ETV Bharat / state

বৰ্ণই পেলাইছে বিমোৰত, 'ঠ' আৰু 'থ' ক লৈ বিপাঙত প্ৰশাসন

শিৱসাগৰত 'ঠ' আৰু 'থ'ৰ তয়াময়া যুজঁ । 'ঠ' আৰু 'থ'ৰ যুঁজে গচকিলে দণ্ডাধীশৰ মজিয়া । বিমোৰত শিৱসাগৰ জিলা প্ৰশাসন ।

Case filed with magistrate over two varnas in Sivasagar
'ঠ' আৰু 'থ' ক লৈ বিপাঙত প্ৰশাসন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 6, 2025 at 9:07 PM IST

5 Min Read
Choose ETV Bharat

শিৱসাগৰ: অসমীয়া বৰ্ণমালাৰ দুটা আখৰে পয়মালৰ সৃষ্টি কৰিছে শিৱসাগৰত । 'ঠ' আৰু 'থ'ৰ মাজত চলিছে যুজঁ । বৰ্ণ দুটিক লৈ সংঘাত সৃষ্টি হৈছে দুটা ফৈদৰ মাজত । এই যুঁজৰ সমিধান বিচাৰি দুয়োটা পক্ষই কাষ চাপিছে দণ্ডাধীশৰ । কি এই যুজঁ !

শিৱসাগৰত সৃষ্টি হৈছে 'ঠ' আৰু 'থ'ৰ তয়াময়া যুঁজ । এই যুঁজত সৃষ্টি হৈছে দুটা ফৈদৰ । শিৱসাগৰ জিলাৰ এখন ঠাইৰ নামৰ বানানক লৈ সৃষ্টি হোৱা এই মতানৈক্য দণ্ডাধীশৰ মজিয়া পাইছেগৈ । এতিয়া বিমোৰত পৰিছে দণ্ডাধীশ । কিয়নো 'ঠ' আৰু 'থ' দুয়োটা ফৈদে দাখিল কৰিছে পৰ্যাপ্ত প্ৰমাণ । বুৰঞ্জীৰ পৰা আৰম্ভ কৰি বহু পুৰণি চৰকাৰী দলিল দাখিল কৰিছে দুয়োটা পক্ষই । গাঁওখন এতিয়া বিভাজিত হৈছে 'ঠ' আৰু 'থ' ফৈদত ।

'ঠ' আৰু 'থ' ক লৈ বিপাঙত প্ৰশাসন (ETV Bharat Assam)

পৰিস্থিতি এনে হৈ পৰিছে যে গাঁওখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লিখিত নাম চাই হে ৰাইজ সমৱেত হয় । 'ঠ' লিখা অনুষ্ঠানত 'থ' ফৈদ নাযায় আৰু 'থ' লিখা অনুষ্ঠানত 'ঠ' ফৈদ নাযায় । মুঠৰ ওপৰত অসমীয়া বৰ্ণমালাৰ দুটা বৰ্ণই গাওঁখনক বিভক্ত কৰাৰ উপক্ৰম হৈছে । এই গাঁওখন হৈছে শিৱসাগৰ জিলাৰ ঐতিহাসিক কাথপাৰ (!) গাঁও ।

ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ চাৰিটা পাৰৰ নাম ক্ৰমে পূৱ পাৰৰ নাম চেৰেকাপাৰ, পশ্চিম পাৰৰ নাম কাঠপাৰ/কাথপাৰ, উত্তৰ পাৰৰ নাম জয়াপাৰ, আৰু দক্ষিণ পাৰৰ নাম ঢুলীয়াপাৰ । শিৱসাগৰ পুখুৰী নিৰ্মাণ কৰাৰ আগতেই অৱস্থিত আছিল কাথপাৰ গাঁও । এই গাঁওখনৰ কাঠপাৰ নামৰ সৈতে জড়িত হৈ আছে বৈষ্ণৱ গুৰু শ্ৰীশ্ৰী নিত্যানন্দ দেৱৰ নাম ।

Case filed with magistrate over two varnas in Sivasagar
পুৰণি গ্ৰন্থত কাথপাৰাৰ প্ৰসংগ (ETV Bharat Assam)

আহোম স্বৰ্গদেউ চুৰামফাৰ দিনত এচাম আহোম ৰাজবিষয়াৰ ষড়যন্ত্ৰৰ বলি হৈ গুৰু নিত্যানন্দ দেৱ স্বৰ্গদেউৰ ৰোষৰ বলি হয় । স্বৰ্গদেউৱে গুৰুক মৃত্যুদণ্ড বিহে । ৰজাৰ আদেশ গুৰুৱে মানি লয় যদিও চাওদাঙৰ হাতত মৰাৰ সলনি ধ্যানত বহি স্বমৃত্যুক আঁকোৱালি লয় । মৃত্যুদণ্ড দিয়াৰ আগতেই গুৰুৰ মৃত্যু দেখি চাওদাঙে পলায়ন কৰাত স্বৰ্গদেউৰ ৰোষৰ পৰা বাচিবলৈ গুৰু নিত্যানন্দ দেৱৰ শিষ্য সকলে কৌশলেৰে নাঁৱত গুৰুৰ নশ্বৰ দেহ লৈ দিখৌ নদীয়েদি ভটিয়াই দৰিকা নৈ হৈ বৰ্তমানৰ কাঠপাৰ গাঁৱৰ কায়স্থ লোক বৰকাথৰ ভঁৰালৰ তলত গুৰু শ্ৰীশ্ৰী নিত্যানন্দ দেৱৰ দেহ মনে মনে দাহ কৰে ।

