ছত্তীশগড়ৰ সৈতে অসমৰ এক সম্পৰ্ক আছে: ৰাজ্যপাল ৰমেন ডেকা - Chhattisgarh Governor Ramen Deka
Ramen Deka felicitated in Jorhat : অসম আৰু ছত্তীশগড়ৰ মাজত এক সু-সম্পৰ্ক আছে । সেয়া হৈছে অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্ক । ছত্তীশগড়ৰ পৰা সৌ তাহানিতে আহি অসমৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আগভাগ লৈছে চাহ জনগোষ্ঠীয়ে । তাৰ লগতে এক সাংস্কৃতিক সমন্বয়ো গঢ়ি তুলিছে । অসম আৰু ছত্তীশগড়ৰ এই সম্পৰ্ক অতি নিবিড় । সেয়ে অসম আৰু ছত্তীগড়ৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ যোগাযোগৰ বাবে মই কাম কৰি যাম । যোৰহাটত এক সম্বৰ্ধান অনুষ্ঠানত এই মন্তব্য ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ ।

Published : September 10, 2024 at 11:05 PM IST
যোৰহাট, ১০ ছেপ্টেম্বৰ : মঙলবাৰে যোৰহাটত আনুষ্ঠানকভাৱে সম্বৰ্ধনা জনোৱা হয় ছত্তীশগড়ৰ নৱনিযুক্ত ৰাজ্যপাল তথা ৰাজ্যৰ বৰ্ষীয়ান বিজেপি নেতা ৰমেন ডেকাক । যোৰহাট নাগৰিক সমাজে যোৰহাট থিয়েটাৰ হল প্ৰাংগণৰ ৰাজহুৱা সভাত ছত্তীগড়ৰ ৰাজ্যপাল তথা অসম বিজেপিৰ জ্যেষ্ঠ নেতা ৰমেন ডেকাক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনায় ।
নিজৰ ভাষণ প্ৰসংগত ৰাজ্যপালগৰাকীয়ে সময়ানুৱৰ্তিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে । এই সন্দৰ্ভত তেওঁ কয়, "সময়ানুৱৰ্তিতা আমি সদায় মানি চলিব লাগে । অসমীয়া মানুহৰ সেইটো বৰ কম । আমি ল'ৰা-ছোৱালীক সৰুৰে পৰা সেইটো শিকাব লাগে ।"
ব্যৱসায়ৰ পৰা সাংসদলৈ তেওঁৰ জীৱনৰ পথ পৰিক্ৰমা দাঙি ধৰি তেওঁ কয়, "মই এটা দোকানী পৰিয়ালৰ মানুহ । মোৰ পিতৃয়ে কটনৰ পৰা গ্ৰেজুৱেচন কৰি দোকান দিছিল । ১৯৪৭ চনৰ পৰা পাণবজাৰত আমাৰ দোকান আছে । যেতিয়া মোৰ ভাতৃৰ বিয়োগ হ'ল মই মিঠাইৰ দোকান দিলোঁ আৰু আজিও মিঠাইৰ দোকান আছে । ২০০৯ চনত মই সাংসদ হ'লোঁ ।"
আনহাতে, নতুন শিক্ষা নীতিৰ ওপৰত ৰাজ্যপাল ৰমেন ডেকাৰ মন্তব্য, "নতুন শিক্ষা নীতিত আমাৰ বহু কথা সলনি হৈ গ'ল । এই নতুন শিক্ষা নীতিৰ ফল আমি কেতিয়া পাম তাৰ বাবে আমি অলপ অপেক্ষা কৰিব লাগিব ।"
