ETV Bharat / state

ছেকেণ্ড হেণ্ড বাইক ক্ৰয় কৰাৰ পূৰ্বে বাৰম্বাৰ ভাবক

Car and bike store scam: আপুনি ছেকেণ্ড হেণ্ড বাইক শ্ব’ৰুমৰ পৰা ক্ৰয় কৰিছে নেকি । যদি ক্ৰয় কৰিছে তেতিয়া হ’লে আজিৰ পৰা সাৱধান হওক । এটা শ্ব'ৰুমৰ পৰা ছেকেণ্ড হেণ্ড বাইক ক্ৰয় কৰি জলা-কলা খাইছে মৰিয়নীৰ এজন ব্যক্তিয়ে । পঢ়ক সবিশেষ...

Car and bike store scam
ছেকেণ্ড হেণ্ড বাইক ক্ৰয় কৰাৰ পূৰ্বে বাৰম্বাৰ ভাবক
author img

By ETV Bharat Assamese Team

Published : February 25, 2024 at 8:14 PM IST

2 Min Read
Choose ETV Bharat
ছেকেণ্ড হেণ্ড বাইক ক্ৰয় কৰাৰ পূৰ্বে বাৰম্বাৰ ভাবক

যোৰহাট, 25 ফেব্ৰুৱাৰী : ছেকেণ্ড হেণ্ড বাইক ক্ৰয় কৰোতে সাৱধান হওঁক । গ্ৰাহকক টুপী পিন্ধাই ঋণত থকা বাইক বিক্ৰী কৰে একাংশ শ্ব'ৰুমে । যোৰহাট তৰাজানস্থিত কাৰ এণ্ড বাইক ষ্টোৰৰ অদ্ভূত কাণ্ড।

আপুনি ছেকেণ্ড হেণ্ড বাইক শ্ব’ৰুমৰ পৰা ক্ৰয় কৰিছে নেকি । যদি ক্ৰয় কৰিছে তেতিয়া হ’লে আজিৰ পৰা সাৱধান হওক । এটা শ্ব'ৰুমৰ পৰা ছেকেণ্ড হেণ্ড বাইক ক্ৰয় কৰি বিপদৰ সন্মুখীন হৈছে মৰিয়নীৰ এজন ব্যক্তি । ছেকেণ্ড হেণ্ড বাইক ক্ৰয় কৰি প্ৰৱঞ্চনাৰ সন্মুখীন হৈছে মৰিয়নি নকছাৰিৰ চিদানন্দ বৰুৱা নামৰ ব্যক্তিগৰাকীয়ে ।

উল্লেখ্য যে বিগত বৰ্ষৰ মাৰ্চ মাহত যোৰহাট তৰাজানস্থিত বাইক এণ্ড কাৰ ষ্টোৰ নামৰ ছেকেণ্ড হেণ্ড বাইক শ্ব'ৰুমৰ পৰা চিদানন্দ বৰুৱা নামৰ ব্যক্তিজনে ক্ৰয় কৰিছিল বাজাজ কোম্পানীৰ এখন পালছাৰ বাইক ।

লোকজনে শ্ব'ৰুমটোৰ পৰা ৭৭ হাজাৰত পালচাৰ বাইখন ক্ৰয় কৰিছিল যদিও বাইকখনৰ নথি-পত্ৰ স্থানান্তৰ হোৱা নাছিল মৰিয়নিৰ চিদানন্দ বৰুৱা নামত । তাৰ পিচতে চিদানন্দ বৰুৱা নামৰ লোকজনে দেওবাৰে পুৱা কৰ্মস্থলীলৈ আহি থকা অৱস্থাত কেইজমান ব্যক্তিয়ে নিজকে বাজাজ ফাইনেন্সৰ বুলি পৰিচয় দি AS03 AF 8621 নম্বৰৰ পালচাৰ বাইকখন ঋণৰ EMI বাকী থকা বুলি কয় । এই কথা জানিব পাৰি চিদানন্দ বৰুৱাৰ নামৰ ব্যক্তিজনৰ মূৰত সৰগ ভাগি পৰিছে ৷

তাৰ পিচতে লোকজনে মৰিয়নী আৰক্ষী থানাত উপস্থিত হয় ৷ আৰক্ষীৰ সোধা পোছাত বাইকখনৰ গ্ৰাহকসহ বাজাজ ফাইনেন্সৰ ব্যক্তিসকল থানাত উপস্থিত হোৱাত ওলাই পৰে উৰহী গছৰ উৰ । কোনো এজন লোকে

এতিয়া ঋণ বাকী থকা বাইকখন যোৰহাট তৰাজানস্থিত বাইক এণ্ড কাৰ ষ্টোৰে কিদৰে অন্য এজন ব্যক্তিক বিক্ৰী কৰিলে সেয়া এতিয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে ।

লগতে পঢ়ক : তেজপুৰৰ বিহগুৰিত বনৰীয়া হাতী পোৱালিৰ আকস্মিক মৃত্যু