গুৱাহাটী : গো-মাংস নিষিদ্ধকৰণক লৈ অসমত দীৰ্ঘদিনৰ পৰা বিতৰ্ক অব্যাহত আছে । ঈদৰ সময়ত এই বিতৰ্কই পুনৰ এবাৰ গা কৰি উঠিছে । কিয়নো ঈদৰ দিনটোত গো-মাংস কটা আৰু সৰবৰাহক কেন্দ্ৰ কৰি পুনৰ এবাৰ ৰাজ্যত বিতৰ্কৰ সূচনা হৈছে । আনকি হিন্দু আৰু মুছলমানৰ মাজত সংঘাতৰো সৃষ্টি হৈছে !
তাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে জনাই যে ঈদৰ সময়ত অবৈধভাৱে গো-মাংস কটাৰ অপৰাধত অসমত ১৬ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁ কয় যে সমগ্ৰ অসমৰ একাধিক স্থানত গো-মাংস উদ্ধাৰ হোৱাৰ খবৰ পোৱা গৈছে আৰু বৰাক উপত্যকাৰ দুখন জিলা ক্ৰমে কাছাৰৰ গোমৰা, শিলচৰ আৰু লক্ষীপুৰ, শ্ৰীভূমিৰ বদৰপুৰ আৰু বাংগাত ৫ টা অবৈধ কচাইখানা পোৱা গৈছে ।
মুখ্যমন্ত্ৰীয়ে এক্সৰ এটা পোষ্টত লিখিছে, "আমাৰ সংবিধানে ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ নিশ্চিত কৰিলেও ই আইনৰ শাসন আৰু জন মতামত সমানে ৰক্ষা কৰে । এই ঈদ-উজ-আজহাত অবৈধভাৱে গো-হত্যা আৰু গো-মাংস উদ্ধাৰৰ বিৰক্তিকৰ ঘটনাৰ খবৰ সমগ্ৰ অসমৰ একাধিক স্থানৰ পৰা পোৱা গৈছে ।" তেওঁ লগতে উল্লেখ কৰিছে যে মুঠ ১৬ জন লোক-কাছাৰৰ ৯ জন আৰু শ্ৰীভূমিৰ ৭ জনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে ।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে গো-মাংস উদ্ধাৰৰ ৫ টা ঘটনা গম পোৱা গৈছে । কটন বিশ্ববিদ্যালয়ৰ (কামৰূপ এম) সমীপত, ধুবুৰী, হোজাই আৰু শ্ৰীভূমি (বগৰগুল)।" মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰখন "সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, কিন্তু আইন-শৃংখলা বা নিষ্ঠুৰতাৰ ক্ষেত্ৰত নহয় "। তেওঁ কয় যে অনুগ্ৰহ কৰি বুজি লওক যে বিশ্বাস বা পটভূমি নিৰ্বিশেষে সকলো আইন উলংঘাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।"
উল্লেখ্য যে, ৰাজ্যত গো-মাংস খোৱাটো নিষিদ্ধ নহয় যদিও অসম গো সুৰক্ষা আইন ২০২১ অনুসৰি হিন্দু, জৈন আৰু শিখৰ সংখ্যাগৰিষ্ঠতা থকা অঞ্চল আৰু মন্দিৰ বা সত্ৰৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চলত গো-মাংস বিক্ৰী নিষিদ্ধ কৰা হৈছে ।
উল্লেখ্য যে, শনিবাৰে ঈদৰ সময়ত হোজাইৰ ৩ টা স্থানত একাংশ লোকে গো-মাংস উদ্ধাৰ কৰিছিল । তাৰ পিছতে হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ একাংশ লোকৰ মাজত তীব্ৰ সংঘাত আৰম্ভ হয় । দুয়োটা সম্প্ৰদায়ৰ লোকে পৃথকে পৃথকে প্ৰতিবাদৰ বাবে ওলাই আহে । ফলস্বৰূপে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ হয় । এনে পৰিস্থিতিত আৰক্ষীয়ে লাঠীচালনা কৰিবলগীয়া হয় ।
হোজাই চহৰৰ কেইবাজনো লোকে দাবী কৰিছে যে নিশাৰ ভাগত তেওঁলোকৰ ঘৰৰ চৌহদত দুস্কৃতিকাৰীয়ে গো-মাংস দলিয়াইছিল । গুৱাহাটীৰ এগৰাকী আৰক্ষী বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে মহানগৰীৰ মাজমজিয়াত কটন বিশ্ববিদ্যালয়ৰ সমীপতো গো-মাংস উদ্ধাৰ কৰা হৈছে ।
তেওঁ কয় যে গো-মাংসখিনি পলিথিনৰ পেকেটত মেৰিয়াই থোৱা আছিল । ইফালে আৰক্ষীয়ে জনোৱা মতে ধুবুৰী জিলাৰ গোলকগঞ্জত নলিয়াৰ এটা মন্দিৰৰ সমীপত দুষ্কৃতিকাৰীয়ে গো-মাংস পেলাই দিয়ে ।