গুৱাহাটী: আপুনি কোনোবা এজেন্সীক গাড়ী ভাৰালৈ দিছে নেকি ? এইদৰে নিজৰ গাড়ীখন ভাৰালৈ দিয়াৰ আগতে এশবাৰ ভাবক । আপোনাৰ অজ্ঞাতেই এনেধৰণৰ এজেন্সীয়ে গাড়ীখন বিক্ৰী কৰিব পাৰে । কাৰণ এতিয়া গুৱাহাটী মহানগৰীত গঢ়ি উঠিছে বহুতো ভুৱা এজেন্সী । এনে এজেন্সীৰ কৱলত পৰি বহুতৰে লটিঘটি হ'বলগীয়া হৈছে । শেহতীয়াভাৱে এনে চক্ৰ এটা আৰক্ষীৰ জালত পৰাৰ পিছতেই পোহৰলৈ আহিছে বৃহৎ নেটৱৰ্কৰ কথা ।
গুৱাহাটীৰ গীতানগৰ আৰক্ষীৰ জালত পৰা বৃহৎ গাড়ী চুৰি চক্ৰই কেনেদৰে এই কাৰ্য সম্পাদন কৰি আহিছে সেই কাহিনী শুনিলে আপোনাৰো চকু কঁপালত উঠিব । গুৱাহাটীৰ বিভিন্ন ব্য়ক্তিৰ পৰা গাড়ী ভাৰালৈ লৈ মিজোৰাম, ত্ৰিপুৰা, মণিপুৰত বিক্ৰী কৰে এই চক্ৰটোৱে । প্ৰথমতে ভাৰাত লৈ পিছত কৌশলেৰে বিক্ৰী কৰে গাড়ী । আনকি এটা চক্ৰৰ জড়িয়তে গাড়ীৰ মালিকৰ পৰাও ধনো সৰকাই নিয়ে । এনেদৰে ধন সৰকোৱা এটা চক্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গীতানগৰ আৰক্ষীৰ জালত পৰা এই চুৰি চক্ৰটোৰ সদস্য়কেইটা হৈছে গগণ বৈশ্য, নয়ন ডেকা, ধৃতুৰাজ ডেকা, ছাদিকুৰ ৰহমান আৰু আব্দুল কাচিম চৌধুৰী ।
কিদৰে চক্ৰটোৱে চলাইছিল এই ব্যৱসায় ?
এই সন্দৰ্ভত ADCP সম্ভাবী মিশ্ৰাই কয়, "মহানগৰীৰ পাথৰকুঁৱেৰীৰ Rent my Wheels নামৰ এটা গাড়ী এজেন্সী চলাইছিল গগণ বৈশ্য, নয়ন ডেকা আৰু ধৃতুৰাজ ডেকাই । এই তিনিওজনে বিলাসী গাড়ী ভাৰাত লৈ শিলচৰৰ ছাদিকুৰ ৰহমানক যোগান ধৰিছিল । ৰহমানে আব্দুল কাচিম চৌধুৰীৰ সহযোগত ২৫-৩০ লাখ টকীয়া গাড়ী ৬ ৰ পৰা ৭ লাখত বিক্ৰী কৰে চুবুৰীয়া ৰাজ্য মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰাত । এইদৰে লৈ যোৱা গাড়ীবোৰ বিক্ৰী কৰিব নোৱাৰিলে চক্ৰটোৱে পুনৰ গাড়ীৰ মালিকলৈ ফোন কৰি গাড়ীখন ঘূৰাই দিয়াৰ বিনিময়ত দাবী কৰে ৭-৮ লাখ টকা । মালিকে টকা দিলে গাড়ীখন ঘূৰাই দিয়ে ।"
তেওঁ লগতে কয়, "যোৱা ২২ মে'ত গীতানগৰ থানাত এটা অভিযোগ আহিছিল । সেই গোচৰটোৰ তদন্ত কৰি এই ৫ জনক গ্ৰেপ্তাৰ কৰা হৈছে । চক্ৰটোত আৰু কোনোবা জড়িত আছে । ইয়াৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে । আনহাতে আমাৰ হাতত তথ্য থকা অনুসৰি চক্ৰটোৱে ৫ খন গাড়ী লৈ গৈছিল । তাৰে চাৰিখন বিলাসী বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো ।" তদুপৰি বিভিন্ন সময়ত চক্ৰটোৱে দুচকীয়া বাহনো বাংলাদেশলৈ চালান দিয়াৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে । ধৃত ৫ অভিযুক্তৰ ভিতৰত দুটা শিলচৰ আৰু তিনিটা অভিযুক্তক পাথৰকুঁৱেৰীৰ এজেন্সীৰ পৰা গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।