নৱপ্ৰজন্মৰ প্ৰতি ৰমেন ডেকাৰ আহ্বান, "নতুন প্ৰজন্মই সমাজক কিবা এটা দিব লাগিব । আমাৰ প্ৰজন্মই সমাজক কিবা এটা দিয়াৰ বাবে কাম কৰিছিল । আমি সদায় ভাবি থাকোঁ চৰকাৰে সকলো কৰিব । চৰকাৰে বহুত কাম কৰি আছে । কিন্তু তাৰ মাজত আমাৰ যি কৰণীয় সেইটোও কৰি যাব লাগিব । সমাজখন এডাল এনাজৰীত থাকে । ৫০০ বছৰ আগতে শংকৰদেৱে সমাজখন একত্ৰিত কৰিবৰ কাৰণে নামঘৰ প্ৰতিষ্ঠা কৰিছিল । নামঘৰ অসমীয়া সমাজ জীৱনৰ এটা প্ৰতীক । কিন্তু আমি শংকৰদেৱৰ কথা বেছিকৈ নাভাবোঁ ।"
ইফালে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ৰাজ্যপালগৰাকীয়ে কয়, "যোৰহাটবাসী ৰাইজে জনোৱা মৰমত আপ্লুত হৈ পৰিছোঁ । যোৰহাটৰ সমাজ জীৱন তথা যোৰহাটৰ লগত মোৰ এক সু-সম্পৰ্ক আছে ।"
ছত্তীশগড়ৰ সৈতে থকা অসমৰ সম্পৰ্ক সন্দৰ্ভত ৰাজ্যপাল ৰমেন ডেকাই কয়, "অসম আৰু ছত্তীশগড়ৰ মাজত এক সু-সম্পৰ্ক আছে । সেয়া হৈছে অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্ক । ছত্তীশগড়ৰ পৰা সৌ তাহানিতে আহি অসমৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আগভাগ লৈছে চাহ জনগোষ্ঠীয়ে । তাৰ লগতে এক সাংস্কৃতিক সমন্বয়ো গঢ়ি তুলিছে । অসম আৰু ছত্তীশগড়ৰ এই সম্পৰ্ক অতি নিবিড় । সেয়ে অসম আৰু ছত্তীগড়ৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ যোগাযোগৰ বাবে মই কাম কৰি যাম ।"
তেওঁ লগতে কয়, "অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে দুয়োখন ৰাজ্যৰ যোগাযোগ দৃঢ় তথা কটকটীয়া কৰি তোলাৰ বাবে কাম কৰি যোৱাৰ সংকল্প লৈছোঁ । ব্ৰিটিছ অহাৰ পূৰ্বে ছত্তীশগড়ৰ পৰা অসমলৈ বহু শ্ৰমিকৰ সোঁত বৈছিল । এইসকল লোকে অসমৰ খিলঞ্জীয়া লোকসকলৰ লগত একাত্ম হৈ অসমৰ সমাজ জীৱনৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰখনলৈ অৱদান আগৱঢ়াইছে আৰু সাংস্কৃতিক পথাৰখনৰ সৈতে মিলি গৈছে ।"
তেওঁ যোৰহাটৰ এগৰাকী উদ্যোগী মহিলাৰ প্ৰসংগ উল্লেখ কৰি লগতে কয়, "যোৰহাট জিলাৰ মৰিয়নিৰ ছয়নিকা দাস নামৰ এগৰাকী যুৱতীয়ে সেচ্ছাসেৱী অনুষ্ঠানৰ জৰিয়তে ৩৫০০ মহিলাক আত্মনিৰ্ভৰশীল কৰাৰ কথা এখন সংবাদ-পত্ৰযোগে জানিব পাৰি অভিভূত হৈছোঁ ।"
ইয়াৰ উপৰি ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই প্ৰকৃতি আৰু জল সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ সকলোকে আহ্বান জনায় । তেওঁ কয়, "মানৱ, জীৱ আৰু প্ৰকৃতি এক হৈ আমাৰ সমাজখন পৰিচালিত হয় । আৰু যদি ইয়াত কিবা বিসংগতি হয় তেতিয়া সমাজখন বিপথে পৰিচালিত হয় ।"

