১৫ নং ৰাষ্ট্ৰীয় ঘাইপথে পুনৰ কাঢ়িলে দুজনৰ প্ৰাণ; ধূলাত ভয়ানক বাছ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৩
দৰঙৰ ধূলাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত দুজন লোক । তিনিগৰাকীৰ অৱস্থা সংকটজনক ।

Published : March 24, 2025 at 12:17 PM IST
মঙলদৈ : দৰং জিলাৰ মাজেৰ পাৰ হৈ যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভয়ানক দুৰ্ঘটনা । একপ্ৰকাৰ মৃত্যুদূতলৈ পৰিণত হোৱা এই ৰাষ্ট্ৰীয় ঘাইপথটোত সোমবাৰে পুৱাতে সংঘটিত হয় এক ভয়াৱহ বাছ দুৰ্ঘটনা ।
দৰঙৰ ধূলাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাটোত ঘটনাস্থলীতে থিতাতে নিহত হয় দুজন বাছ যাত্ৰী । আনহাতে, আহতসকলক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
জানিব পৰা মতে, বাছখনত প্ৰায় ২০ গৰাকী যাত্ৰী আছিল । ইয়াৰে ভিতৰত বাকীসকলৰ আঘাত সিমান এটা গুৰুতৰ নহয় যদিও সংকটজনক অৱস্থাত তিনিগৰাকী যাত্ৰীক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । আনহাতে, আন তিনিজন মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে ।
জানিব পৰা মতে, তেজপুৰৰ পৰা গুৱাহাটীলৈ যাত্ৰা পথত পুৱা ৮.৩৫ মান বজাত ধূলা আৰক্ষী থানাৰ অন্তৰ্গত দলগাঁও শিয়ালমাৰী ব্লকৰ ওচৰত এই দুৰ্ঘটনাটো সংঘটিত হয় । ঘটনা সন্দৰ্ভত বাছখনৰ পৰিচালকে কয়, "মই আগত বহি আছিলোঁ । তেজপুৰৰ পৰা আমি আহি আছিলোঁ গুৱাহাটীলৈ । খাৰুপেটীয়া ব্লকৰ ওচৰৰ টাৰ্ণিঙত আমাৰ বিপৰীত দিশৰ পৰা অহা ডি আই এখনে ইমান স্পীডত আহিছে নিয়ন্ত্ৰণ হেৰুৱাই আমাৰ গাড়ীখনৰ বেকত মাৰি থৈ গুচি যায় । তাৰ পিছত গাড়ীখন পলাই গ'ল । আমাৰ দুজন যাত্ৰী মৰিল । গাড়ীখনৰ নম্বৰ এ এছ-২০-২২৮৯ ।"
অসম ৰাজ্যিক পৰিবহণ নিগমৰ অন্তৰ্গত ভাৰত বেজ আল্ট্ৰা বাছখনক ডি আইখনে প্ৰচণ্ড জোৰে পিছফালে খুন্দিয়াই যোৱাৰ ফলত বাছখনৰ এটা ফাল বেয়াকৈ ক্ষতিগ্ৰস্ত হয় । যাৰ ফলত বাছখনত থকা দুজন যাত্ৰী থিতাতে নিহত হয় ।
নিহত যাত্ৰী দুজনক তেজপুৰৰ দ-পৰ্বতীয়াৰ নাৰায়ণ বৰা আৰু গাৰোৱানপট্টীৰ প্ৰদীপ দে' বুলি জানিব পৰা গৈছে । আনহাতে, গুৰুতৰভাৱে আহতকেইজনক আবেদ আলী, অনুপম দাস, পূৰৱী দে' বুলি জানিব পৰা গৈছে । অৱশ্যে সামান্যভাৱে আঘাতপ্ৰাপ্ত আন যাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হয় ।
ইফালে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ধূলা আৰক্ষীয়ে তৎপৰতাৰে বাছৰ পৰা আহতসহ মৃতদেহকেইটা এম্বুলেন্সত উঠাই মঙলদৈ অসামৰিক চিকিৎসায়লৈ লৈ যায় । কিন্তু দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতেই ডি আইখনলৈ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ আৰক্ষীয়ে এতিয়ালৈকে বাহনখন জব্দ অথবা কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ।
ইফালে এই ঘটনাৰ পিছতে উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া ধূলা আৰক্ষী থানাত উপস্থিত হৈ ঘটনাৰ বুজ লয় । লগতে এ এছ টি চিৰ জিলা বিষয়া, পৰিবহণ বিভাগৰ লোকেও ঘটনাস্থলীত উপস্থিত হৈ চৰজমিন তদন্ত কৰে ।

