প্ৰকৃতি আৰু মানৱ সমাজৰ মাজত সন্তুলন নাথাকিলে পিছলৈ ক্ষতিকাৰক হ'ব: ৰাজ্যপাল ৰমেন ডেকা
ৰাষ্ট্ৰ নিৰ্মাণত বিল্ডাৰসকলৰ বিশেষ ভূমিকা আছে । সেয়ে বিল্ডাৰসকলে অট্টালিকা নিৰ্মাণ কৰোতে বহনক্ষম উন্নয়নৰ প্ৰতি গুৰুত্ব দিব লাগিব ৷

Published : March 9, 2025 at 7:59 PM IST
গুৱাহাটী: গুৱাহাটীত চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে এৰিডা ৰিয়েল ইষ্টেট এক্সপ'। মহানগৰীৰ বেতকুছিস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে এই এৰিডা ৰিয়েল ইষ্টেট এক্সপ'।
আছাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভেল'পাৰ্ছ এছ'চিয়েশ্যন চমুকৈ 'এৰিডা'ৰ উদ্যোগত অনুষ্ঠিত এই বিশেষ প্ৰদৰ্শনী দেওবাৰে পৰিদৰ্শন কৰে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই ।
প্ৰদৰ্শনীত উপস্থিত হৈ ৰাজ্যপাল ৰমেন ডেকাই কয়, "বিল্ডাৰসকলৰ ৰাষ্ট্ৰ এখন নিৰ্মাণত বিশেষ ভূমিকা আছে । সেয়েহে বিল্ডাৰসকলে অট্টালিকা নিৰ্মাণ কৰোতে বহনক্ষম উন্নয়নৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাৰ উপৰিও ওচৰ-চুবুৰীয়াৰ সমস্যা, সুবিধা-অসুবিধাৰ প্ৰতি গুৰুত্ব দিব লাগে । উন্নয়নৰ সমান্তৰালকৈ কিছু সমস্যা আহে যদিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে । তেতিয়াহে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা হ'ব ।"
উল্লেখ্য যে এই প্ৰদৰ্শনীৰ যোগেদি গৃহ ক্ৰয়ৰ পোনপটীয়া সুবিধা সাধাৰণ লোকে লাভ কৰিছে । লগতে বিনিয়োগকাৰীসকলেও বিভিন্ন সুবিধা গ্ৰহণ কৰিছে । প্ৰদৰ্শনীৰ জৰিয়তে বেংক বা আন বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ঋণৰ সকলো সুবিধাৰ বিষয়েও গ্ৰাহকসকলক অৱগত কৰা হৈছে । উপভোক্তাই বেংকৰ গৃহ ঋণৰ সুবিধা আৰু বিশেষ ৰেহাইৰ সুবিধাও গ্ৰহণ কৰিব পাৰে । ১০ মাৰ্চলৈ চলিবলগীয়া এই প্ৰদৰ্শনীত ৰিয়েল ইষ্টেট খণ্ডৰ প্ৰায় ১৩২ টা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে ।
এই সন্দৰ্ভত আয়োজক এৰিডাৰ সভাপতি পি কে শৰ্মাই কয়, "আমি ৰাইজৰ পৰা বিপুল সঁহাৰি পাইছো । আয়োজক কমিটীৰ তৰফৰ পৰা এই সঁহাৰি দেখি উৎফুল্লিত হৈছো । সেইদিনা মন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰি থৈ গ'ল, আজি ৰাজ্যপাল মহোদয় অহাৰ বাবে যথেষ্ট ভাল লাগিছে । এনেধৰণৰ বিশিষ্ট ব্যক্তিসকল অহাত আমি আয়োজকসকল উৎফুল্লিত আৰু উৎসাহিত হৈছো ।"

