চৰণেহে জানে মৰণৰ ঠাই... উন্মুক্ত নলাই প্ৰাণ ল'লে এটি নিস্পাপ শিশুৰ
লালগণেশৰ পৰা কালাপাহাৰলৈ প্ৰায় পাঁচ কিলোমিটাৰ অংশৰ অৱস্থা এতিয়া অতি শোচনীয় । ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

Published : September 4, 2025 at 5:22 PM IST
গুৱাহাটী: গুৱাহাটীৰ লখৰা আৰু নেপালী মন্দিৰ সংযোগী এ কে আজাদ পথত নিৰ্মাণ হৈ থকা উৰণসেতু এতিয়া মৰণফান্দত পৰিণত হৈছে । দৈনিক প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ থকা উৰণসেতুৰ নিৰ্মীয়মান পথটোত বুধবাৰে এটি তিনি বছৰীয়া শিশুৰ মৃত্যু ঘটে ।
উন্মুক্ত মেনহলত পৰি বুধবাৰে সন্ধিয়া শিশুটিৰ মৃত্যু হয় । ঘটনাটোৰ স্থান কালাপাহাৰ অঞ্চলৰ চাইকেল ফেক্টৰী । তিনি বছৰীয়া সুমিত কুমাৰ নামৰ শিশুটি বুধবাৰে সন্ধিয়া খেলি থাকোতে উন্মুক্ত প্ৰায় ৭ ফুট গভীৰতাৰ মেনহলত পৰি যায় । শিশুটি পৰাৰ পিছত নলাৰ পৰা উদ্ধাৰ কৰা হয় যদিও জীৱন ৰক্ষা নহ'ল ।
উল্লেখ্য যে উৰণসেতু নিৰ্মাণ কৰি থকা পথটোৰ লালগণেশৰ পৰা কালাপাহাৰলৈ প্ৰায় পাঁচ কিলোমিটাৰ অংশৰ অৱস্থা এতিয়া অতি শোচনীয় । পথটোৰ ঠায়ে ঠায়ে বিশাল গাঁত আৰু নিৰ্মাণকাৰ্যৰ সামগ্ৰীসমূহ বিপদজনকভাৱে পেলাই থোৱাৰ ফলত পথটোত যাতায়াত কৰাটোৱেই ভয়াৱহ হৈ পৰিছে । পথটোৰ এনে বেয়া অৱস্থাৰ বাবে দৈনিক প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয় ।
ইফালে নিৰ্মাণ কৰি থকা পদপথৰ উন্মুক্ত মেনহলবোৰ পথচাৰীৰ বাবে অধিক বিপদজনক হৈ পৰিছে । চাইকেল ফেক্টৰী অঞ্চলৰ তেনে এক উন্মুক্ত নলাত পৰিয়েই শিশুটোৰ মৃত্যু ঘটে । যাক লৈ সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰাৰ লগতে স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । চৰকাৰী বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰী প্ৰতিষ্ঠানৰ ভুলৰ বাবেই উন্মুক্ত মেনহলত পৰি শিশুটিৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে কালাপাহাৰ অঞ্চলৰ ৰাইজ উত্তেজিত হৈ পৰে । উত্তেজিত ৰাইজে ন্যায় আৰু সুৰক্ষা বিচাৰি আজি চাইকেল ফেক্টৰী অঞ্চলত পথ অৱৰোধ কৰে । প্ৰতিবাদকাৰী ৰাইজে লোকনিৰ্মাণ বিভাগৰ ঠিকাদাৰ বা বিষয়াসকলে নৈতিক স্বীকাৰ কৰি এই ভুল মানি লোৱাৰ বাবে দাবী জনায় ।
আনহাতে ঘণ্টাৰ পাছত ঘণ্টা পাৰ হোৱাৰ পিছতো প্ৰশাসন নাইবা ঠিকাদাৰী প্ৰতিষ্ঠানটোৱ দুৰ্ভগীয়া পৰিয়ালটোৰ খবৰ ল'বলৈ অহা নাই । যাক লৈ অধিক উত্তেজিত হৈ পৰে ৰাইজ । ৰাইজৰ অভিযোগ যে উৰণসেতু নিৰ্মাণ কৰি থকা অনিল দাস কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ ভুলৰ বাবেই শিশুটিৰ কৰুণ মৃত্যু হ'ল । উন্মুক্ত মেনহলৰ বাবেই শিশুটিয়ে এনেদৰে মৃত্যুক সাৱটি ল'বলগা হ'ল । ক্ষুদ্ধ ৰাইজে বহু সময় ধৰি এ কে আজাদ ৰোড বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । পাছত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ ৰাইজক আশ্বাস প্ৰদান কৰি পথচোৱা মুকলি কৰাৰ ব্যৱস্থা কৰে ।
এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে । কান্দোনত ভাগি পৰা শিশুটিৰ পৰিয়ালৰ লোকে কয়, ‘‘নলাটো বন্ধ থকা হ’লে শিশুটিৰ এনেদৰে মৃত্যু নহ’লহেতেন । আমি বাৰে বাৰে কৈছিলো নলাটো বন্ধ কৰি ৰাখিবলৈ । কিন্তু আমাৰ কথা নুশুনিলে । যাৰ বাবে আমি আজি আমাৰ শিশুটিক হেৰুৱালো । এক কৰুণ আৰু মৰ্মান্তিক ঘটনা । গুৱাহাটীত উন্মুক্ত মেনহলত পৰি কৰুণ মৃত্যুক সাৱটি লোৱা এটি শিশুৰ আত্মীয়ৰ দুখ কোনে বুজিব !’’
ইফালে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বৃহস্পতিবাৰে ঢেকিয়াজুলিত সংবাদ মাধ্যমৰ আগত নলা উন্মুক্ত কৰি ৰখাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘আজি মই মুখ্য সচিবক কৈছো যে চেটেলাইট দি চাব লাগে, ক’ত ক’ত নলা উন্মুক্ত হৈ আছে । আমি নিশ্চিতভাৱে তাৰ ব্যৱস্থা ল’ম । কিন্তু গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত বিভিন্ন সময়ত লগাই যোৱাৰ পিছত নিশাটোৰ ভিতৰতে নলাৰ ঢাকোনবোৰ চুৰি হৈ যায় । গতিকে বিষয়টোত সামাজিক সমস্যা জড়িত হৈ আছে । একেলগে লগ লাগি সমস্যাবিলাক সমাধান কৰিব লাগিব ।’’
লগতে পঢ়ক: এইবাৰ চাওক কোটি টকীয়া দুৰ্গা পূজা: গুৱাহাটীত প্ৰস্তুতি তুংগত

