ETV Bharat / state

প্ৰাদেশিক মহিলা সমিতিৰ উদ্যোগত কাৰ্বি আংলঙত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ স্মৃতি দিৱস পালন

Chandraprabha Saikiani memorial day observed: প্ৰাদেশিক মহিলা সমিতিৰ কাৰ্বি আংলং জিলা মহিলা সমিতিৰ উদ্যোগত 16 মাৰ্চৰ দিনা পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ স্মৃতি দিৱস পালন কৰা হয় ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ডীন ড° এ ইৰনাচ চানুৱে ৷

Chandraprabha Saikiani memorial day observed in Karbi Anglong
প্ৰাদেশিক মহিলা সমিতিৰ উদ্যোগত কাৰ্বি আংলঙত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ স্মৃতি দিৱস পালন
author img

By ETV Bharat Assamese Team

Published : March 17, 2024 at 10:21 AM IST

2 Min Read
Choose ETV Bharat

ডিফু, 17 মাৰ্চ: অসম প্ৰাদেশিক মহিলা সমিতিয়ে কালি অৰ্থাৎ 16 মাৰ্চৰ দিনা পালন কৰে সংগ্ৰামী সত্বা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ স্মৃতি দিৱস ৷ প্ৰাদেশিক মহিলা সমিতিৰ কাৰ্বি আংলং জিলা মহিলা সমিতিৰ উদ্যোগত পালন কৰা হয় এই স্মৃতি দিৱস ৷

দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা বিশেষ অনুষ্ঠানটিত জিলা মহিলা সমিতিৰ সভানেত্ৰী খিৰলা টেৰণপীৰ সভাপতিত্বত আয়োজন কৰা হয় এখন মুকলি সভা ৷ এই সভাত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ডীন ড° এ ইৰনাচ চানুৱে অংশগ্ৰহণ কৰি নাৰীক আত্মনিৰ্ভৰশীল হোৱাৰ বাবে আহ্বান জনায় ৷ শিক্ষাই নতুনত্বৰ সন্ধান দিয়ে বুলি উল্লেখ কৰি চানুৱে সকলো নাৰী শিক্ষিত আৰু আত্মনিৰ্ভৰশীল হ’লে পুৰুষতান্ত্ৰিক সমাজখনত আত্মমৰ্যাদাৰে নাৰীয়ে আগবাঢ়ি যাব পাৰিব বুলি কয় ৷ নিৰ্দিষ্ট বক্তাৰূপে স্মৃতি দিৱসটিত উপস্থিত থাকি লেখিকা তথা কাৰ্বি আংলং জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা স্বৰ্ণালী গগৈয়ে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন দৰ্শন আৰু সংগ্ৰাম সন্দৰ্ভত বক্তৃতা আগবঢ়ায় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

সভাত গগৈয়ে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ দ্বাৰা ৰচিত এটি কবিতাও সভাত পাঠ কৰে ৷ বিশিষ্ট অতিথি হিচাবে সভাত উপস্থিত থাকে ৰেণু তেৰাংপী ৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অজন্তা চুতীয়াই কয়, "চন্দ্ৰপ্ৰভা শইকীয়ানী এগৰাকী সমাজ সংস্কাৰক আছিল ৷ তেওঁ নিজেও অতি কষ্টৰে শিক্ষা গ্ৰহণ কৰিছিল আৰু সমাজৰ সকলো নাৰীকে শিক্ষিত কৰাৰ বাবে কাম কৰিছিল ৷" এই বিশেষ অনুষ্ঠানটোতে লেখিকা তথা কাৰ্বি আংলং জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সাবিত্ৰী গগৈক তেওঁৰ সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে জিলা মহিলা সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে ৷

এই সভাতে 8 মাৰ্চৰ নাৰী দিৱস উপলক্ষে মহিলা সমিতিয়ে আয়োজন কৰা চিঠি লিখা প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত কামিনী বড়ো, মুন মহন্ত আৰু কান্তা বৰুৱাৰ লগতে ৰাণু শইকীয়া ক্ৰ’পীক পুৰস্কাৰ প্ৰদান কৰা হয় ৷ এই সভাতে অধ্যাপক চানুৱে চন্দ্ৰপ্ৰভা শইকীয়াৰ জীৱনৰ ওপৰত অসম ভিত্তিত প্ৰবন্ধ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ জিলা মহিলা সমিতিক অনুৰোধ কৰে ৷

উল্লেখ্য যে, অসমৰ এগৰাকী সাহসী আৰু সংগ্ৰামী নাৰী আছিল চন্দ্ৰপ্ৰভা শইকীয়ানী ৷ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম আৰু মৃত্যু একেটা দিনতেই আছিল ৷ 1926 চনত শইকীয়ানীৰ উদ্যোগত গঠন হৈছিল অসম প্ৰাদেশিক মহিলা সমিতি ৷

লগতে পঢ়ক: কাৰ্বি আংলঙৰ খেৰনিত উচ্ছেদৰ জাননী : ৰাজ্য চৰকাৰে কৰিব নোৱাৰে হস্তক্ষেপ