সুলভ মূূল্যৰ ব্যৱসায়ীৰ কমিছনৰ ১৮০ কোটি টকা মুকলি : ৰণজিৎ কুমাৰ দাস - air price shop owner
Appeal of Ranjit Kumar Das : ফল দিলে আন্দোলনে ৷ অৱশেষত চৰকাৰে মুকলি কৰি দিবলৈ বাধ্য হ’ল ৰাজ্যৰ সুলভ মূল্যৰ ব্যৱসায়ীসকলে কমিছনৰ বাবদ পাবলগীয়া ধন ৷ আন্দোলন পৰিহাৰ কৰিবলৈ আহ্বান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ।

Published : July 16, 2024 at 7:51 PM IST
গুৱাহাটী, ১৬ জুলাই : ৰাজ্যৰ সুলভ মূল্যৰ দোকানীসকলৰ আন্দোলনৰ ওচৰত সেও মানিলে চৰকাৰে ৷ ৰাজ্যৰ আন্দোলনৰত সুলভ মূল্যৰ দোকানীৰ দাবী অনুসৰি অৱশেষত কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিবলৈ বাধ্য হ’ল ব্যৱসায়ীসকলে কমিছনৰ বাবদ পাবলগীয়া প্ৰায় ১৮০ কোটি টকা ৷ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সদৰী কৰিছে এই কথা ।
মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়,“ অতি আনন্দ সহকাৰে জনাব বিচাৰো যে ভাৰত চৰকাৰে অসমৰ সুলভ মূল্যৰ ব্যৱসায়ীসকলে চাউল বিক্ৰীৰ বাবদ পাবলগীয়া কমিছনৰ প্ৰায় ১৮০ কোটি টকাতকৈ অধিক পৰিমাণৰ ধন ইতিমধ্যে মুকলি কৰি দিছে ৷” সুলভ মূল্যৰ দোকানীসকলে কিয় নিজৰ প্ৰাপ্য পোৱা নাছিল সেই কথাও সদৰী কৰিলে মন্ত্ৰীগৰাকীয়ে ৷ লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী আচৰণবিধিৰ বাবে চৰকাৰে ধনখিনি মোকলাই দিব পৰা নাছিল বুলি মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । তেওঁ কয়," যিহেতু কেন্দ্ৰীয় চৰকাৰে ধনখিনি মোকলাই দিছে সেয়ে ৰাজ্য চৰকাৰে দুই-তিনিদিনৰ ভিতৰত জিলা আয়ুক্ত সকললৈ ধনখিনি পোৱাৰ ব্যৱস্থা কৰিব । " লগতে নিজৰ প্ৰাপ্য বিচাৰি গুৱাহাটীৰ চচলত আন্দোলন কৰি থকা সুলভ মূল্যৰ দোকানীসকলক আন্দোলন পৰিহাৰ কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয়, “মই বিভাগীয় মন্ত্ৰী হিচাবে অসমৰ সুলভ মূল্যৰ ব্যৱসায়ীসকলক তেওঁলোকে কৰি থকা আন্দোলন পৰিহাৰ কৰিবলৈ আহ্বান জনাইছো ৷”

উল্লেখযোগ্য যে নিজৰ প্ৰাপ্য নাপালে অহা আগষ্টৰ পৰা অসমত খাদ্য সুৰক্ষাৰ বিনামূলীয়া চাউল বিতৰণ বন্ধ কৰাৰ হুংকাৰ দিছিল সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাই ৷ যোৱা ছমাহ ধৰি চৰকাৰে সুলভ মূল্যৰ ব্যৱসায়ী সকলক কোনো পাৰিশ্ৰমিক নিদিয়াৰ অভিযোগ তুলি সোমবাৰে গুৱাহাটী মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত তিনিদিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আৰম্ভ কৰে ।
কি কি দাবী আছিল সুলভ মূল্যৰ দোকানীৰ ?
সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাই ন্য়ায্য় প্ৰাপ্তিৰ দাবী তুলি আহিছিল কেইবামাহো ধৰি । তাৰ ভিতৰত ২০১৫ চনৰ ডিচেম্বৰৰ পৰা ২০১৯ চনৰ মার্চলৈ প্রতি কুইণ্টলত ৪২.৯০ টকা প্রাপ্য বকেয়া আৰু কমিছন আদায় দিয়া, ২০২৪ৰ ফেব্ৰুৱাৰীৰ পৰা জুলাইলৈকে মুঠ ৬ মাহৰ প্ৰাপ্য কমিছন আদায় দিয়াৰ দাবী জনাইছিল । তদুপৰি প্রতি কুইণ্টল চাউলত ৩০০ টকালৈ কমিছন বৃদ্ধি কৰা , মাহেকীয়া পাৰিতোষিক ৩০ হেজাৰ টকা নিশ্চিত কৰা, প্ৰতি মাহৰ কমিছন প্ৰতি মাহে আদায় দিয়া, সুলভ মূল্যত পুনৰ চেনি যোগান ধৰাৰ ব্যৱস্থা কৰাৰো দাবী জনাই আহিছিল । তদুপৰি অত্যাৱশ্যকীয় নিত্য প্রয়োজনীয় সামগ্রী সুলভ মূল্যত যোগান ধৰাৰ লগতে মেচিনৰ দ্বাৰা চাউল বিতৰণ কৰাৰ বাবদ প্রতি কুইন্টলত ২৬টকা আদায় দিয়া,ৰেচন কার্ডত বৈধ আধাৰযুক্ত হিতাধিকাৰীৰ নাম অন্তর্ভুক্ত কৰা, KYC ৰ বাবদ প্রতিগৰাকী সুলভ মূল্যৰ দোকানীক পাৰিশ্ৰমিক , অন্ত্যোদয়া চাউল আৰু মুখ্যমন্ত্ৰীৰ অন্ন সুৰক্ষা যোজনা চাউলৰ প্ৰাপ্য পৰিবহণ বকেয়া ভাট্টা আদায় দিয়াৰো দাবী জনাইছে ।
লগতে পঢ়ক:আগষ্টৰ পৰা খাদ্য সুৰক্ষাৰ বিনামূলীয়া চাউল বিতৰণ বন্ধ কৰাৰ হুংকাৰ - Protest in CHACHAL

