
বান অহাৰ পূৰ্বেই জিলা আয়ুক্তক প্ৰদান কৰা হৈছিল পৰ্যাপ্ত ধন: কিমান ধন বিতংকৈ ক’লে বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই - Press meet on India Budget 2024
Central govt flood relief to Assam: কেন্দ্ৰীয় বাজেট 2024-25 সন্দৰ্ভত যোৰহাট জিলা বিজেপিৰ সংবাদমেল ৷ অসমৰ বান সমস্যা ৰোধৰ বাবে পৰ্যাপ্ত আৰ্থিক সাহায্য প্ৰদান কৰিছে বুলি দাবী কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই । বান অহাৰ পূৰ্বেই তাৎক্ষণিক সমস্যা সমাধানৰ বাবে উপৰেঞ্চিকৈ 40 লাখ টকাকৈ আৰু বান সাহায্য প্ৰদানৰ বাবে প্ৰতিগৰাকী জিলাৰ আয়ুক্তক 100 কোটি টকাকৈ প্ৰদান কৰা হৈছিল বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে দত্তই ৷

Published : August 2, 2024 at 10:51 AM IST
যোৰহাট, 2 আগষ্ট : শেহতীয়াকৈ সদনত উত্থাপিত হৈছে কেন্দ্ৰীয় বাজেট 2024 ৷ এই বাজেটত বান প্ৰতিৰোধৰ বাবে কেন্দ্ৰই অসমক বঞ্চনা কৰা বুলি বিৰোধীৰ লগতে সচেতন মহলে দাবী কৰি আহিছে ৷ এই অভিযোগ উত্থাপন হৈ থকাৰ সময়তে বৃহস্পতিবাৰে যোৰহাট জিলা বিজেপিয়ে অনুষ্ঠিত কৰে এক সংবাদমেলৰ ৷ এই সংবাদমেলত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত ।
বান প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে কম ধন আৱণ্টন দিছে বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত সুভাষ দত্তই কয়, "বহু সময়ত বাজেট দাখিল কৰাৰ পাছত ৰাইজ তথা বিৰোধীয়ে প্ৰশ্ন কৰিছে যে বিহাৰক যিমান গুৰুত্ব দি ধন দিয়াৰ কথা ঘোষণা কৰিছে, সিমান ধন বাজেটত অসমৰ বান খহনীয়া প্ৰতিৰোধৰ বাবে দিয়া নাই । ই এক ভুৱা প্ৰচাৰ । অসমৰ বান খহনীয়া প্ৰতিৰোধৰ বাবে কেন্দ্ৰই ইতিমধ্যেই যথেষ্ট ধন দিছে আৰু প্ৰয়োজন সাপেক্ষে কেন্দ্ৰই আৰু অধিক ধন প্ৰদান কৰিব ।
তেওঁ লগতে কয়, "বিহাৰৰ দৰে আমাৰ আৱণ্টিত ধন ঘোষণা নকৰাৰ বাবে বহুতে সমালোচনা কৰিছে ৷ কিন্তু কেন্দ্ৰই ইতিমধ্যে আমাক 6000 টকা দিলেই ৷ বিহাৰতকৈ আমাক অধিক ধনৰ প্ৰয়োজন হ’ব ৷ বান প্ৰতিৰোধৰ বাবে আমাক পুঁজিৰ অভাৱ হোৱা নাই ৷ মোদী ডাধৰীয়াৰ ওপৰত বিশ্বাস ৰাখক ৷ কাৰণ যোৱা 10 বছৰত বিভিন্ন আঁচনিৰ বাবদ অসমে 7 লাখ কোটি টকা পাবলৈ সক্ষম হৈছে ৷"
ইয়াৰ লগতে দত্তই দুৰ্যোগ প্ৰশমন বিভাগৰ হাতত মজুত থকা ধনৰেই 2024 বৰ্ষৰ কামবোৰ নিয়াৰিকৈ সম্পন্ন হ’ল বুলি উল্লেখ কৰে ৷ সংবাদমেলখনত দত্তই পুনৰ কয়, "জলসম্পদ বিভাগে প্ৰতিখন জিলাৰ আয়ুক্তৰ হাতত বান অহাৰ পূৰ্বেই তাৎক্ষণিক সমাধানৰ বাবে উপৰঞ্চিকৈ 40 লাখ টকাকৈ আৰু বান সাহায্য প্ৰদানৰ বাবে প্ৰতিগৰাকী জিলাৰ আয়ুক্তক প্ৰদান কৰা হৈছিল 100 কোটি টকাকৈ ৷ অসমত 350 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ’ব । 250 কিলোমিটাৰৰ আৱন্টন ইতিমধ্যেই লাভ কৰিছে ।"
এই সংবাদমেলত যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাৰ লগতে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীও উপস্থিত আছিল ।

