গোলাঘাট: এটা সময়ত অসমৰ বিভিন্ন প্ৰান্তত ৰাজশাসন কৰা এটা অন্যতম জনগোষ্ঠী হ'ল কছাৰীসকল । শিলচৰৰ খাচপুৰত ৰাজধানী পাতি গোলাঘাট জিলাৰ কাছমাৰী, ডিমাপুৰ, মাইবং, নগাঁও জিলাৰ ডিমৰুৱা আদিৰ লগতে ত্ৰিপুৰা ৰাজ্যৰ অন্তৰ্গত বিভিন্ন ঠাইত নিজৰ আধিপত্য বিস্তাৰ কৰি ৰাজশাসন কৰিছিল কছাৰীসকলে ।
কছাৰী ৰাজ্যৰ শাসনকাল ব্ৰিটিছ অহাৰ আগলৈকে বৰ্তি আছিল ঠাই বিশেষে । এই ৰাজ্যৰ নামেৰে অসমত দুখন জিলা বৰ্তমানেও আছে কাছাৰ আৰু উত্তৰ কাছাৰ (বৰ্তমান ডিমা হাচাও) । কছাৰী ৰাজ্যৰ আৰম্ভণিৰ কোনো ইতিহাস স্পষ্ট নাই । ডিমাপুৰৰ পূৰ্বে গোলাঘাট জিলাৰ কাছমাৰী কছাৰী ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল । আহোমৰ লগত সঘনাই হোৱা সংঘৰ্ষৰ ফলস্বৰূপে কছাৰীসকলে কাছমাৰী এৰি ডিমাপুলৈ গুচি গৈছিল ।
কিন্তু ১৫৩১ চনত আহোমে পুনৰ ডিমাপুৰ আক্ৰমণ কৰি কছাৰী কোঁৱৰ ডেটচুঙক কৰতলীয়া ৰজা পাতে । পাছত বছৰ বছৰ ধৰি কৰতলীয়া হৈ থকাৰ পাছত কছাৰী ৰজাই আহোমৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰাত আহোমে পুনৰ ডিমাপুৰ আক্ৰমণ কৰি কছাৰী ৰজাক হত্যা কৰে । তাৰ পাছত ডিমাছা কছাৰীসকলে ডিমাপুৰ ত্যাগ কৰি মাইবঙত ৰাজধানী স্থাপন কৰে ।
পাছলৈ ১৬ শ শতিকাৰ শেষৰ ফালে বৰাক উপত্যকাত ৰাজধানী স্থাপন কৰি শাসন ভাৰ চলাইছিল । শিলচৰৰ খাচপুৰত ৰাজধানী স্থাপন কৰাৰ সময়ছোৱাত চিলাৰায়ৰ ভায়েক কমল নাৰায়ণে শাসন কৰিছিল । সেই সময়ৰ সাক্ষ্য বহন কৰে কছাৰী মহল, বিষ্ণু মন্দিৰ আদিৰ লগতে বিভিন্ন ভগ্নাৱশেষ । কিন্তু পৰিতাপৰ বিষয় যে এই ঐতিহাসিক প্ৰত্নতাত্বিক সমলেৰে ভৰপূৰ স্থান ক্ৰমান্বয়ে ধ্বংসস্তুপত পৰিণত হোৱা পৰিলক্ষিত হৈছে ।
ইতিমধ্যে মূল প্ৰাসাদটো প্ৰায় অস্তিত্বহীন, কিন্তু ইয়াৰ প্ৰধান প্ৰৱেশদ্বাৰ, সূৰ্যদ্বাৰ, বিষ্ণু মন্দিৰ কিছু পৰিমাণে অক্ষত অৱস্থাত আছে ৷ এইসমূহ সংৰক্ষণ কৰিবলৈ যেন সময় নাই প্ৰত্নতাত্বিক বিভাগৰ । শেহতীয়াকৈ অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত এটা সজাতি দল বৰাক উপত্যকাত সেতু বন্ধন কাৰ্যসূচী লৈ উপস্থিত হোৱাৰ সময়ত কছাৰী ৰজাৰ ৰাজধানী পৰিদৰ্শন কৰে ।
উক্ত ঐতিহাসিক স্থান পৰিদৰ্শনৰ কৰি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া হৃদয়ানন্দ গগৈয়ে কয়, "এইটো দুমহলীয়া প্ৰৱেশদ্বাৰ বুলি লিখা আছে আৰু এই ভৱনৰ ভাস্কৰ্যসমূহ দেখিলে অনুমান হয় যে আহোম ৰাজত্বকাল আৰু কছাৰী ৰাজত্বকালৰ সময়ছোৱাত ভাষ্কৰ্য শিল্প যথেষ্ট আগবঢ়া আছিল । কাৰণ এই ভৱন নিৰ্মাণ কৰা হৈছে আজিৰ পৰা ৪৫০ বছৰ আগত ১৬৯০ খ্ৰীষ্টাব্দত আৰু আহোমৰ ৰাজত্ব আৰম্ভ হৈছিল ১২০০ খ্ৰীষ্টাব্দত । ইয়াৰ পৰা এটা কথা উপলব্ধি কৰিছোঁ সেই সময়ৰ এই ভাস্কৰ্য্য শিল্পৰ কিছু মিল দেখা যায় ।"
তেওঁ লগতে কয়, "ইয়াৰ উপৰিও চৰকাৰ বা বিভাগে যেনেদৰে সংৰক্ষণ কৰিব লাগিছিল ঠিক তেনেদৰে কৰা নাই ৷ এইটো এটা পৰিতাপৰ কথা । এই দুমহলীয়া ভৱনটো কিছু হাউলী যোৱা পৰিলক্ষিত হৈছে ৷ ইয়াক সুৰক্ষা দিবলৈ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । প্ৰায় ডেৰ কিলোমিটাৰ ভূমিত থকা এই ৰাজধানী সংৰক্ষণৰ বাবে যেনেদৰে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তেনেদৰে লোৱা নাই। মই ভাবো এইক্ষেত্ৰত বিভাগ আৰু চৰকাৰে গুৰুত্ব আৰোপ কৰিব লাগে। যিহেতু কেন্দ্ৰ আৰু ৰাজ্যত একেটা দলৰ চৰকাৰ আছে গতিকে এইক্ষেত্ৰত কিছু চিন্তা-চৰ্চা কৰিব লাগে ।"
আনহাতে সভাৰ আন এজন বিষয়ববীয়া দিগন্ত কুমাৰ ভূঞাই কয়, "এই যি কছাৰী ৰজাৰ ৰাজধানীত ভগ্নাৱশেষ আমি দেখিবলৈ পাইছোঁ প্ৰায় জহিখহি যোৱাৰ উপশম হৈছে ৷ গতিকে আমি ভাবিছোঁ এই বিষয়টোৰ ওপৰত গবেষণাৰ থল আছে । ইয়াত উপযুক্ত গবেষণা হ'ব লাগে, উপযুক্ত সংৰক্ষণ হ'ব লাগে আৰু ইয়াক পৰ্যটকৰ আকৰ্ষণৰ স্থান হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।
তেওঁ লগতে কয়, "কিন্তু দুখৰ বিষয় আমি প্ৰথমবাৰৰ বাবে ইয়ালৈ আহি দেখিছোঁ যে কছাৰী ৰজাৰ ৰাজধানীয়ে এটা বিৱৰ্তনৰ ৰূপ ধাৰণ কৰিছে । আমি আশা কৰো চৰকাৰে নিশ্চয় এই ৰাজধানী সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা কৰিব ।"