ETV Bharat / state

দেৱাল খহি নাবালকৰ কৰুণ মৃত্যু, পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে অভিযোগ - Child dies after wall collapses

Child dies after wall collapses: গোলাঘাটত দেৱাল খহি নাবালকৰ মৃত্যু । পঞ্চায়তৰ প্ৰতিনিধিৰ দুৰ্নীতিৰ বাবেই গোলাঘাটত পকী দেৱাল খহি পৰাৰ অভিযোগ । পঞ্চায়ত সভানেত্ৰীয়ে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ ।

Child dies after wall collapses, complaint against panchayat president in Golaghat
দেৱাল খহি শিশুৰ কৰুণ মৃত্যু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 18, 2024 at 10:47 PM IST

2 Min Read
Choose ETV Bharat

গোলাঘাট,১৮ আগষ্ট: গোলাঘাটৰ মক্ৰং চাহ বাগিচাত সংঘটিত হয় এক ভয়ংকৰ অঘটন । নিৰ্মীয়মাণ পকী দেৱাল খহি মৃত্যুক সাৱতিলে এটি ৮ বছৰীয়া নাবালকে । মৃত নাবালকটিৰ নাম আৰনেচ লাক্ৰা । ঘৰৰ ওচৰতে থকা এখন বিদ্যালয়ৰ কাষতে থকা এটা কালী মন্দিৰৰ নিৰ্মীয়মাণ পকী দেৱাল নাবালকটিৰ গাত হঠাৎ খহি পৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । আঘাতপ্ৰাপ্ত নাবালকটিক ততালিকে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।

দেৱাল খহি শিশুৰ কৰুণ মৃত্যু (ETV Bharat Assam)

স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি গোলাঘাটৰ মক্ৰং গাঁও পঞ্চায়ৰ ৫ নং ৱাৰ্ডত কালী মন্দিৰ বাউণ্ডেৰীৰ ৱাল নিৰ্মাণৰ বাবে পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত অনুমোদন দিছিল কিন্তু পঞ্চায়ত সভানেত্ৰীগৰাকীয়ে মন্দিৰ পৰিচালনা সমিতিৰ কোনো সদস্যক নিৰ্মাণ সমিতিত নলৈ নিজৰ স্বামী দীপক ৰাজখোৱাক পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত এই পকী দেৱালখন নিৰ্মাণ কৰিছিল । পিছে দেৱালখন নিৰ্মাণ কৰা এবছৰৰ ভিতৰতে খহি পৰিল ।

যাৰ দ্বাৰা এই কথা স্পষ্ট হৈ পৰে যে পকী দেৱালখনত নিৰ্মাণৰ সময়ত অতি নিম্নমানৰ নিৰ্মাণ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলতে খহি একে কৰুণ ঘটনা সংঘটিত হ'বলৈ । এই পকী দেৱাল নিৰ্মাণ কাৰ্যৰ লগত পঞ্চায়তৰ অভিযন্তা, সম্পাদক, ভিডিঅ' জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ইফালে ঘটনাটোৰ পাচতে স্থানীয় ৰাইজে পঞ্চায়ত প্ৰতিনিধিসকলৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে ।

ৰাইজে ঘটনাস্থলীতে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি পাঁচ দিনৰ ভিতৰত মৃতকৰ পৰিয়ালক পাঁচ লাখ টকাৰ ক্ষতিপূৰণ দিয়া আৰু দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবী জনায় । স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে আজি বিদ্যালয় বন্ধ হোৱাৰ বাবে বহু কণ কণ নাবালক ৰক্ষা পাবলৈ সক্ষম হয় যদি বিদ্যালয় খোলা থাকিলে আৰু ভয়ংকৰ ঘটনা সংঘটিত হ'লে হয় ।

লগতে পঢ়ক: মহানগৰীত হত্যাকাণ্ড: কোনে হত্যা কৰিলে বিজেপি কৰ্মীক ? - BJP leader killed