পৰিষদৰ ক্ষমতা অনুসৰি কৰৰ ব্যৱস্থা গ্রহণ কৰা হৈছে: তুলিৰাম ৰংহাং - New Tax gate in Karbi Anglong
New Tax gate in Karbi Anglong: কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কৰক লৈ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ প্রতিক্রিয়া । পৰিষদৰ ক্ষমতা অনুসৰি কৰৰ ব্যৱস্থা গ্রহণ কৰা হৈছে বুলি উল্লেখ কৰি আলু-পিঁয়াজৰ ওপৰত আৰোপ কৰা কৰ প্রত্যাহাৰ কৰা বুলি ঘোষণা কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ।

Published : August 2, 2024 at 6:29 PM IST
|Updated : August 2, 2024 at 6:50 PM IST
ডিফু, ২ আগষ্ট: কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদে কিছুদিন ধৰি পৰীক্ষামূলকভাবে কাৰ্বি আংলঙত প্রৱেশ কৰা প্ৰতিবিধ সামগ্ৰীৰ পৰা লোৱা কৰে বৃহস্পতিবাৰৰ পৰা আনুষ্ঠানিক ৰূপ লাভ কৰে । বিগত দিনকেইটাত কার্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলালৈ অহা সকলো সামগ্ৰীৰ ওপৰত ৬ খন প্রৱেশ গেটত পৰিষদে আৰোপ কৰা কৰ দিয়াক লৈ প্রতিক্রিয়াৰ সৃষ্টি হৈছিল ।
পৰিষদে প্রতি কেজি মুর্গীত ২ টকা, কণী এক কার্টনত ৫ টকা, মাছ প্রতি কেজিত ২ টকা, চিমেন্ট প্রতি বেগত ২ টকা, আলু প্রতি কেজি ৫ পইচা, পিঁয়াজ প্রতি বেগত ৫ পইচা, কয়লা প্রতি ট্রাকত ৫০০ টকা, পাথৰ প্ৰতি ট্রাকত ২০০টকা এইদৰে কৰ নিৰ্ধাৰণ কৰিছিল । ইয়াৰ গইনা লৈ এতিয়া জিলা দুখনৰ বজাৰত অত্যাৱশ্যকীয় সামগ্রীৰ জুই ছাই দাম হৈছে । এই সন্দৰ্ভত সাংবাদিকে সামগ্রীৰ ওপৰত পৰিষদে আৰোপ কৰা এই কৰৰ বিষয়ে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক প্রশ্ন কৰাত পৰিষদৰ সংবিধানৰ ভিত্তিত কৰ আৰোপ কৰা বুলি উল্লেখ কৰি কয় যে ডিমা হাছাও জিলাত ২০/৩০ বছৰৰ আগৰ পৰা এই কৰ লৈ আছে আৰু ইয়াক লৈ প্রতিক্রিয়া হ'ব নালাগে ।
লগতে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয়,"পৰিষদৰ ৰাজহ সংগ্ৰহৰ উৎস অতি সীমিত । সেয়ে ষষ্ঠ অনুসুচীৰ সংবিধানে পৰিষদক সামগ্ৰীৰ ওপৰত কৰ লোৱাৰ ব্যবস্থা দিছে । পিছে এই কৰ লোৱাৰ বাবে ৰাজ্যপালৰ অনুমতিৰ প্রয়োজন হয় । এই বিষয়ে মুখ্যমন্ত্রীয়েও মোক প্রশ্ন কৰিছিল ।" স্মৰ্তব্য যে অলপতে অসম চৰকাৰৰ কেবিনেট এক সিদ্ধান্ত লৈছিল যে পৰিষদৰ নিজা বাজেটৰ সমুদায় ধন ৰাজ্য চৰকাৰে নিদিয়ে । পৰিষদ সমূহে নিজৰ বাজহৰ উৎস বৃদ্ধি কৰিব লাগিব । সেয়ে মুখ্যমন্ত্রীৰ কেবিনেট সিদ্ধান্তৰ ভিত্তিতে এতিয়া যষ্ঠ অনুসুচীৰ তিনিখন পৰিষদে ৰাজহ বৃদ্ধিৰ উৎসৰ সন্ধান কৰিছে ।
বছৰি ২০০ কোটি টকা কৰ সংগ্রহৰ লক্ষ্য:
কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে সামগ্রীৰ ওপৰত কৰৰ জৰিয়তে বছৰি ২০০ কোটি টকাৰ কৰ সংগ্রহৰ লক্ষ্য লৈছে । তেতিয়া ৰাজ্য চৰকাৰে বছৰি ১০০ বা ২০০ কোটি টকা পৰিষদক দিব । ৰাজ্যৰ বিজেপি চৰকাৰৰ নিৰ্দেশত পৰিষদে সামগ্ৰীৰ ওপৰত কৰ সংগ্ৰহ কৰিছে । এই কৰৰ বাবে সাংবাদিকে অত্যাবশ্যকীয় সামগ্রীব দাম বৃদ্ধিয়ে সাধাৰণ জনতাক জুৰুলা কৰা বুলি কোৱাৰ কিছুসময় পিচতে মুখ্য কার্যবাহী সদস্যগৰাকীয়ে পুনৰ সাংবাদিক সকলক মাতি আলু আৰু পিঁয়াজৰ ওপৰত লগোৱা কৰ প্রত্যাহাৰ কৰা বুলি ঘোষণা কৰাৰ লগতে ছিণ্ডিকেট যদি কোনোবাই চলাইছে সেয়া বন্ধ কৰিব বুলি কয় ।
ৰংহাঙে সাংবাদিকৰ সন্মুখতে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সচিবক নির্দেশ দি আলু-পিঁয়াজৰ সকলো পাইকাৰী বিক্রেতাৰ লগত এখন জৰুৰী বৈঠক কৰি সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলং জিলাতো সমহাৰত আলু-পিঁয়াজৰ নিৰিখ ধার্য কৰিবলৈ নির্দেশ দিয়ে । ইয়াৰোপৰি অত্যাৱশ্যকীয় আন সামগ্ৰীসমূহৰ মূল্যৰ ওপৰতো পৰিষদৰ সচিবক নিয়ন্ত্রণ কৰিবলৈ নির্দেশ দিয়ে । অত্যাৱশ্যকীয় সামগ্রীৰ দাম বৃদ্ধি কৰিলে সেইসকল ব্যৱসায়ীৰ ট্রেডিং লাইচেঞ্চ বাতিল কৰা হ'ব বুলিও ঘোষণা কৰে মুখ্য কার্যবাহী সদস্যগৰাকীয়ে ।

