ETV Bharat / state

দহগৰাকীক লুটিলে ! প্ৰৱঞ্চকৰ টাৰ্গেট এইবাৰ বিবাহ বিচ্ছেদিত মহিলা

ডেটিং এপৰ জৰিয়তে প্ৰৱঞ্চকটোৱে বিবাহ বিচ্ছেদিত আৰ্থিকভাৱে সবল মহিলাৰ সৈতে চিনাকি হয় । তাৰ পিছতে প্ৰেমৰ জাল পাতি বিবাহৰ প্ৰস্তাৱ দিয়ে ।

fraudster arrested in Guwahati
প্ৰৱঞ্চকৰ টাৰ্গেট বিবাহ বিচ্ছেদিত মহিলা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 1, 2025 at 8:38 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: ৰাজ্যত এইবাৰ নতুন কায়দাত প্ৰৱঞ্চনাৰ ঘটনা । বৰ্তমান ৰাজ্যত চাইবাৰ প্ৰৱঞ্চক বা বিত্তীয় প্ৰৱঞ্চকৰ পয়োভৰ ঘটিছে যদিও এইবাৰ আন এক প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ আহিছে । এই প্ৰৱঞ্চকৰ টাৰ্গেট হৈছে বিবাহ বিচ্ছেদিত মহিলা ।

বিবাহ বিচ্ছেদিত আৰ্থিকভাৱে সবল মহিলাক টাৰ্গেট কৰি লাখে লাখে টকা লুটিলে মহাপ্ৰৱঞ্চকে। এই ঘটনা সংঘটিত হৈছে গুৱাহাটীত । গুৱাহাটী মহানগৰীত বিবাহ বিচ্ছেদিত মহিলাৰ পৰা টকা সৰকাই আৰক্ষীৰ জালত পৰিছে এজন মহাপ্ৰৱঞ্চক । ভঙাগড় আৰক্ষীয়ে সোমবাৰে নিশা গুৱাহাটীৰ গীতানগৰৰ পৰা গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড়ৰ লাহোৱালৰ মহাপ্ৰৱঞ্চক দ্বীপজ্যোতি বৰা ওৰফে বিতুক ।

কিদৰে প্ৰৱঞ্চনা কৰে মহিলাক

সাৱধান ! প্ৰৱঞ্চকৰ টাৰ্গেট বিবাহ বিচ্ছেদিত মহিলা (ETV Bharat Assam)

মহাপ্ৰৱঞ্চক দ্বীপজ্যোতি বৰা ওৰফে বিতুৰ টাৰ্গেট বিবাহ বিচ্ছেদত আৰ্থিকভাৱে সবল মহিলা । দ্বীপজ্যোতিয়ে প্ৰথমতে ডেটিং এপৰ জৰিয়তে চিনাকি হয় বিবাহ বিচ্ছেদিত আৰ্থিকভাৱে সবল মহিলাৰ লগত । তাৰ পিছতেই প্ৰেম আৰু বিবাহৰ প্ৰস্তাৱ দিয়ে । লাহে লাহে ঘনিষ্ঠ হৈ শেষত ধাৰলৈ ধন লৈ অন্তৰ্ধান হয় মহাপ্ৰৱঞ্চক দ্বীপজ্যোতি । প্ৰায় ১০ গৰাকী মহিলাৰ পৰা ৪৫-৫০ লাখ টকা প্ৰৱঞ্চনাৰে সৰকাইছিল প্ৰৱঞ্চক দ্বীপজ্যোতিয়ে ।

কেনেকৈ ধৰা পৰিল মহা প্ৰৱঞ্চক দ্বীপজ্যোতি

ঘটনা সন্দৰ্ভত গুৱাহাটী মহানগৰ ডি চি পি মৃণাল ডেকাই কয়, "২০২৪ চনতে এগৰাকী ভুক্তভোগী মহিলাই ভঙাগড় থানাত দ্বীপজ্যোতিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । এজাহাৰৰ ভিত্তিত ১৩৪/২৪ নম্বৰত এটি গোচৰ ৰুজু কৰা হয় । এই গোচৰৰ তদন্ত কৰি সোমবাৰে নিশা গুৱাহাটীৰ গীতানগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় প্ৰৱঞ্চক দ্বীপজ্যোতিক । চাৰে তিনি বছৰ ধৰি দ্বীপজ্যোতিয়ে গুৱাহাটীত থাকি প্ৰৱঞ্চনাৰ জাল পেলাই আহিছিল ।"

তেওঁ লগতে কয়, "বিবাহ বিচ্ছেদ হোৱা ধনৱান মহিলাক টাৰ্গেট কৰি প্ৰৱঞ্চনা কৰিছিল লাহোৱালৰ দ্বীপজ্যোতিয়ে । প্ৰায় ১০ গৰাকী মহিলাক প্ৰৱঞ্চনা কৰি বৰ্তমানলৈ ৪৫ ৰ পৰা ৫০লাখ টকা প্ৰৱঞ্চক দ্বীপজ্যোতিয়ে লুটিছে । এগৰাকী মহিলাৰ পৰা ১৬ লাখ টকা প্ৰৱঞ্চনাৰে লুটিছিল । দ্বীপজ্যোতি বিবাহিত যদিও ভুৱা বিবাহ বিচ্ছেদিত চাৰ্টিফিকেট দেখুওৱাৰ লগতে অ' এন জি চিত চাকৰি কৰা বুলি মহিলাসকলক জালত পেলাই আহিছিল ।"

ডি চি পি মৃণাল ডেকাই কয়, "গুৱাহাটীৰ তিনিটা স্থানত আছে প্ৰৱঞ্চক দ্বীপজ্যোতিৰ ভাৰাঘৰ । গুৱাহাটীত স্থায়ী ঠিকনা নোহোৱাকৈয়ে বন্ধুৰ বিলাসী বাহন লৈ প্ৰেমৰ জাল পেলাই ফুৰিছিল প্ৰৱঞ্চকটোৱে ।"

প্ৰৱঞ্চকটোৰ পৰা AS01-FK-3237 নম্বৰৰ এখন ALCAZAR বাহন জব্দ কৰাৰ লগতে বেংক পাচবুক, চেক, ক্ৰেডিট কাৰ্ড ভঙাগড়ৰ আৰক্ষীয়ে জব্দ কৰিছে ।

লগতে পঢ়ক :ৰিতম সিং জেলত থকাৰ প্ৰতিটো মিনিট, প্ৰতিটো ঘন্টাৰ হিচাপ দিব লাগিব: ভূপেন বৰা - APCC PRESIDENT BHUPEN BORA
লগতে পঢ়ক :চাৰি অসমীয়াক অপহৰণ কৰি মাৰপিট কৰিলে নগাই - ASSAM NAGALAND BORDER CONFLICT