ETV Bharat / state

বাঘৰ ছাল আৰু হাড়সহ কেন্দ্ৰীয় শুল্ক বিভাগৰ অভিযানত আটক এটা অভিযুক্ত

শুল্ক বিভাগৰ অভিযানত উদ্ধাৰ বাঘৰ ছাল আৰু হাড় ৷ লগতে হাতে-লুটে আটক এটা অভিযুক্ত ৷ পলাতক হৈ আছে আৰু এটা ৷

Central Excise Department detain a smuggler along with tiger skin and bones in Dibrugarh
শুল্ক বিভাগৰ অভিযানত উদ্ধাৰ বাঘৰ ছাল আৰু হাড় (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 16, 2025 at 1:43 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰত বাঘৰ সন্ত্ৰাসত ৰাইজে ঘৰৰ পৰা ওলাব নোৱাৰা পৰিৱেশ সৃষ্টি হৈছে । ইয়াৰ মাজতে পোহৰলৈ আহিল চাঞ্চল্যকৰ খবৰ । কিয়নো ডিব্ৰুগড় জিলাৰ খোৱাং আঞ্চলিক বন সংমণ্ডলৰ অন্তৰ্গত মৰাণৰ গজপুৰীয়াত যোৱা নিশা ‘‘কেন্দ্ৰীয় অপ্ৰত্যক্ষ কৰ আৰু সীমা শুল্ক বিভাগ’’ৰ (Central Excise) এটা দলে অভিযান চলাই বাঘৰ শুকান ছাল আৰু হাড়সহ এজন যুৱকক কৰায়ত্ত কৰে । ধৃত যুৱকজন মৰাণৰ হুংহুঙীয়া গাঁৱৰ মাধুৰ্য সোণোৱাল ৷

যুৱকজনক বাঘৰ শুকান ছাল আৰু ৭৩ টুকুৰা হাড়সহ বন বিভাগক চমজাই দিয়ে শুল্ক বিভাগৰ দলটোৱে ৷ ধৃত মাধুৰ্য সোণোৱালে খোৱাং নাহৰণিৰ পংকজ বৰুৱা নামৰ আন এজন যুৱকৰ সৈতে সামগ্ৰীখিনি বিক্ৰী কৰিবলৈ আহোতেই শুল্ক বিভাগৰ জালত বন্দী হয় । মূল অভিযুক্ত পংকজ বৰুৱাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

শুল্ক বিভাগৰ অভিযানত উদ্ধাৰ বাঘৰ ছাল আৰু হাড় (ETV Bharat)

উল্লেখ্য যে, পলাতক পংকজ বৰুৱাই নিজৰ বাৰীত নিজাকৈ পিঞ্জৰা সাজি কেইবাটাও বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হৈছিল ৷ এনেদৰে পিঞ্জৰাবদ্ধ বাঘ হত্যা কৰি বাঘৰ ছাল-হাড়ৰ চোৰাং সৰবৰাহৰ পৰিকল্পনা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে । পলাতক পংকজ বৰুৱাৰ সন্ধানত বন বিভাগে অভিযান অব্যাহত ৰাখিছে ৷

  • কেনেকৈ শুল্ক বিভাগৰ জালত পৰিল :

বাঘৰ শুকান ছাল আৰু হাড় বিক্ৰী কৰিবলৈ আহি শুল্ক বিভাগৰ জালত পৰা মাধুৰ্য সোণোৱালে কয়, "পংকজ বৰুৱাই নিজৰ বাৰীত নিজাকৈ পিঞ্জৰা সাজি বাঘৰ ছাল আৰু হাড় বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল । সেই অনুসৰি বিক্ৰী কৰিবলৈ গ্ৰাহক ঠিক কৰিছিল । সেই মতে নিশা দিবলৈ আহিছিলো দুইজন । কিন্তু নিদিষ্ট স্থান পোৱাৰ পূৰ্বে গাড়ীৰ পৰা নামি দিছিল পংকজে । মই গৈ পোৱাৰ লগে লগে মোক গাড়ীত বহাই লৈ আনে ।’’

  • নিজে ঘৰত পিঞ্জৰা সাজি বাঘ ধৰি এই কাম কৰিছে :

সমগ্ৰ ঘটনাক লৈ খোৱাং আঞ্চলিক বন সংমণ্ডলৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে, ‘‘শ্বিলঙৰ পৰা অহা Central Excise ৰ এটা দলে সামগ্ৰীখিনিৰ সৈতে এজনক আমাক গটাই দিছে । পংকজ বৰুৱা নামৰ এজন পলাই গৈছে । বাঘৰ এখন ছাল আৰু হাড় উদ্ধাৰ কৰা হৈছে । উদ্ধাৰ হোৱা ছাল খন নাহৰফুটুকীৰ হয় । খোৱাং নাহৰণিৰ পংকজ বৰুৱাই ঘৰতে পিঞ্জৰা সাজি বাঘ ধৰি এই কাম কৰিছে ।’’

লগতে পঢ়ক : সৰুপথাৰত চিলনী চোৰে থপিয়ালে সোণাৰীৰ বেগ