১৩ নৱেম্বৰত অসমৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন
দুই ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ লগতে দেশৰ ৪৮ টা বিধানসভা আৰু দুটা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা ।

Published : October 15, 2024 at 4:56 PM IST
|Updated : October 15, 2024 at 5:25 PM IST
নিউজ ডেস্ক, ১৫ অক্টোবৰ : অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ সৈতে দেশৰ ৪৮ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা । লগতে দুটা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ দিনো ঘোষণা । নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে মঙলবাৰে দুই ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ লগতে উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে । দুটা পৰ্যায়ত ১৩ আৰু ২০ নৱেম্বৰত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন ।
অসমত কেতিয়া অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন
অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে ১৩ নৱেম্বৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ।
কোন কোন সমষ্টিত হ'ব উপ-নিৰ্বাচন
১১ নং ধলাই
৩১ নং চিদলী
৩২ নং বঙাইগাঁও
৭৭ নং বিহালী
৮৮ নং চামগুৰি
অধিসূচনা জাৰি : ১৮ অক্টোবৰ
মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম তাৰিখ : ২৫ অক্টোবৰ
মনোনয়ন পৰীক্ষা : ২৮ অক্টোবৰ
মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ : ৩০ অক্টোবৰ
ভোটগণনা : ২৩ নৱেম্বৰ
কোন ৰাজ্যত কোন কোন সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন
বিহাৰ (৪টা সমষ্টি)
২০৩ নম্বৰ ৰামগড়
১৯৬ নং তাৰাৰি
২২৭ নং ইমামগঞ্জ
২৩২ নং বেলাগঞ্জ
গুজৰাট (এটা)
৭ নং ভাভ
কৰ্ণাটক (তিনিটা)
৮৩ নং শ্বিগগাঁও
৯৫ নং ছন্দুৰ
১৮৫ নং চান্নাপাটনা
কেৰালা (তিনিটা, দুটা বিধানসভা আৰু এটা লোকসভা)
৫৬ নং পালাক্কাড়
৬১ নং চেলাক্কাৰা
৪ নং ৱায়নাড় (লোকসভা সমষ্টি)
মধ্যপ্ৰদেশ (দুটা)
১৫৬ নং বুধনি
০২ নং বিজয়পুৰ
মহাৰাষ্ট্ৰ (এটা)
১৬ নং নানডেড (লোকসভা সমষ্টি)
মেঘালয় (এটা)
৫৬ নং গামবেগ্ৰে
পঞ্জাব (চাৰিটা)
৮৪ নং গিড্ডাৰবাহা
১০ নং ডেৰা বাবা নানক
১০৩ নং বাৰনালা
৪৪ নং চাব্বেৱাল
ৰাজস্থান (৭ টা)
১৬১ নং চোৰাচি
১১০ নং খিন্বছৰ
৮৮ নং ডৌচা
২৭ নং ঝুনঝুনু
৮৭ নং দেউলি উনিয়াৰা
১৫৬ নং ছেলুমবাৰ
৬৭ নং ৰামগড়
ছিকিম (দুটা)
০৭ নং চোৰেং-চাকুং
১১ নং নামচি চিংঘিটাং
উত্তৰ প্ৰদেশ (৯ টা)
১৬ নং মীৰাপুৰ
২৯ নং কুণ্ডাৰ্কি
৫৬ নং গাজিয়াবাদ
৭১ নং খৈৰ
১১০ নং কাৰহাল
২৫৬ নং ফুলপুৰ
২৭৭ নং কাটিহাৰি
৩৯৭ নং মাঝৱান
২১৩ নং ছিচামাউ
উত্তৰাখণ্ড (এটা)
০৭ নং কেদাৰনাথ
পশ্চিমবংগ (৬ টা)
২৫১ নং তালডাংগ্ৰা
০৬ নং সিতাই (এছ চি)
১০৪ নং নয়হাতি
১২১ নং হাৰোৱা
২৩৬ নং মেদিনীপুৰ
১৪ নং মদাৰিহাট
২ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা
ইয়াৰ উপৰি মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডতো ১৩ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । আনহাতে, ভোটগণনা অনুষ্ঠিত হ'ব ২৩ নৱেম্বৰত ।

