ETV Bharat / state

গোলাঘাটত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম-মৃত্যু দিৱস পালন

গোলাঘাট জিলা মহিলা সমিতিৰ উদ্যোগত উদযাপন কৰা হয় অসমৰ মহীয়সী নাৰী পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম আৰু মৃত্যু দিৱস ।

Chandraprava Saikiani's birth and death anniversary
গোলাঘাটত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম-মৃত্যু দিৱস পালন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 16, 2025 at 7:55 PM IST

9 Min Read
Choose ETV Bharat

গোলাঘাট: গোলাঘাট জিলা মহিলা সমিতিৰ উদ্যোগত দেওবাৰে পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম-মৃত্যু দিৱস পালন কৰা হয় । গোলাঘাট জিলা মহিলা সমিতিৰ শতবৰ্ষ উদযাপনৰ প্ৰাকক্ষণত গোলাঘাট জিলা মহিলা সমিতিৰ উদ্যোগত শাখাসমূহৰ সহযোগত পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম-মৃত্যু দিৱস পালন কৰা হয় । গোলাঘাট এমেচাৰ হলৰ প্ৰেক্ষাগৃহত জিলা মহিলা সমিতিৰ সভাপতি জুৰি দাস ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ প্ৰদান কৰে গোলাঘাট জিলা মহিলা সমিতিৰ যুটীয়া সম্পাদক ৰূপা শইকীয়াই ।

বিশিষ্ট লেখক, নিবন্ধকাৰ ডাঃ অজিত বৰুৱাই সভাৰ শুভ উদ্বোধন কৰি স্বাধীনতা সংগ্ৰামী, সমাজসেৱী, সাহিত্যসেৱী পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিৰল ব্যক্তিত্ব আৰু গৌৰৱময় জীৱন পৰিক্ৰমাৰ বিষয়ে বিস্তৃতভাৱে আলোকপাত কৰে । উদ্বোধনী ভাষণত তেওঁ কয়, "১০০ বছৰ পূৰ্বে এইখন অসমত জন্মলাভ কৰা সাহসী মহিলা, নাৰীবাদৰ প্ৰকৃত পথ প্ৰদৰ্শক চন্দ্ৰপ্ৰভা শইকীয়ানীৰ দৰে মহীয়সী নাৰীৰ জীৱনটোক যেন আজিও গভীৰভাৱে চিন্তা কৰি চোৱাৰ অৱকাশ হোৱা নাই । ভাৰতীয় সাহিত্যত বহু নাৰী চৰিত্ৰ সৃষ্টি হৈছে, কিন্তু বৰ্তমানলৈকে এনে জীৱন্ত চৰিত্ৰ সাহিত্যত উপযুক্তভাৱে সৃষ্টি হোৱা নাই ।"

চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম-মৃত্যু দিৱস পালন (ETV Bharat)

পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীক কেৱল নাৰীবাদতে আৱদ্ধ কৰি ৰাখিছে নাইবা মহিলা সমিতিৰ জন্মদাতা হিচাপেই চৰ্চিত হৈছে বুলি মন্তব্য কৰি চন্দ্ৰপ্ৰভা শইকীয়ানীক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ নাৰী হিচাপে তেওঁ আখ্যা দিয়ে । সভাত গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয় সহযোগী অধ্যাপক ড° জ্যোৰ্তিময়ী ভট্টাচাৰ্যই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি চন্দ্ৰপ্ৰভা শইকীয়াৰ বৰ্ণিল জীৱন আৰু কৰ্মৰ বিষয়ে সাৱলীলভাৱে আলোকপাত কৰে । সভাত গোলাঘাট পৌৰসভাৰ পৌৰপতি দুলুমণি বৰবৰা, প্ৰবীণ সাংবাদিক দ্বীপেন দত্ত, জ্যেষ্ঠ সাংবাদিক তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া দিগন্ত কুমাৰ ভূঞা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ।