বৰকাথে তেওঁ কৰা কিবা দোষৰ বাবে ভঁৰাল জাহ গ’ল বুলি সমাজক ক’লে । এই বৰকাথৰ ভঁৰাল থকা ঠাইত স্থাপন হ'ল এখন থান, শ্ৰীশ্ৰী নিত্যানন্দ দেৱৰ থান । তেতিয়াৰ পৰা কায়স্থ বৰকাথৰ নাম অনুসৰি ঠাইৰ নাম পৰিল কাথপাৰ ।

Case filed with magistrate over two varnas in Sivasagar
পুৰণি গ্ৰন্থত কাথপাৰাৰ প্ৰসংগ (ETV Bharat Assam)

আনহাতে আন এক বুৰঞ্জীৰ সমল মতে দুৰ্গাচৰণ কাথ নামৰ এজন কায়স্থ লোকৰ পৰা এই অঞ্চলৰ নাম কাথপাৰ পৰিলে । দুৰ্গাচৰণৰ বুদ্ধিমত্তা দেখি আহোম স্বৰ্গদেউৱে তেওঁক মানিক বৰকাকতি নাম দি দৰিকা নদীৰ পাৰত তেওঁৰ লগত থকা আন কায়স্থ লোকসকলক খাট-পাম দিলে । সেইয়াই কাথপাৰ । এতিয়া এই কাথপাৰ নামক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত মতবিৰোধ হৈছে ।

এচামে কৈছে 'কাথপাৰ' আনচামে কৈছে 'কাঠপাৰ' । শ্ৰীশ্ৰী নিত্যানন্দ দেৱৰ থানৰ নামত যদি 'কাথপাৰ' লিখা আছে তেন্তে ৰংগমঞ্চত লিখা আছে 'কাঠপাৰ' । এখন বিদ্যালয়ৰ নাম যদি 'কাঠপাৰ' বুলি আছে আন অনুষ্ঠানত লিখা আছে 'কাথপাৰ' । মুঠৰ ওপৰত এই দুটা বৰ্ণৰ খেলিমেলিত অঞ্চলটোৰ মানুহৰ মাজত মতান্তৰে দেখা দিছে ।

অৱশেষত বিষয়টো নিষ্পত্তিৰ বাবে দণ্ডাধীশৰ আগত গোচৰ পৰিল । দুয়োপক্ষৰ বহুজন লোকে বহু দলিল-তথ্য-প্ৰমাণ লৈ দণ্ডাধীশৰ আগত উপস্থিত হ'ল । দুয়োপক্ষৰ যুক্তি আৰু প্ৰমাণ দেখি দণ্ডাধীশে ল'ব পৰা নাই সিদ্ধান্ত । শিৱসাগৰ ৰাজহ চক্ৰ বিষয়াৰ মজিয়াৰ পৰা এতিয়া শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ অতিৰিক্ত আয়ুক্ত দণ্ডাধীশৰ মজিয়া পালে 'ঠ' আৰু 'থ' ৰ যুঁজে ।

Case filed with magistrate over two varnas in Sivasagar
পুৰণি গ্ৰন্থত কাথপাৰাৰ প্ৰসংগ (ETV Bharat Assam)

এই সন্দৰ্ভত 'ঠ' সমৰ্থন কৰা ফৈদৰ এজন লোকে কয়, "আমাৰ গাঁওবাসীৰ মাজত এটা বৰ্ণক লৈ মতানৈক্যৰ সৃষ্টি হৈছে । যিহেতু নিজৰ এটা পৰিচয় থকাটো বাঞ্চনীয় সেইকাৰণেই অলপ মতানৈক্য আহিছে । এখন ৰাজহুৱা সভাত ৩০/১২/২০২৩ ত এটা সিদ্ধান্ত লোৱা হৈছিল । সেই সিদ্ধান্ত অনুসৰিয়েই বৰ্তমান বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত 'ঠ' ব্যৱহাৰৰ প্ৰস্তাৱ ৰখা হৈছিল ।"

ইফালে 'থ' সমৰ্থন কৰা ফৈদৰ এজন লোকে কয়, "আমি লজ্জা অনুভৱ কৰিলোঁ যে এখন গাঁৱৰ দুটা নাম হ'ব নোৱাৰে । সেয়ে আমি এটা সমিধান বিচাৰি জিলা আয়ুক্তৰ ওচৰত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলোঁ । পৰৱৰ্তী পৰ্যায়ত জিলা আয়ু্ক্তই দণ্ডাধীশৰ জৰিয়তে এটা শুনানীও গ্ৰহণ কৰিছিল । কিন্তু দুৰ্ভাগ্যৰ কথা যে, আজিলৈকে আমাক সঠিক সিদ্ধান্ত এটা দিব নোৱাৰিলে । কিন্তু যিটো বুৰঞ্জীৰ প্ৰকৃত সত্য, সেই সত্যটোকে মানিবলৈ সকলোকে আহ্বান জনাইছোঁ ।" এতিয়া বিমোৰত পৰিছে প্ৰশাসন । কি সিদ্ধান্ত ল'ব । কি হ'ব অঞ্চলটোৰ নামৰ বানান ! 'কাথপাৰ' নে 'কাঠপাৰ' ?

লগতে পঢ়ক: সোণাই-ৰূপাই অভয়াৰণ্যত বেদখল; কঠোৰ গুৱাহাটী উচ্চ ন্যায়ালয় - ENCROACHMENT AT SONAI RUPAI

উদুলি-মুদুলি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ - SANKARADEVA SANGHA JORHAT SESSION