ETV Bharat / state

কেতিয়া দাখিল কৰা হ'ব অভিযোগনামা ? ক'লে মুখ্যমন্ত্ৰীয়ে

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত ভালকৈ হ'ব বুলি পুনৰ আশ্বাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

Assam CM on Chargesheet in Zubeen Garg death case(file Photo)
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অভিযোগনামা সন্দৰ্ভত মুখ্যমন্ত্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 8, 2025 at 8:54 PM IST

3 Min Read
Choose ETV Bharat

মৰাণ : সংগীতৰ মহানায়ক জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অভিযোগনামা কেতিয়া আদালতত দাখিল কৰা হ'ব ? এই বিষয়টোক লৈ সকলোৰে মাজত চলিছে চৰ্চা । এই সন্দৰ্ভত মন্তব্য় কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ডিব্ৰুগড়ৰ লাহোৱালত আজি মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত কেইবাটাও মন্তব্য় কৰিলে ।

তিনি মাহৰ ভিতৰত দাখিল কৰা হ'ব অভিযোগনামা :

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ চলি থকা তদন্ত সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয়, "জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ আমি বদ্ধপৰিকৰ । আমি কাকো ৰেহাই নিদিও । এটাৰ পাছত আন এটাক গ্ৰেপ্তাৰ কৰিছো । অসম পুলিচে নিৰ্ধাৰিত সময়ত অভিযোগনামা দিবলৈ সক্ষম হ'ব । ছিংগাপুৰৰ লোকসকল নহা বাবে আমাৰ কিছু সমস্যা হৈছে । তেওঁলোকক আনিবলৈ আমি ব্যৱস্থা কৰি আছো । অসম চৰকাৰ জুবিন গাৰ্গৰ ঘটনাক লৈ অতি ছিৰিয়াচ, আমি ন্যায় প্ৰদান কৰিম । আদালতৰ মজিয়াত বিচাৰ যাতে সঠিকভাৱে হয় তাৰ বাবে তিনি মাহৰ ভিতৰত আমি অভিযোগনামা দিবলৈ চেষ্টা কৰিম । আমি একেবাৰে নিশ্চিত যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ সক্ষম হ'ম ।"

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অভিযোগনামা সন্দৰ্ভত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

ছিংগাপুৰ আৰক্ষীয়ে প্ৰেৰণ কৰিছে ফৰেনচিক ৰিপ'ৰ্ট :

জুবিন গাৰ্গৰ তদন্ত সম্পৰ্কত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, "অসম আৰক্ষীয়ে ছিংগাপুৰলৈ যাব নোৱাৰে; কিন্তু ছিংগাপুৰ আৰক্ষীয়ে আমাক সহায় কৰিব বুলি আমি নিশ্চিত । অক্টোবৰত দিল্লীত ছিংগাপুৰৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰিম । অসম আৰু ছিংগাপুৰৰ মাজত যি সম্পৰ্ক আছে তাৰ পৰা নিশ্চিত যে ছিংগাপুৰ আৰক্ষীৰ পৰা আমি সহায় পাম । ইতিমধ্যে তেওঁলোকে ফৰেনচিক ৰিপ'ৰ্ট প্ৰেৰণ কৰিছে । অভিযোগনামা দাখিল কৰাত কোনো অসুবিধা নহয় । আমি ছিংগাপুৰ আৰক্ষীৰ পৰা সম্পূৰ্ণ সহযোগিতা পাম ।"

আবেগ আৰু ন্যায় একলগ কৰিলে আদালতৰ পৰা সকলোৱে ৰেহাই পাব:

মুখ্যমন্ত্ৰীয়ে লগতে কয়, " ধৈৰ্যৰ বান্ধ ছিঙি গ'লে ন্যায় কোনোৱে নাপায় । পৰ্যায় ক্ৰমে কোনো ভুল নকৰাকৈ আগবাঢ়ি গ'লে আমি ন্যায় পাম । আৱেগ আৰু ন্যায় দুয়োটা একলগ কৰিলে আদালতৰ পৰা সকলোৱে ৰেহাই পাব । পুলিচে কৌশলেৰে কাম কৰিব লাগিব । আদালতত কেছ হাৰিলে ৰাইজে পুলিচক সমালোচনা কৰিব । তেতিয়া অধিবক্তা সকলেও ক'ব আৰক্ষীয়ে দৌৰা-দৌৰি কৰা বাবে কেছত হাৰিলে ।‌ তদন্ত ভালকৈ হ'ব আৰু তিনিমাহৰ ভিতৰত অভিযোগনামা দিবলৈ সক্ষম হম ।‌"

লগতে পঢ়ক:অৱশেষত হাতকেৰেয়া লাগিল ডি এছ পি সন্দীপন গাৰ্গৰ

মই সঁচাই আছোনে জীয়াই... ? আঙুলিৰ ফাকেৰে সৰকি গ'ল জুবিনবিহীন একুৰি দিন...