জুবিনক যোৰহাটলৈ আনক, যোৰহাটৰ আকাশ-বতাহ-ৰাস্তা-পদূলি-গছ-গছনিয়ে বিচাৰিছে...
"মই জুবিন গাৰ্গ হ'ব বিচৰা নাছিলো... ৷" বাল্যকালৰ বন্ধুক কিয় কৈছিল জুবিনে ? এক বিশেষ সাক্ষাৎকাৰ-

Published : September 20, 2025 at 3:33 PM IST
যোৰহাট : "মই জুবিন গাৰ্গ কেনেকৈ হ'লো গমেই নাপালো, মই জুবিন গাৰ্গ হ'ব বিচৰা নাছিলো ।" বাল্যকালৰ বন্ধু মানসজ্যোতি বৰা ওৰফে বুবুৰ সৈতে এয়া আছিল জুবিন গাৰ্গৰ অন্তিমটো বাৰ্তালাপ ।
মানসজ্যোতি বৰা ওৰফে বুবুৱে শেহতীয়াকৈ বাল্যকালৰ বন্ধু জুবিন গাৰ্গক সাক্ষাৎ কৰিছিল । সেই সময়ত এই কথাখিনি বন্ধুৰ আগত কৈছিল জুবিন গাৰ্গে । সেই কথাকে সুঁৱৰি আজি হুকহুকাই কান্দি উঠিছে বন্ধু বুবু ।
ই টিভি ভাৰতৰ সন্মুখত আৱেগিক হৈ জুবিন গাৰ্গৰ বন্ধুজনে কয়, "জুবিনবিহীন দিন কেনেকৈ পাৰ কৰিম ? কালি খবৰটো পাইছিলো, কিন্তু সেয়া মই মানি ল'ব পৰা নাছিলো । সকলো বন্ধুলৈ মই ফোন কৰিছিলো, সকলোৱে মিছা মাতিছিল । তেওঁলোকে কথাটো জানিছিল, কিন্তু মোক কোনেও ক'ব বিচৰা নাছিল ।"
মৰমৰ বন্ধুৰ সৈতে কটোৱা বাল্যকালৰ সময়বোৰে এতিয়া আমনি কৰিছে মানসজ্যোতি বৰাক । তেনে এক পুৰণি স্মৃতি সুঁৱৰি তেওঁ কয়, "জুবিন নিশা মোৰ ঘৰলৈ আহিছিল । মোৰ পুৰণি গাড়ীখনেৰে বঙালপুখুৰীৰ পুৰণি ঘৰলৈ গৈছিল আৰু গেট পাৰ হৈ মাকে ৰোৱা পাইন গছজোপা সাৱটি ধৰিছিল, তাৰ পৰা আহি সি গাড়ীখন বেলেগ ঘৰত থৈ গুছি গৈছিল । আজি সি নাই, মই বৰ কষ্ট পাইছো ।"

শেহতীয়াকৈ দুয়ো বন্ধু লগালগি হোৱাৰ কথা মনত পেলাই তেওঁ কয়, "কেইদিনমানৰ পৰা জুবিনক মানসিক কষ্টত থকা যেন মোৰ অনুভৱ হৈছিল আৰু জুবিনে যি-টি কথা কৈছিল আৰু সেই কথাসমূহ যেন তাক ভগৱানে কোৱাইছিল । সি মোক সৰুৰে পৰাই তুমি বুলি সম্বোধন কৰিছিল । কিন্তু কিছুদিন পূৰ্বে তাৰ ঘৰলৈ যোৱা সময়ত সি মোক তই বুলি মাতিছিল । মই সুধিছিলো তুমি মোক কিয় তই বুলি মাতিছা, তেতিয়া ক'লে আমি বুঢ়া হৈ আহিছো, এতিয়াৰ পৰা তই বুলিয়ে মাতিম । আনহাতে মই ঘৰলৈ যোৱা সময়ত তাক অকলশৰীয়া হোৱা যেন অনুভৱ কৰিছিলো ।"

জুবিনৰ সৈতে কটোৱা সময়বোৰ স্মৰণ কৰি তেওঁ কয়, "কলেজত পঢ়ি থকা সময়ত জুবিনে চাইকেলখন লৈ গৈ যাৰ ঘৰতে হাৰমনিয়াম আছিল, তাৰ ঘৰতে সোমাই হাৰমনিয়াম বজাইছিল । লগত গীটাৰখন আছিল । সি ইংৰাজী গান খুব ভাল পাইছিল । যেতিয়া জিতুল সোণোৱালৰ গান চুপাৰহিট আছিল, তেতিয়া জুবিনক এটা গানহে গাবলৈ দিছিল আৰু সি নিজৰ গানহে গাই আঁতৰি আহিছিল ।" জুবিন গাৰ্গৰ সংগীতৰ প্ৰতি কিমান ভালপোৱা আছিল সেই কথাও সুঁৱৰিলে মানসজ্যোতি বৰাই ।
মানসজ্যোতি বৰাই লগতে কয়, "মোক সি কৈছিল- মই জুবিন গাৰ্গ কেনেকৈ হ'লো গমেই পোৱা নাছিলো আৰু মই জুবিন গাৰ্গ হ'ব বিচৰা নাছিলো ।" ইফালে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সন্দৰ্ভত বাল্যকালৰ বন্ধুজনে কয়, "জুবিনক যোৰহাটলৈ আনক, যোৰহাটৰ আকাশ, বতাহ, ৰাস্তা-পদূলি আৰু গছ-গছনিয়ে বিচাৰিছে । যোৰহাটৰ আজিৰ বতৰে সেই কথা কৈ গৈছে ।"
লগতে পঢ়ক :জুবিনে নিজৰ প্ৰাণতকৈও বেছি ভাল পাইছিল এজোপা পাইন গছ

