ETV Bharat / state

অ' চিয়ে পঠোৱা "প্ৰেমপত্ৰ" গ্ৰহণৰ পিছতে আটক শৃংখল চলিহাক - SHRINGKHAL CHALIHA DETAINED

চেপনৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে আটক কৰে বীৰ লাচিত সেনাৰ মুখ্য প্ৰশাসনিক সচিবগৰাকীক । উত্তাল শিৱসাগৰ ।

Chief administrative secretary of Beer Lachit Sena, Shringkhal Chaliha detained on National Highway 37
শৃংখল চলিহাক আটক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 23, 2025 at 2:37 PM IST

3 Min Read

শিৱসাগৰ: দুলীয়াজানৰ ঘটনাৰ উত্তেজনা অব্যাহত থকাৰ মাজতে আটক কৰা হয় বীৰ লাচিত সেনাৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহাক । চেপনৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শুক্ৰবাৰে পুৱা শিৱসাগৰ আৰক্ষীয়ে আটক কৰে চলিহাক । শিৱসাগৰৰ পৰা দুলীয়াজান অভিমুখে গৈ থাকোঁতেই আটক কৰি শৃংখল চলিহাক ডিব্ৰুগড় অভিমুখে লৈ যোৱা হয় ।

ইয়াৰ পূৰ্বে শৃংখল চলিহাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে তেওঁৰ প্ৰতিক্ৰিয়া, "থানাৰ অ' চিয়ে মোলৈ এখন প্ৰেমপত্ৰ পঠিয়াইছিল, সেই প্ৰেমপত্ৰখন মই গ্ৰহণ কৰিছিলোঁ । তেওঁৰ প্ৰেমপত্ৰৰ উত্তৰ দিবলৈ মই দুলীয়াজান গৈ আছোঁ । খুব সম্ভৱ অসম আৰক্ষীয়ে মোক ৰাস্তাতে গ্ৰেপ্তাৰ কৰিব পাৰে । অসম আৰক্ষীৰ চৰিত্ৰ মই জানোঁ । অসমবাসী, দুলীয়াজানবাসীক প্ৰথম ধন্যবাদ জনাইছোঁ । আজি দুলীয়াজান স্তব্ধ । হাজাৰ হাজাৰ পুলিচ নমায়ো এখন দোকান খুলিব নোৱাৰিলে ।"

শৃংখল চলিহাক আটক (ETV Bharat Assam)

চলিহাই লগতে কয়, "ফ্ৰী ভাত খুওৱাজনীক গ্ৰেপ্তাৰ কৰিব লাগিব, জে'লৰ ফ্ৰী ভাত খুৱাব লাগিব । অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব । আজি মাৰ ভৰিত ধৰি, দেউতাৰ ফটোত সেৱা কৰি মই আৰু হৰ গগৈ ওলাই আহিছোঁ । মাক কৈ আহিছোঁ তিনি চাৰিমাহ নাহিব পাৰোঁ জে'লত থাকিব পাৰোঁ ।"

বীৰ লাচিত সেনাৰ প্ৰসংগ উল্লেখ কৰি মুখ্য প্ৰশাসনিক সচিবগৰাকীয়ে কয়, "এটা কথা স্পষ্ট, বীৰ লাচিত সেনাৰ সৈনিক আৰু শৃংখল চলিহাই ঘাঁহ নাখায় । অনাগত দিনত খিলঞ্জীয়াৰ আধিপত্য থকা অসম হ'ব । মূৰ তল কৰি ইয়াত নাথাকোঁ । পুনৰ কৈছোঁ- হ'ব পাৰোঁ আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয় । আঠুকাঢ়ি ক্ষমা খোজা বীৰ লাচিত সেনাৰ নিয়ম নহয় ।"

ইয়াৰ পিছতে দুলীয়াজানলৈ বুলি ৰাওনা হয় শৃংখল চলিহা আৰু দলৰ আন আন নেতা-কৰ্মীসকলসকল । কিন্তু দুলীয়াজানলৈ যোৱাৰ পথতে চেপনৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শিৱসাগৰ আৰক্ষীয়ে আটক কৰি ডিব্ৰুগড় অভিমুখে লৈ যায় শৃংখল চলিহা আৰু সাংগাঠনিক সচিব হৰ কুমাৰ গগৈক ।

উত্তাল শিৱসাগৰ:

ইফালে শৃংখল চলিহাক আটক কৰাৰ লগে লগে উত্তাল হৈ পৰে শিৱসাগৰৰ ৰাজপথ । শৃংখল চলিহাক আটক কৰাৰ লগতে মৰাণ আৰক্ষীয়ে মৰাণ থানাত বহু বীৰ লাচিত সেনা প্ৰতিবাদকাৰীক আটক কৰি ৰখাৰ খবৰ বিয়পি পৰাৰ পিছতে শিৱসাগৰ অনুসূচীত ছাত্ৰ সন্থা আৰু বীৰ লাচিত সেনাৰ নেতা-কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ৩ ঘণ্টাৰ ভিতৰত শৃংখল চলিহাকে ধৰি সকলো সতীৰ্থক যদি মুক্ত কৰি নিদিয়ে তেনেহ'লে উজনি অসম আৰু শিৱসাগৰ স্তব্ধ কৰাৰ হুংকাৰ দিয়ে দল-সংগঠনসমূহে ।

লগতে পঢ়ক: তনু শ্বাহীক আৰক্ষী অধীক্ষকৰ জেৰা; সংগঠনসমূহলৈও কঠোৰ নিৰ্দেশনা - DULIAJAN PETROL PUMP CASE

জলসম্পদ বিভাগৰ অভিযন্তাইও নামভৰ্তি কৰিব আই আই টিত;কিন্তু কিয় ? - WATER RESOURCES IIT MOU

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.