ETV Bharat / state

'সত্ৰীয়া নৃত্যত অসমৰ মহিলাৰ অৱদান' গৱেষণাৰ বাবে CCRT ৰ ফেল'শ্বিপ - CCRT FELLOWSHIP

সত্ৰীয়া নৃত্যৰ গৱেষণা, প্ৰচাৰ আৰু প্ৰসাৰত ব্যস্ত কলিয়াবৰৰ এগৰাকী যুৱতী । শেহতীয়াকৈ তেওঁ লাভ কৰিছে চি চি আৰ টিৰ জুনিয়ৰ ফেল'শ্বিপ ।

CCRT Fellowship to Deepshikha Bhuyan for research and promotion of Sattriya dance
কলিয়াবৰৰ দীপশিখা ভূঞালৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 2, 2025 at 9:05 AM IST

2 Min Read

কলিয়াবৰ: শেহতীয়াকৈ কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনস্থ সাংস্কৃতিক উৎস আৰু প্ৰশিক্ষণ কেন্দ্ৰ (চিচিআৰটি)য়ে ঘোষণা কৰিছে জুনিয়ৰ ফেল'শ্বিপ প্ৰাপকৰ তালিকা । যিখন তালিকাত স্থান লাভ কৰিছে বহু উদীয়মান শিল্পীয়ে । এই বিশেষ তালিকাখনে হাঁহি বিৰিঙাইছে কলিয়াবৰৰ এগৰাকী নৃত্যশিল্পীৰ মুখত । চিচিআৰটিৰ জুনিয়ৰ ফেল'শ্বিপৰ তালিকাত স্থান লাভ কৰিছে কলিয়াবৰৰ সত্ৰীয়া নৃত্যশিল্পী-গৱেষক ছাত্রী দীপশিখা ভূঞাই ।

অসমৰ সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত নিজাববীয়াকৈ লোৱা বিশেষ পদক্ষেপ আৰু 'সত্ৰীয়া নৃত্যত অসমৰ মহিলাৰ অৱদান' বিষয়ক গৱেষণাৰ বাবে এই জুনিয়ৰ ফেল'শ্বিপ লাভ কৰিছে উদীয়মান নৃত্যশিল্পীগৰাকীয়ে । দীপশিখা ভূঞাই কলিয়াবৰৰ বহু ছাত্ৰ-ছাত্ৰীক ধাৰাবাহিকভাৱে সত্ৰীয়া নৃত্যৰ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰি আহিছে । কলিয়াবৰৰ অতিকৈ ভিতৰুৱা অঞ্চল বিশেষকৈ চাহ জনগোষ্ঠী, বড়ো, মিছিং, কাৰ্বিৰ লগতে ইছলাম ধৰ্মাৱলম্বী শিক্ষাৰ্থীক সত্ৰীয়া নৃত্যৰ এনে বিনামূলীয়া প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে দীপশিখাই ।

কলিয়াবৰৰ দীপশিখা ভূঞালৈ (ETV Bharat Assam)

অলপতে সামাজিক সাংস্কৃতিক অনুষ্ঠান সাৰথি আৰু 'শংমাক' এক সংস্কৃতি প্ৰবাহ'ৰ যৌথ উদ্যোগত বামুণীত ৬ দিনীয়া এক কাৰ্যসূচীত বিনামূলীয়াকৈ সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিয়ে দীপশিখাই । জনগোষ্ঠীয়সকলৰ মাজত সত্ৰীয়া নৃত্যৰ প্ৰচাৰ-প্ৰসাৰ তথা সত্ৰীয়া নৃত্যৰ গুৰুত্ব অনুধাৱন কৰাবৰ বাবে কলিয়াবৰৰ দীপশিখা ভূঞাই লৈছে এই প্ৰশংসনীয় বিশেষ পদক্ষেপ । কলিয়াবৰৰ শ্ৰীশ্ৰীভোলাগুৰি সত্ৰৰ নিৱাসী প্ৰয়াত দিপক ভূঞা আৰু শিক্ষয়িত্ৰী ৰাণু নেওগৰ কন্যা দীপশিখা ভূঞাই এক 'চি চি আৰ টি'ৰ পৰা জুনিয়ৰ ফেল'শ্বিপ লাভ কৰা সংবাদে আনন্দিত কৰিছে কলিয়াবৰবাসীক ।

CCRT Fellowship to Deepshikha Bhuyan for research and promotion of Sattriya dance
ফেল'শ্বিপ প্ৰাপক দীপশিখা ভূঞা (ETV Bharat Assam)

ইফালে এই ফেল'শ্বিপ লাভ কৰি নৃত্যশিল্পীগৰাকীয়ে কয়,"সত্ৰীয়া নৃত্যত মহিলাৰ কিদৰে প্ৰৱেশ হ'ল আৰু কিদৰে এতিয়া সত্ৰীয়া নৃত্য ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠাত মহিলাসকলৰ কিনো অবদান আছে ? কেনেদৰে আমাৰ সমাজ ব্যৱস্থাৰ পৰা মহিলাসকল এই সত্ৰীয়া নৃত্যৰ পৰা ওলাই গৈছিল আৰু কেনেদৰে আকৌ এই ৭০-৮০ বছৰৰ ভিতৰত আকৌ মহিলাসকলৰ পুনৰ প্ৰৱেশ হ'ল ? এই বিষয়েই মোৰ চি চি আৰ টিৰ জুনিয়ৰ ফেল'শ্বিপৰ প্ৰজেক্টো হৈছে । এই বছৰ মই তাৰ ওপৰত ফেল'শ্বিপ লাভ কৰিবলৈ সক্ষম হৈছো ।"

নৃত্যশিল্পী দীপশিখা ভূঞা (ETV Bharat Assam)

লগতে পঢ়ক: প্ৰবীণ পোহৰশিল্পী সমীৰ চৌধুৰীৰ প্ৰেৰণাদায়ক যাত্ৰাক লৈ তথ্যচিত্ৰ - THE ARTIST DOCUMENTARY

মেলালৈ নোযোৱাকৈয়ে মেলা পালেগৈ অভিনেতা প্ৰকাশ ৰাজ ! - PRAKASH RAJ AI GENERATED PHOTO

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.