অসমত প্রতি লাখ জনসংখ্যাত কৰ্কট ৰোগীৰ সংখ্যা ১১৪ জন
বিশ্ব কৰ্কট দিৱসৰ দিনাই অসমত শুভাৰম্ভ কৰে কৰ্কট ৰোগৰ সেৱা কাৰ্যসূচী । মুঠ ৯ খন জিলাত প্রণয়ন কৰা হয় এই কাৰ্যসূচী ।

Published : February 4, 2025 at 10:44 PM IST
|Updated : February 5, 2025 at 8:58 PM IST
গুৱাহাটী: আজি বিশ্ব কৰ্কট দিৱস । বিশ্ব কৰ্কট দিৱসৰ লগত সংগতি ৰাখি মঙলবাৰে ইণ্ডাছ টাৱাছে অসম চৰকাৰ আৰু অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন (এচিচিএফ)ৰ সহযোগত গুৱাহাটী অসমত কৰ্কট ৰোগৰ সেৱা কাৰ্যসূচী শুভাৰম্ভ কৰে । যোৰহাট, বঙাইগাঁও, লখিমপুৰ, চৰাইদেউ, ধেমাজি, হাইলাকান্দি, ওদালগুৰি, শিৱসাগৰ আৰু বাক্সা মুঠ ৯ খন জিলাত এই কাৰ্যসূচী প্রণয়ন কৰা হয় । উক্ত কার্যসূচীত প্ৰচাৰ, সামূহিক পৰীক্ষা, প্রথম পর্যায়ৰ স্বাস্থ্য কর্মীৰ প্ৰশিক্ষণ, সজাগতা আৰু আচৰণ পৰিৱৰ্তন অভিযান আদি কাৰ্যসূচী গ্ৰহণ কৰা হ'ব ।
তদুপৰি কাৰ্যসূচীটোৰ অংশ হিচাপে স্বাস্থ্য আৰু কল্যাণ কেন্দ্রলৈ প্ৰেৰণ কৰাৰ লগতে দন্ত চিকিৎসকৰ দ্বাৰা মুখৰ কৰ্কট ৰোগৰ বাবে শাৰীৰিক পৰীক্ষাৰ সৈতে ঘৰে ঘৰে পৰীক্ষাৰো ব্যৱস্থা কৰা হ'ব । এই সন্দৰ্ভত ইণ্ডাছ টাৱাৰ্ছৰ চক্ৰ মুখ্য কার্যবাহী বিষয়া, এন ই এছ এ ৰাজেন্দ্ৰৰ গুৰুঙে কয়, "২০২১ চনত প্রকাশিত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আই চি এম আৰ) প্রতিবেদন অনুসৰি কৰ্কট ৰোগীৰ ৰাষ্ট্ৰীয় হাৰ প্ৰতি লাখ জনসংখ্যাত ৯৭ জন হোৱাৰ বিপৰীতে অসমত প্রতি লাখ জনসংখ্যাত এই সংখ্যা হ'ল ১১৪ জন । শেহতীয়াকৈ অসমত কৰ্কট ৰোগৰ পৰিঘটনা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু ইয়াৰ বাবে নিৰন্তৰ হস্তক্ষেপৰ প্ৰয়োজন আৱশ্যম্ভাৱী হৈ পৰিছে । এই পদক্ষেপটো অসমত স্বাস্থ্য সেৱা আন্তঃগাঁথনি আৰু সেৱাৰ মান উন্নত কৰা হ'ব । বর্তমান সময়ত সবাতোকৈ প্রয়োজনীয় বিষয়টো হ'ল আগতীয়া চিনাক্তকৰণ আৰু সময়মতে চিকিৎসা নিশ্চিত কৰা । প্ৰতিজন ব্যক্তিৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰি তেওঁলোকৰ অৱস্থান নির্বিশেষে, সর্বশ্রেষ্ঠ সম্ভৱ কৰ্কট ৰোগৰ সেৱা প্ৰাপ্ত কৰাত সহায় কৰাই হ'ল আমাৰ প্ৰয়াস ।"
আনহাতে অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন (এচিচিএফ)ৰ মুখ্য সঞ্চালন বিষয়া ডাঃ জে পি প্রসাদে কয়,"এ চি চি এফে নিৰন্তৰে অসমত কৰ্কট ৰোগৰ দৃশ্যপটক প্রতিৰোধমূলকৰ পৰা উপশমকাৰীলৈ পৰিৱৰ্তন কৰাত অগ্ৰসৰ হৈছে । অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনে ২০২৭ ৰ ভিতৰত ১ কোটি জনসংখ্যাৰ স্ক্ৰীনিং কৰিবলৈ সাজু হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পহিলা ফেব্ৰুৱাৰীত এই কাৰ্যসূচী শুভাৰম্ভ কৰিছে । ৰাজ্যৰ ৩৫ খন জিলাত এই স্ক্ৰীনিং কৰা হ'ব ।"

