হাফলং : ডিমা হাছাও জিলাৰ উমৰাংছ তিনি কিলো কালামাটি অসম কয়লা খনিত ৰেটহল মাইনিঙৰ অভিযোগত এইবাৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ পত্নী কণিকা হোজাইৰ বিৰুদ্ধে আৰক্ষীয়ে উমৰাংছ থানাত গোচৰ ৰুজু কৰিছে । যোৱা ৬ জানুৱাৰীত উমৰাংছ’ৰ তিনিকিলো কলামাটিৰ অসম কয়লা খনিত সোমাই ৯গৰাকী শ্ৰমিক নিৰুদ্দেশ হৈ পৰিছিল ।
সন্ধানহীন শ্ৰমিককেইজনৰ সন্ধান বিচাৰি এন ডি আৰ এফ, এছ ডি আৰ এফ, সেনাবাহিনী, ভাৰতীয় নৌ-সেনাৰ ডুবাৰুৰ দলে অভিযান আৰম্ভ কৰে । কিন্তু পাছত এই কয়লা খনিৰ ভিতৰতে আটাইকেইগৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছিল । অসম কয়লা খনিৰ এই বিপৰ্যয়ৰ পিচতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল ।
এই ট্ৰেজেডি সংঘটিত হোৱাৰ পিছত ৰেটহল মাইনিঙত সাঙুৰ খাইছিল দেৱলাল গাৰ্লোচা আৰু তেওঁৰ পত্নী কণিকা হোজাইৰ নাম । অসম কয়লা খনিত ৰেটহল মাইনিঙত কণিকা হোজাই জড়িত থকাৰ অভিযোগ উত্থাপন কৰি পিতোষ লাংথাচা আৰু কমে কেম্প্ৰাই নামৰ দুই গৰাকী ব্যক্তিয়ে উমৰাংছ থানাত এজাহাৰ দাখিল কৰিছিল ।
কিন্তু উমৰাংছ আৰক্ষীয়ে এই সন্দৰ্ভত ইমান গুৰুত্ব নিদি এই সন্দৰ্ভত কোনো গোচৰ ৰুজু কৰা নাছিল । যাৰবাবে পিতোষ লাংথাচা আৰু কমে কেম্প্ৰাই হাফলং চি জে এম আদালতৰ দাৰস্থ হৈছিল । ইয়াৰ পিচতে আদালতে কণিকা হোজাইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছিল আৰক্ষীক । অৱশেষত আদালতৰ নিৰ্দেশমৰ্মে এইবাৰ আৰক্ষীয়ে উমৰাংছ থানাত কণিকা হোজাইৰ বিৰুদ্ধে গোচৰ নম্বৰ ৮/২০২৫ ইউ/এছ ৩০৩(২) ১০৬(১) বিএনএচ ২০২৩-ৰ গোচৰ ৰুজু কৰে ।