ETV Bharat / state

সমাজ সংস্কাৰক বিৰুৱালা ৰাভাৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল - Padmashree Birubala Rabha

Activist Birubala Rabha: গোৱালপাৰা ঠাকুৰবিলাত প্ৰয়াত পদ্মশ্ৰী বিৰুবালা ৰাভাৰ বাসগৃহত প্রাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । প্ৰয়াত ৰাভাৰ পৰিয়ালৰ সৈতে মতবিনিময় সোণোৱালৰ ।

Central minister sarbananda sonowal at residence of Activist Birubala Rabha in goalpara
পদ্মশ্ৰী বিৰুবালা ৰাভাৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 28, 2024 at 9:08 PM IST

|

Updated : May 28, 2024 at 9:26 PM IST

2 Min Read
Choose ETV Bharat

গোৱালপাৰা, 28 মে’: অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে আজীৱন সংগ্ৰাম চলোৱা পদ্মশ্ৰী প্ৰয়াত বিৰুবালা ৰাভাৰ বাসগৃহত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । প্ৰয়াত ৰাভাৰ পৰিয়ালৰ খবৰ ল’বলৈ সোণোৱালৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰীগৰাকী ।

পদ্মশ্ৰী বিৰুবালা ৰাভাৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Etv bharat assam)

অসম-মেঘালয় সীমান্তৱৰ্তী ঠাকুৰবিলা গাৱঁত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰয়াত বিৰুৱালা ৰাভাৰ দুই সন্তানৰ সৈতে মতবিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । পৰিয়ালৰ সৈতে মতবিনিময় কৰাৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয়, "অসমৰ জাতীয় জীৱনৰ তথা আমাৰ সকলোৰে মৰমৰ প্ৰয়াত বিৰুবালা ৰাভাই জীৱিত কালছোৱাত কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে যি নিৰ্ভীকতাৰে যুঁজ দি সমাজখনলৈ নতুন সামাজিক চেতনা দি গ’ল তাৰ বাবে বিৰুৱালা ৰাভা সদায় চিৰস্মৰণীয় হৈ থাকিব । আমাৰ আদৰৰ হৈ থকাৰ লগতে আদৰ্শ হৈ থাকিব ।"

মন্ত্ৰীগৰাকীয়ে লগতে আৰু কয়, "মই যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হৈ আছিলো তেতিয়া বিৰুৱালা ৰাভাই বহুবাৰ মোৰ ওচৰলৈ গৈছিল আৰু ময়ো বাইদেউৰ ওচৰলৈ কেবাবাৰো আহিছিলো । বাইদেউৰ সৈতে বহু কথাৰ মত-বিনিময় হৈছিল ৷ জীৱনৰ বহু অভিজ্ঞতাৰ কথা আমাক জনাইছিল । জীৱিতকালত সমাজৰ বাবে আৰু দেশৰ বাবে যিমানবোৰ মহৎ কাম কৰিছিল তাৰ স্বীকৃতিৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সৰ্বোচ্চ অসামৰিক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল প্ৰয়াত বিৰুৱালা ৰাভাক । প্ৰয়াত বিৰুবালা ৰাভাই মহিলা সৱলীকৰণ কৰাৰ ক্ষেত্ৰতো শক্তিশালী ভূমিকা লৈছিল । গতিকে বিৰুৱালা ৰাভা সদায় অমৰ হৈ থাকিব ।"

বিৰুৱালা ৰাভাৰ আদৰ্শ জীয়াই ৰখাৰ বাবে বিৰুৱালা ৰাভাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

সমান্তৰালভাবে 4 জুনৰ ঘোষণা হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, "এইবাৰ নিৰ্বাচনত বিজেপিয়ে 12 খনকৈ আসন লাভ কৰিব । বিৰোধীয়ে লোকসভা নিৰ্বাচনত বেয়াকৈ হৰাৰ ভয়ত ই ভি এম সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে ।"

লগতে পঢ়ক: ৰাজ্যিক মৰ্যাদাৰে বিদায় পদ্মশ্ৰী বিৰুবালা ৰাভাক - Funeral of Birubala Rabha

Last Updated : May 28, 2024 at 9:26 PM IST