰ ভাতৃ সংগঠন চুতীয়া জাতি যুৱ সন্মিলনৰ নাম সলনি কৰি চুতীয়া যুৱ পৰিষদ, অসম নামেৰে নামকৰণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।
সভাৰ অন্তত সন্মিলনৰ সভাপতি বিবুল হাজৰিকাই কয়, "আজি আমাৰ চুতীয়া জাতি সন্মিলনৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । ইয়াত কেইবাটাও গুৰুত্বপূৰ্ণ আলোচনা কৰা হ'ল । বিশেষকৈ ১৯২৫ চনত গঠন হোৱা চুতীয়া জাতি সন্মিলনৰ শতবৰ্ষ পূৰ্ণ হোৱা বাবে শতবৰ্ষ উদযাপনৰ আলোচনা কৰা হয় । অন্যান্য বিষয়ৰ ওপৰতো আলোচনা কৰা হৈছে । আমাৰ দুটা ভাতৃ সংগঠন আছে-চুতীয়া যুৱ সন্মিলন আৰু চুতীয়া জাতি যুৱ সন্মিলন । এই দুটা সংগঠনৰ মাজত কিছু সংঘাত আছিল যদিও আজি এই সংঘাত আঁতৰ কৰি চুতীয়া জাতি যুৱ সন্মিলনৰ নাম আজিৰে পৰা চুতীয়া যুৱ পৰিষদ, অসম কৰা হৈছে ।"

তেওঁ পুনৰ কয়, "আমাৰ সংবিধান সংশোধনী কৰাৰ বাবে তিনিজনীয়া এখন সমিতি গঠন কৰা হৈছে ।" এই সভাত মুখ্য উপদেষ্টা অমিয় কুমাৰ বৰা, কাৰ্যকৰী সভাপতি মহন চন্দ্ৰ বৰা, উপ সভাপতি জীৱন চুতীয়া, জয়ন্ত চুতীয়াৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক প্ৰতিনিধি উপস্থিত থাকে ।