Chandraprava Saikiani's birth and death anniversary
পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী (ETV Bharat)

পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয় প্ৰাক্তন অধ্যাপক লনী ফুকনে । স্মৃতি তৰ্পণ কৰে গোলাঘাট শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অনু খনিকৰে । অনুষ্ঠানত গোলাঘাট জিলা মহিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে । কাৰ্যসূচীৰ আৰম্ভণিতে ৰূপা শইকীয়াৰ ৰচনাৰে মহিলা সমিতিৰ শিল্পীসকলে পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ ওপৰত পৰিৱেশন কৰা সমবেত সংগীতে পৰিৱেশ মুখৰিত কৰি তোলে । এই সন্দৰ্ভত ৰূপা শইকীয়াই কয়,"পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম আৰু মৃত্যু দিৱস উদযাপন কৰিছো । নাৰী মুক্তি আন্দোলনৰ প্ৰথম আৰু প্ৰধান আছিল পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী ।"

Chandraprava Saikiani's birth and death anniversary
চন্দ্ৰপ্ৰভা শইকীয়ানীৰ স্মৃতিত ডাক টিকত (ETV Bharat)

চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম আৰু শৈশৱ

১৯০১ চনৰ ১৬ মাৰ্চত বৰ্তমানৰ বজালী জিলাৰ দৈশিঙৰী গাঁৱত জন্মগ্ৰহণ কৰে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে । তেওঁৰ পিতৃৰ নাম ৰাতিৰাম মজুমদাৰ আৰু মাতৃ আছিল গংগাপ্ৰিয়া মজুমদাৰ । চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে জন্মগ্ৰহণ কৰা গাঁৱত কোনো শিক্ষানুষ্ঠান নথকাৰ বাবে ভগ্নীৰ সৈতে তেওঁক ভালুকী গাঁৱত থকা মাহীয়েকৰ ঘৰত প্ৰাথমিক শিক্ষাগ্ৰহণ কৰিবলৈ পঠিয়াই দিয়ে পিতৃ-মাতৃয়ে । এঘাৰ বছৰ বয়সত চন্দ্ৰপ্ৰভাই প্ৰাথমিক শিক্ষা সমাপ্ত কৰে । চন্দ্ৰপ্ৰভা শইকীয়ানীৰ শিক্ষাগ্ৰহণৰ সময়ছোৱাত মেধাৰ ভিত্তিত প্ৰধান শিক্ষকে সেই সময়ত তেওঁক ৰূপৰ পদকেৰে সন্মানিত কৰিছিল । উচ্চ শিক্ষাৰ হাবিয়াস থকাৰ পাছতো কোনো উপায় নাপাই পিতৃ-মাতৃৰ অনুমতি লৈ দৈশিঙৰী গাঁৱৰ কাষৰে অকয়া গাঁৱত চন্দ্ৰপ্ৰভাই সেই শিক্ষাকে সাৰথি কৰি এখনি বালিকা বিদ্যালয় গঢ়ি তোলে ।

Chandraprava Saikiani's birth and death anniversary
চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম-মৃত্যু দিৱস পালন (ETV Bharat)

