ডিব্ৰুগড়: নাৰী নিৰ্যাতন, ধৰ্ষণ আদি ঘটনাক লৈ আৰক্ষী কঠোৰ হোৱা সময়তে পোহৰলৈ আহিল চাঞ্চল্যকৰ দলবদ্ধ ধৰ্ষণৰ আন এটা ঘটনা । ঘটনা পোহৰলৈ অহাৰ লগে লগে আৰক্ষীৰ জালত পৰিল তিনি অভিযুক্ত । এই ঘটনাৰ স্থান চৰাইদেউৰ মথুৰাপুৰ ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তিনি অভিযুক্তক গ্ৰপ্তাৰ কৰিছে ।
অভিযোগ অনুসৰি মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দ'লবাগানত বিগত বৰ্ষৰ ৬ অক্টোবৰত এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰিছিল চাৰি অভিযুক্তই । ভুক্তভোগীক ঘটনা সন্দৰ্ভত মুখ খুলিলে ভয়াৱহ পৰিণতি হোৱাৰ উপৰিও ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰ কৰি দিয়া হ'ব বুলি ভাবুকি দিছিল চাৰি অভিযুক্তই ।
ভয় আৰু লাজত ভুক্তভোগী নাবালিকাগৰাকী মনে মনে আছিল । আনকি ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে নিজৰ পিতৃ-মাতৃকো অৱগত কৰা নাছিল । কিন্তু পৰৱৰ্তী সময়ত ভিডিঅ'টো চাৰি অভিযুক্তই সামাজিক মাধ্যমত দি দিয়াত ভুক্তভোগীগৰাকীৰ পৰিয়ালৰ লোকে এই কথা গম পায় ৷ লগে লগে ভুক্তভোগীৰ পৰিয়ালে ২৭ মে'ত মথুৰাপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।
এই এজাহাৰৰ ভিত্তিত মথুৰাপুৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ৭০(২)/৩৫১(২)/৩(৫) ধাৰাসহ ১৬/২০২৫ নম্বৰত POCSO গোচৰ ৰুজু কৰে । এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই ইতিমধ্যে তিনি অভিযুক্তক গ্ৰপ্তাৰ কৰে ৷ লগতে আন এটা অভিযুক্তক গ্ৰপ্তাৰ কৰাৰ বাবে অভিযান চলাই আছে ৷
- অভিযুক্তকেটাই ভয়-ভাবুকি দিয়া বাবে ভুক্তভোগী পলমকৈ আৰক্ষীৰ ওচৰলৈ আহে :
সমগ্ৰ ঘটনা পোহৰলৈ অহা পাছতেই চৰাইদেউ জিলাত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে । লগতে ভুক্তভোগী নাবালিকাৰ পৰিয়ালে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ।
তিনি অভিযুক্ত আৰক্ষীৰ জালত পৰা পাছতে এই সন্দৰ্ভত জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতি প্ৰসাদ পেগুৱে কয়, "২৭ মে'ত মথুৰাপুৰ থানাত আমি এখন এজাহাৰ লাভ কৰো । এজাহাৰত উল্লেখ আছিল ২০২৪ চনৰ ৬ অক্টোবৰ দিনা দ'লবাগান এলেকাত এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰা হয় । অভিযুক্তকেইটাই ভয় ভাবুকি দিয়া বাবে ভুক্তভোগীয়ে পলমকৈ আৰক্ষীৰ ওচৰলৈ আহিছে ।’’
‘‘অভিযুক্তকেইটাই ধৰ্ষণৰ ঘটনাটো ভিডিঅ' প্ৰস্তুত কৰি নাবালিকাক ভাবুকি দি আহিছিল । কিন্তু কালি সামাজিক মাধ্যমৰ জৰিয়তে ভিডিঅ'টো বিভিন্নজনৰ হাতত পৰিল । ইয়াৰ পাছতে পৰিয়ালে নাবালিকাগৰাকীৰ পৰা সমগ্ৰ ঘটনাৰ বিষয়ে জানিব পাৰি আৰক্ষীক অৱগত কৰে । ঘটনাটো যিহেতু মথুৰাপুৰ থানাৰ এলেকাত হৈছে সেয়ে আমি মথুৰাপুৰ থানাত গোচৰটো ৰুজু কৰিছো ।’’ তেওঁ কয় ৷
‘‘কালি ৰাতি আৰু আজি পুৱাৰ ভিতৰত অভিযুক্তকেইটাৰ ভিতৰত তিনিটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছো । এই গোচৰটোত আৰু এটা জড়িত আছে, তাক বিচাৰি থকা হৈছে । কমলেশ কুমাৰ চাহ, মৃন্ময় সন্দিকৈ, বিৰাজ কটকীক গ্ৰেপ্তাৰ কৰা হৈছে । কমলেশ কুমাৰ চাহ আৰু বিৰাজ কটকীৰ ঘৰ শিমলুগুৰিত । মৃন্ময় সন্দিকৈৰ ঘৰ মথুৰাপুৰত ।’’ পেগুৱে কয় ৷