ETV Bharat / state

পুৰণ হ’ব মাজুলীয়ালৰ সপোন ! মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ নিবিদা লাভ কৰিছে SP ছিংলাই

মাজুলীবাসীৰ বাবে ভাল খবৰ ৷ পুনৰ আৰম্ভ হ’ব মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণৰ কাম ৷ SP ছিংলা নামৰ প্ৰতিষ্ঠানে লাভ কৰিছে নিবিদা ৷

MAJULI JORHAT BRIDGE
পুনৰ আৰম্ভ হ’ব মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণৰ কাম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 9, 2025 at 12:15 PM IST

3 Min Read
Choose ETV Bharat

মাজুলী : মাজুলীয়ালৰ বাবে আহিছে এক আশাৰ বতৰা ৷ সম্ভৱতঃ অতি সোনকালেই পুনৰ আৰম্ভ হ’ব যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম ৷ শেহতীয়াকৈ জানিব পৰা মতে, SP ছিংলা নামৰ প্ৰতিষ্ঠানে এই দলং নিৰ্মাণৰ কামৰ বাবে নতুনকৈ নিবিদা লাভ কৰিছে ৷ এই কথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই X-যোগে এই কথা সদৰী কৰিছে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে X-যোগে এই বিষয়ে উল্লেখ কৰাৰ পাছতে মাজুলীবাসীয়ে এতিয়া আশাৰ ৰেঙণি দেখা পাইছে । মুখ্যমন্ত্ৰীগৰাকীৰ এই বাতৰিৰ পাছতেই উৎফুল্লিত হৈ পৰিছে মাজুলীৰ প্ৰতিজন লোক ।

পুনৰ আৰম্ভ হ’ব মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণৰ কাম (ETV Bharat Assam)

যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম সন্দৰ্ভত মাজুলীৰ বিধায়ক ভূৱন গামে কয়, ‘‘মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য বন্ধ হোৱাত আকৌ এই দলঙৰ কাম আৰম্ভ নহ’ব বুলি মাজুলাবাসীয়ে ভয় খাইছিল ৷ কিন্তু বিজেপি চৰকাৰে যি কথা দিয়ে সেই মতে কাম কৰে ।’’

তেওঁ কয়, ‘‘SP ছিংলা নামৰ প্ৰতিষ্ঠানে নতুনকৈ লাভ কৰিছে এই দলং নিৰ্মাণৰ কাম । মুখ্যমন্ত্ৰীগৰাকীয়ে সোনকালে দলঙৰ কাম পুনৰ আৰম্ভ হ’ব বুলি জানিবলৈ দিছে, যিটো মাজুলীবাসীৰ বাবে এটা ভাল খবৰ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপৰ বাবে তেওঁক ধন্যবাদ জনাইছো ৷’’

উল্লেখ্য যে, মাজুলীৰ দুই লক্ষাধিক জনসাধাৰণৰ সপোন এই যোৰহাট মাজুলী সংযোগী দলং । মাজুলীবাসীয়ে দীৰ্ঘদিন ধৰি এই দলঙৰ দাবী কৰি আহিছিল । মাজুলীবাসীৰ বহু প্ৰত্যাশিত মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম যোৱা ২০২১ চনৰ ২৯ নৱেম্বৰত আৰম্ভ হৈছিল । সেই দিন ধৰি মাজুলীত এক নতুন দিগন্তৰ সূচনা হৈছিল ।

দলংখনৰ ঠিকা লাভ কৰিছিল ইউ পি ষ্টেট ব্ৰীজ কৰ্পৰেচন নামৰ এটা প্ৰতিষ্ঠানে । সেই সময়ত ধাৰ্য কৰা ৯২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া দলংখনৰ দৈৰ্ঘ আছিল ৮ কিলোমিটাৰ আৰু মুঠ খুঁটাৰ সংখ্যা আছিল ৭২ টা ৷

Majuli Jorhat bridge
মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণৰ কাম (ETV Bharat Assam)

ইউ পি ষ্টেট ব্ৰীজ কৰ্পৰেচনৰ পৰা দলংখনৰ নিৰ্মাণৰ কাম উপ ঠিকা হিচাপে লৈ ব্ৰদী ৰায় এণ্ড কোম্পানীয়ে দলঙৰ কাম কৰিছিল । যুটীয়া নিৰ্মাণকাৰী সংস্থাৰ আভ্যন্তৰীণ কন্দলৰ বাবে বন্ধ হৈ পৰিছিল মাজুলীবাসীৰ সপোনৰ দলংখনৰ নিৰ্মাণ কাৰ্য । আজি এবছৰে দলং নিৰ্মাণ স্থলীত নিমাও মাও পৰিৱেশে বিৰাজ কৰিছিল ।

Majuli Jorhat bridge
মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণৰ কাম (ETV Bharat Assam)

ইয়াৰ মাজতে মাজুলীবাসীৰ বাবে আহিল আশাৰ বতৰা । মাজুলী-যোৰহাট সংযোগী দলঙৰ অৱশিষ্ট কাম সম্পূৰ্ণ কৰাৰ বাবে Letter of Acceptance অৰ্থাৎ গ্ৰহণযোগ্যতা পত্ৰ জাৰি কৰা হৈছে । ইয়াৰ জৰিয়তে প্ৰকল্পটোৰ কাম পুনৰ আৰম্ভ কৰাৰ পথ প্ৰশস্ত হোৱাৰ কথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত উল্লেখ কৰিছে ।

লগতে পঢ়ক : দলঙৰ নিবিদা মুকলি মাজুলীবাসীৰ বাবে আশাৰ খবৰ : জনাৰ্দন দেৱগোস্বামী