ETV Bharat / state

৪৮ মাহৰ ভিতৰত নিৰ্মাণ হ'ব সাৰ কাৰখানাত চতুৰ্থ গোট, উৎফুল্লিত সাৰ কাৰখানাৰ কৰ্মচাৰী - NAMRUP FERTILIZER FACTORY

উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাত চতুৰ্থ গোটৰ কেবিনেট অনুমোদন । উৎফুল্লিত সাৰকাৰখানাৰ কৰ্মচাৰী তথা দল-সংগঠন ।

Cabinet approval of 4th Group at Namrup Fertilizer Factory
৪৮ মাহৰ ভিতৰত নিৰ্মাণ হ'ব সাৰ কাৰখানাত চতুৰ্থ গোট (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 20, 2025 at 6:27 PM IST

3 Min Read

মৰাণ: উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা । প্ৰাকৃতিক গেছক কেঁচামাল হিচাপে লৈ সাৰ উৎপাদন কৰি আহিছে নামৰূপ সাৰ কাৰখানাই । ১৯৬৯ চনৰ ১ জানুৱাৰীত নামৰূপ সাৰ কাৰখানাৰ উৎপাদন আৰম্ভ হৈছিল আৰু পৰৱৰ্তী সময়ত নামৰূপ সাৰ কাৰখানাৰ তিনিটা গোট বা প্লান্ট হৈছিলগৈ । কিন্তু বিভিন্ন কাৰণত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাৰ ক্ৰমাৎ মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছিল ।

ফলত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ দাবীত দুটা দশক ধৰি আন্দোলন চলি আহিছে । ইয়াৰ মাজতে ২০০৬ চনত কেন্দ্ৰীয় সাৰ মন্ত্ৰী ৰাম বিলাস পাছোৱানে নামৰূপ সাৰ কাৰখানা অধিক কাৰ্যক্ষম কৰিবলৈ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটোত চতুৰ্থ গোট নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যকৰী হোৱা নাছিল । কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সাৰ কাৰখানাৰ ১২.৭ লাখ মেট্ৰিকটন ইউৰীয়া উৎপাদনক্ষম এটা নতুন গোট নিৰ্মাণ হ’ব বুলি আনুষ্ঠানিক ঘোষণা কৰা পাছতে বুধবাৰে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায় ।

৪৮ মাহৰ ভিতৰত নিৰ্মাণ হ'ব সাৰ কাৰখানাত চতুৰ্থ গোট (ETV Bharat Assam)

এক বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় চৰকাৰে । ফলত বহু প্ৰতীক্ষাৰ অন্তত প্ৰায় ১৯ বছৰৰ পাছত মৃতপ্ৰায় নামৰূপ সাৰ কাৰখানালৈ সঞ্জীৱনী ঘূৰি আহিছে । কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সাৰ কাৰখানাৰ ১২.৭ লাখ মেট্ৰিকটন ইউৰীয়া উৎপাদনক্ষম এটা নতুন গোট নিৰ্মাণ হ’ব বুলি আনুষ্ঠানিক ঘোষণা কৰিলেও সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বাবে ৪০% অসম চৰকাৰ আৰু ৬০%অংশীদাৰিত্ব ভাৰত চৰকাৰে গ্ৰহণ কৰিব বুলি সিদ্ধান্ত হৈছিল ।

নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণত ৪০% অসম চৰকাৰে বিনিয়োগ কৰিবলৈ অসম চৰকাৰে কেবিনেটত ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে । কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত অনুসৰি উদ্যোগটো নিৰ্মাণৰ বাবে অসম চৰকাৰে ৪০%, নামৰূপ সাৰ কাৰখানাই ১১%, NFL ৰ ১৮%, HURL ৰ ১৩% আৰু OIL ৰ ১৮% অংশীদাৰিত্ব নিশ্চিত হয় । এই উদ্যোগটো অনাগত ৪৮ মাহৰ ভিতৰত নিৰ্মাণ কৰাৰ কথাও বিবৃতিত উল্লেখ কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তই উৎফুল্লিত কৰিছে নামৰূপ সাৰ কাৰখানাৰ কৰ্মচাৰীসকলৰ লগতে দল-সংগঠনক ।

উৎফুল্লিত নামৰূপ সাৰ কাৰখানাৰ কৰ্মচাৰী:

নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ দাবীত দুটা দশক ধৰি আন্দোলন চলি আহিছে । মাজে-সময়ে খবৰ ওলাইছিল উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা বন্ধ কৰি দিয়া হ'ব বুলি । ফলত এই উদ্যোগটোৰ প্ৰায় ৪৫০ গৰাকী স্থায়ী আৰু ১৫০০ অস্থায়ী কৰ্মচাৰীয়ে চাকৰি হেৰুওৱাৰ ভয় এটা লৈ দিন পাৰ কৰিছিল । কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ পাছতে সাৰ কাৰখানাৰ তিনিখন ইউনিয়ন ফাৰ্টিলাইজাৰ শ্ৰমিক ইউনিয়ন, ফাৰ্টিলাইজাৰ ৱকাৰ্চ ইউনিয়ন আৰু ফাৰ্টিলাইজাৰ ইণ্ডিপেণ্ডেন্ট ইউনিয়নৰ সদস্যসকলে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক: অসমৰ এখন জিলাতো হোৱা নাই জল জীৱন মিছনৰ এশ শতাংশ কাম - JAL JEEVAN MISSION ASSAM

বৰাকত হ'ব অসম সাহিত্য সভাৰ তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশন - ASAM SAHITYA SABHA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.