কিন্তু ১৯১৪ চনত তেতিয়াৰ স্কুল পৰিদৰ্শক নীলকান্ত বৰুৱাৰ চকুত কথাটো পৰাত তেওঁ চন্দ্ৰপ্ৰভাক নগাঁৱৰ মিছন স্কুলত পঢ়াৰ পৰামৰ্শ দিয়ে আৰু দুয়ো ভনী ১৯১৫ চনত নগাঁৱত শিক্ষাজীৱন আৰম্ভ কৰে । সেই সময়তে স্কুলৰ উপ-পৰিদৰ্শক নীলকান্ত বৰুৱাই চন্দ্ৰপ্ৰভা আৰু ৰামেশ্বৰীৰ পঢ়াৰ প্ৰতি থকা ধাউতি দেখি বৃত্তি দিয়াই নগাঁৱৰ মিছন স্কুলত পঢ়াৰ সুবিধা কৰি দিয়ে । নগাঁৱৰ মিছন স্কুলত শিক্ষা আৰম্ভ কৰিয়েই চন্দ্ৰপ্ৰভাই তেওঁৰ বিপ্লবী জীৱনৰ আৰম্ভণি কৰিছিল বুলিব পাৰি । মিশ্যন স্কুলত এটা ঘটনা ঘটিছিল । স্কুলত দুয়ো বাই-ভনীক হিন্দু ধৰ্মাৱলম্বী হোৱা বাবে ছাত্ৰীনিবাসৰ এটা সৰু কোঠাত থাকিবলৈ দিছিল ।

প্ৰথমাৱস্থাত বিশেষ একো ভবা নাছিল যদিও পিছত আন এগৰাকী হিন্দু ধৰ্মাৱলম্বী ছোৱালী স্কুলত ভৰ্তি হোৱাত থকা ঠাইৰ অভাৱ দেখুৱাই তেওঁক নিবাসৰ গুদাম ঘৰত থাকিবলৈ দিছিল । খ্ৰীষ্টান ধৰ্ম লোৱাহেঁতেন তেওঁলোক আটাইয়ে আনৰ লগত একেলগে ভাল কোঠাত থাকিবলৈ পালেহেঁতেন বুলি কথাটো জানিবলৈ পাই স্কুলৰ সকলো ছোৱালীকে একগোট কৰি এই অন্যায়ৰ বিৰুদ্ধে মাত মাতিলে আৰু নিবাসৰ দায়িত্বত থকা মিছ লঙক তেওঁৰ এই পক্ষপাতমূলক ব্যৱস্থা উঠাই ল'বলৈ বাধ্য কৰালে । এয়া আছিল চন্দ্ৰপ্ৰভাৰ প্ৰথম বিদ্ৰোহ আৰু তাৰ সফলতা ।

Chandraprava Saikiani's birth and death anniversary
চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম-মৃত্যু দিৱস পালন (ETV Bharat)

কৰ্মজীৱন

১৯১৮ চনত পঢ়া শেষ কৰি চন্দ্ৰপ্ৰভাই নগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়তে প্ৰথমে কৰ্মজীৱন আৰম্ভ কৰে । ইয়াৰ পাছত তেজপুৰৰ এখন মজলীয়া স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে নিযুক্তি লাভ কৰে । এইখিনি সময়তে তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালা, অমিয় কুমাৰ দাস আদি স্বাধীনতা সংগ্ৰামীসকলক লগ পায় । স্বেচ্ছাসেৱক বাহিনীৰ অধিনায়ক জ্যোতিপ্ৰসাদ আগৰৱালাই চন্দ্ৰপ্ৰভাক স্বেচ্ছাসেৱিকাসকলৰ 'কুচকাৱাজ' শিকোৱাৰ দায়িত্ব দিছিল । তেতিয়াৰ পৰাই চন্দ্ৰপ্ৰভাই বিভিন্ন সামাজিক কামত মনোযোগ দিবলৈ আৰম্ভ কৰে । ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দিয়াৰ লগতে তেওঁ নাৰী জাগৰণৰ বাবে কাম কৰিছিল । পৰ্দাপ্ৰথা, পতিতাবৃত্তি আৰু দেৱদাসী প্ৰথা নিবৃত্তিও এই নাৰী কল্যাণৰ কামসমূহৰ অন্তৰ্গত আছিল ।

