উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ চি জি এছ টিৰ সহকাৰী আয়ুক্ত - CBI raids
CBI arrests GST Commissioner : কেন্দ্ৰীয় অনুসন্ধান সংস্থাই ৩.৮৩ লাখ টকা উৎকোচ লোৱাৰ গোচৰত গুৱাহাটীৰ কেন্দ্ৰীয় চি জি এছ টিৰ এজন সহকাৰী আয়ুক্তক এজন মধ্যভোগীৰ সৈতে সোমবাৰে গ্ৰেপ্তাৰ কৰিছে। এন এফ ৰে'লৱেৰ নিৰ্মাণকাৰ্যৰ সৈতে জড়িত উৎকোচৰ এক অভিযোগৰ পিচত গ্ৰেপ্তাৰ কৰা হয় ভাৰতীয় ৰাজহ সেৱাৰ বিষয়াগৰাকীক ৷

Published : July 1, 2024 at 3:59 PM IST
গুৱাহাটী,১ জুন: গুৱাহাটীৰ জি এছ টি ভৱনত চি বি আইৰ অতৰ্কিত অভিযান ৷ এই অভিযানত সোমবাৰে এগৰাকী বিষয়াৰ লগতে আন এগৰাকীক গ্ৰেপ্তাৰ কৰিছে চি বি আইৰ অভিযানকাৰী দলে ৷ চি বি আইৰ (CBI) জালত CGST ৰ সহকাৰী আয়ুক্ত এম এছ ৰাওসহ আন এক মধ্যভোগী তথা দালাল ৷ মধ্যভোগীৰ জৰিয়তে ৰে’লৱেৰ ঠিকাৰ নামত 3.83 লাখ টকাৰ উৎকোচ বিচাৰিছিল ধৃত বিষয়াজনে ৷ উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ঠিকাৰ বিলৰ নামত CGST, ডিব্ৰুগড়ৰ অতিৰিক্ত আয়ুক্ত কাৰ্যালয়ৰ জৰিয়তে বিল প্ৰদানৰ নামত 48 লাখ 43 হাজাৰ টকাৰ ডিমাণ্ড ড্ৰাফ্ট তৈয়াৰ কৰিছিল তেওঁ ৷
পৰৱৰ্তী সময়ত এই ধনৰাশিৰ পৰিমাণৰ খেলিমেলিৰ অভিযোগ তুলি ভুক্তভোগীয়ে অভিযোগ দাখিল কৰিছিল CGST & CE (Appeals) ৰ আয়ুক্ত কাৰ্যালয়ত ৷ পৰৱৰ্তী পৰ্যায়ত CGST & CE (Appeals) ৰ সহকাৰী আয়ুক্তগৰাকীয়ে বিলৰ ধন আদায়ৰ নামত দাবী কৰে 10 শতাংশ অতিৰিক্ত ছাৰ্ভিচ টেক্স ৷ লগতে 4,50,000 টকাৰ উৎকোচ বিচাৰিছিল সহকাৰী আয়ুক্তগৰাকীৰ এটা মধ্যভোগীয়ে ৷ পিচলৈ এই ধনৰাশি হ্ৰাস কৰি 3,83,000 লৈ হ্ৰাস কৰি উৎকোচ দাবী কৰিছিল ৷
ভাৰতীয় ৰাজহ সেৱাৰ (IRS) বিষয়া তথা সহকাৰী আয়ুক্তগৰাকীৰ হৈ উৎকোচ গ্ৰহণ কৰাৰ সময়তে চি বি আই-এ জাল পাতি এই মধ্যভোগীটোক আটক কৰে । অভিযানৰ সময়ত সহকাৰী আয়ুক্তগৰাকীকো গ্ৰেপ্তাৰ কৰা হয় ।
CGST (Appeals) কাৰ্যালয়ৰ কেইবাটাও স্থানত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ এটা দলে অভিযান চলাই জব্দ কৰে গোচৰটো সংক্ৰান্তীয় বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ ৷ গুৱাহাটীৰ CGST (Appeals) সহকাৰী আয়ুক্ত সহিতে আনটো দালালক চি বি আই-এ আদালতত হাজিৰ কৰোৱাব ৷ জানিব পৰা মতে ঘটনা সন্দৰ্ভত চি বি আইৰ 3 জনীয়া এটি দলৰ তদন্ত অব্যাহত আছে ৷
লগতে পঢ়ক : আৰক্ষীৰ অভিযানৰ পূৰ্বেই পলায়ণ অসাধু ব্যৱসায়ীৰ: বৃহৎ পৰিমাণৰ লালিগুৰ জব্দ - Smuggling of Laligur in Assam

