ETV Bharat / state

CARA ভেনত বিনোদন কৰাৰ সপোন আছে নেকি ? চিন্তা নাই এতিয়া অসমতে উপলব্ধ - CARA VAN FACILITY IN ASSAM TOURISM

অসমৰ পৰ্যটন ক্ষেত্ৰত নতুন সংযোজন । এতিয়াৰ পৰা আপুনিও কৰিব পাৰিব CARA ভেনত অৱসৰ বিনোদন ।

CARA van facility added to Assam tourism sector
অসমৰ পৰ্যটন ক্ষেত্ৰত নতুন সংযোজন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 8, 2025 at 6:48 PM IST

3 Min Read

গুৱাহাটী: অসমৰ পৰ্যটন ক্ষেত্ৰত নতুন সংযোজন । এতিয়াৰ পৰা আপুনিও কৰিব পাৰিব CARA ভেনত অৱসৰ বিনোদন । অত্যাধুনিক সকলো সা-সুবিধা থাকিব এই CARA ভেনত । CARA ভেনখনত উপলব্ধ থকা-খোৱা, অনাময়ৰ সু-ব্যৱস্থা । বাহনখনত আছে পাকঘৰ, বাথৰূমকে ধৰি পৰ্যাপ্ত সা-সুবিধা ।

মঙলবাৰে মহানগৰীৰ পল্টনবজাৰস্থিত অসম পৰ্যটন নিগমৰ কাৰ্যালয়ৰ বাহিৰত এই CARA ভেন কেইখন প্ৰদৰ্শন কৰা হয় ।

অসমৰ পৰ্যটন ক্ষেত্ৰত নতুন সংযোজন (ETV Bharat Assam)
  • CARA ভেনখনৰ ভিতৰত কি কি সুবিধা থাকিব:

এডভাণ্টেজ আসাম ২.০ সময়ত অসমৰ পৰ্যটন নিগম আৰু ভাৰত CARA ভানৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ হৈছিল । তাৰ অংশ হিচাপে তিনিখন CARA ভান অনা হৈছে । এই ভান কেইখন ভাৰত CARA ভানে পৰিচালনা কৰিব ।

এই ভানৰ জৰিয়তে পৰ্যটক সকলে অৱসৰ বিনোদনত সুকীয়া সোৱাদ লাভ কৰিব পাৰিব । হোটেলত থকা সকলো সুবিধায়ে থাকিব আৰু হোটেলতকৈ ভাল পৰিৱেশ পাব ।

বাহনখনত পাকঘৰ, বাথৰূমকে, বিছনা, টেবুল, টিভি, ফ্ৰীজকে ধৰি প্ৰয়োজনীয় সকলো সা-সুবিধা লাভ কৰিব বুলি জনাই অসমৰ পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই ।

  • অসমত CARA ভানৰ ট্ৰেণ্ড আহিছে:

এই সন্দৰ্ভত অধ্যক্ষগৰাকীয়ে কয়, "অসমত পৰ্যটন ক্ষেত্ৰত নতুন সংযোজন CARA ভান । CARA ভান বৰ্তমান ট্ৰেণ্ডত আছে । CARA ভানত থাকি পৰ্যটকসকলে বেলেগ ধৰণৰ সুখ অনুভৱ কৰে । সেয়েহে এতিয়াৰ কাজিৰঙা, মানস, শিৱসাগৰ, চৰাইদেউ আদিৰ লগতে অসমৰ অন্যান্য পৰ্যটন ক্ষেত্ৰলৈ যাব পাৰিব । CARA ভানত পৰ্যটকসকলে নতুন সোৱাদ পাব ।"

CARA van facility added to Assam tourism sector
CARA ভেনৰ ভিতৰচোৱা (ETV Bharat Assam)

তেওঁ লগতে কয়, "বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকসকলে CARA ভানৰ সুবিধা বিচাৰে । CARA ভানৰ জৰিয়তে অনাগত দিনত পৰ্যটনত নতুন গতি লাভ কৰিব । নিশা প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকিব পাৰিব । পৰ্যটকৰ লগতে আন বহু ব্যক্তিয়ে এনেবোৰ সুবিধা বিচাৰে । ৰাজনৈতিক দলবোৰেও বিচাৰে ।"

"আগন্তুক পঞ্চায়ত, বিধানসভা নিৰ্বাচনত তেওঁলোকে ইয়াৰ সুবিধা ল'ব পাৰিব । CARA ভানৰ ইতিমধ্যে বুকিং আৰম্ভ হৈছে । এই তিনিখনৰ ব্যৱসায়িক লাভালাভ চাই আৰু বাহনৰ সংখ্যা বঢ়োৱাৰ চিন্তা চৰ্চা কৰা হ'ব ।" অধ্যক্ষগৰাকীয়ে কয় ।

  • প্ৰতি নিশা কটাবলৈ কিমান টকা খৰচ কৰিব লাগিব CARA ভানত ?

ভাৰত CARA ভানৰ মেনেজাৰ ৰাজু শীলে কয়, "তিনিখন CARA ভানৰ ভিতৰত এখনত দুজন লোক আৰু দুটা শিশু থাকিব পৰা ব্যৱস্থা আছে । আন এখনত চাৰিজন লোক আৰু দুজন শিশু কটাব পৰা ব্যৱস্থা আছে আৰু একেবাৰে ডাঙৰখনত ৬ জন লোক আৰু দুজন শিশুৱে কটাব পৰা ব্যৱস্থা আছে । প্ৰতিখনৰে ভাৰা বেলেগ বেলেখ হয় । বাহনত এদিন কটোৱাৰ বাবত ১৫ পৰা ৩৫ হাজাৰ টকা ভাৰা দিব লাগিব ।"

লগতে পঢ়ক: গৰমৰ পৰা সামান্য সকাহ পাব ৰাজ্যবাসীয়ে ! বৃষ্টিপাতৰ সম্ভাৱনা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ - WEATHER REPORT

এতিয়াৰে পৰা অসমৰ জহা চাউলৰ সুগন্ধেৰে আমোলমোলাব পৃথিৱীৰ এখন দেশ - JOHA RICE EXPORT TO VIETNAM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.