তেওঁ অসমত মহিলা সমিতি গঠন কৰি মহিলাৰ সামাজিক মৰ্যাদা আৰু সন্মানৰ বাবে সংগঠিত ৰূপত কাম কৰিবলৈ আৰম্ভ কৰিছিল । অসম মহিলা সমিতিৰ সম্পাদিকা হিচাপে ৭ বছৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল । কেৱল স্ত্ৰী-শিক্ষা আৰু নাৰীৰ সংস্থাপনৰ বাবে কাম নকৰি তেওঁ শিশু-কল্যাণ আৰু শাৰীৰিকভাৱে অক্ষম লোকৰ হকেও কাম কৰিছিল । কুটিৰ শিল্প স্থাপন, মাদক দ্ৰব্য নিবাৰণ, নাৰ্ছাৰী স্কুল আৰু পুথিভঁৰাল স্থাপন, বোৱা-কটা কেন্দ্ৰ, চিলাই প্ৰশিক্ষণ কেন্দ্ৰ, কাৰ্পেট বোৱা আৰু মৰাপাটৰ সামগ্ৰী তৈয়াৰ কৰাৰ প্ৰশিক্ষণ কেন্দ্ৰ আদি স্থাপন কৰি তেওঁ সমাজৰ উন্নতিৰ হকে যথেষ্ট কাম কৰিছিল ।

Chandraprava Saikiani's birth and death anniversary
চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম-মৃত্যু দিৱস পালন (ETV Bharat)

১৯২০ চনত তেজপুৰত বহা অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ কানিৰ বিৰুদ্ধে অগ্নিগৰ্ভা ভাষণ দিছিল । ১৯২৫ চনত ৰজনীকান্ত বৰদলৈৰ সভাপতিত্বত বহা নগাঁও অধিৱেশনত মহিলাসকলক স্বাধীনতা যুঁজৰ সেনানী হ'বলৈ আহ্বান জনাইছিল । ইয়াৰ ফলশ্ৰুতিৰূপে অসম মহিলা সমিতি গঠন হয় আৰু চন্দ্ৰপ্ৰভাই এই সমিতিৰ সম্পাদিকাৰ কাৰ্যভাৰ গ্ৰহণ কৰে । একেৰাহে সাত বছৰ তেওঁ এই পদবীত আছিল । ভাৰতৰ স্বাধীনতা আন্দোলনত যোগ দি চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে ১৯২৩ চনত আৰু ১৯৪৩ চনত দুবাৰ কাৰাবাস খাটিছিল । তেওঁ কিছু সময়ৰ বাবে কৃষক সভাৰো সভানেত্ৰী আছিল । ১৯৫৭ চনত তেওঁ বজালী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰূপে অৱতীৰ্ণ হৈ নিৰ্বাচন পৰাজিত হয় । ১৯৬৯ চনৰ পৰা স্বাস্থ্যৰ অৱনতি হোৱাত তেওঁ সামাজিক কাৰ্যকলাপৰ পৰা অব্যাহতি লয় । ১৯৪৫ চনত মহাত্মা গান্ধী আৰু ১৯৬৩ চনত বিনোৱা ভাবে অসমলৈ আহোতে চন্দ্ৰপ্ৰভাই তেওঁলোকৰ ভ্ৰমণত সংগ দিছিল ।

সাহিত্য

চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে তেওঁৰ জীৱনকালত তিনিখন উপন্যাস লিখিছিল যদিও 'পিতৃভিঠা' নামৰ উপন্যাসখনেহে প্ৰকাশৰ মুখ দেখিছিল । বাকী 'শেষ আশ্ৰয়' আৰু 'অপৰাজিতা' অসম্পূৰ্ণ ৰূপত উদ্ধাৰ হয় । ইয়াৰ ভিতৰত 'পিতৃভিঠা' উপন্যাসখন নাৰীবাদী উপন্যাসৰূপে বহুচৰ্চিত । উপন্যাসৰ উপৰিও তেওঁ গল্প, নাটক আৰু কবিতাও লিখিছিল । 'মোৰ কবিতা' তেওঁৰ কবিতা পুথি । অসম প্ৰাদেশিক মহিলা সমিতিৰ অস্পৃশ্যতা নিবাৰণ বিভাগে প্ৰকাশ কৰা 'মুক্ত মানৱ' কবিতা সংকলনতো তেওঁৰ কিছু কবিতা আছে । 'অভিযান' আৰু 'অভিযাত্ৰী' আলোচনীৰ তেওঁ সম্পাদিকা আছিল আৰু গান্ধীজীয়ে অস্পৃশ্যতা নিবাৰণৰ ওপৰত দিয়া সকলো ভাষণ, কিতাপ, প্ৰবন্ধ অনুবাদ কৰি দুয়োখন আলোচনীতে প্ৰকাশ কৰিছিল ।

প্ৰেম আৰু বিবাহ

তেজপুৰত থকা কালতে চন্দ্ৰপ্ৰভাই সাহিত্যিক দণ্ডিনাথ কলিতাক লগ পায় । দুয়ো দুয়োৰে প্ৰতি আকৰ্ষিত হয় আৰু প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে । কিন্তু ৰক্ষণশীল সমাজৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ এই প্ৰেমক স্বীকৃতি নিদিলে । ফলত গন্ধৰ্ব প্ৰথা মতে চন্দ্ৰপ্ৰভা সাহিত্যিক দণ্ডিনাথ কলিতাৰ লগত বিয়া হয় । কিন্তু সমাজে এই বিয়াকো স্বীকৃতি দিয়া নাছিল । দণ্ডিনাথ কলিতা সমাজৰ ওচৰত হাৰ মানি আঁতৰি গ'ল, কিন্তু তেওঁলোকৰ মিলনত এটি পুত্ৰ সন্তান জন্ম হ'ল । সাহসিকতাৰে তেওঁ বিবাহ বহিৰ্ভূত সন্তানক জন্ম দিলে আৰু অকলেই ল'ৰাটিক ডাঙৰ দীঘল কৰাৰ সংকল্প লৈ পুনৰ বজালীলৈ উভতি যায় ।

Chandraprava Saikiani's birth and death anniversary
চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম-মৃত্যু দিৱস পালন (ETV Bharat)

মৃত্যু আৰু সন্মান প্ৰদান

১৯৬৯ চনৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটাত শইকীয়ানী সামাজিক কাম-কাজৰ পৰা অব্যাহতি লয় । ১৯৭২ চনৰ ১৬ মাৰ্চত কৰ্কট ৰোগত আক্ৰান্ত হৈ গুৱাহাটীতে তেওঁ মৃত্যুক আঁকোৱালি লয় । মৃত্যুৰ কেইমাহমান পূৰ্বে ভাৰত চৰকাৰে তেওঁক ১৯৭২ চনত পদ্মশ্ৰী সন্মান প্ৰদান কৰে । ২০০২ চনত ডাক বিভাগৰ অধীনত যেতিয়া সমাজ সংস্কাৰকসকলৰ নামেৰে স্মাৰক ডাক টিকট জাৰী কৰা হৈছিল, তেতিয়া তেওঁৰ নামতো এটা ডাক টিকট জাৰী কৰি তেওঁক সন্মানিত কৰা হৈছিল । উত্তৰ-পূব ভাৰতত মহিলা শিক্ষাৰ প্ৰচাৰৰ বাবে ২০০৯ চনত গুৱাহাটীৰ চৰকাৰী ছাত্ৰী পলিটেকনিক তেওঁৰ নামেৰে নামকৰণ কৰা হৈছিল । তাৰ বাহিৰেও তেজপুৰ বিশ্ববিদ্যালয়ে তেওঁৰ নামত চন্দ্ৰপ্ৰভা শইকীয়ানী মহিলা অধ্যয়ন কেন্দ্ৰ স্থাপন কৰিছিল ।

লগতে পঢ়ক :বৰপেটাৰ অতি জনপ্ৰিয় ৰাঙা ডিমা, আলু ভাজা আচলতে কি ? - BARPETA POPULAR FOOD ITEMS