ETV Bharat / state

বিহালীত দুই মেৰুত দুই ছাত্ৰ সংগঠন !

গৰম হৈ উঠিছে বিহালীৰ নিৰ্বাচনী বতাহ । দুই ছাত্ৰ সংগঠনৰ সমৰ্থন দুই ৰাজনৈতিক দললৈ ।

AASA openly support Congress in Behali
বিহালীত দুই মেৰুত দুই ছাত্ৰ সংগঠন ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 9, 2024 at 9:25 PM IST

2 Min Read
Choose ETV Bharat

বিশ্বনাথ: ১৩ নৱেম্বত অনুষ্ঠিত হ'ব অসমত ৫ টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন । তাক লৈ এতিয়া ব্যস্ত শাসক-বিৰোধী । ইফালে দলে-বলে বিজেপি মন্ত্ৰী-বিধায়ক বিহালীত নামি পৰিছে বিজেপি দলৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰক জয়ী কৰাবলৈ । তাৰ সমান্তৰালকৈ কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে বিহালীত যোৱা এমাহ ধৰি বাহৰ পাতি কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ প্ৰচাৰ চলাইছে । ইফালে এতিয়া বিহালীত দেখা গৈছে চাহ জনগোষ্ঠীৰ ভোটাৰক লৈ অংক মিলোৱাত ব্যস্ত দুই সংগঠন ।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই আজি বিহালীত এক সংবাদমেল আয়োজন কৰি কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাক ভোট দিবলৈ ৰাইজক মুকলি সমৰ্থন জনায় । একপ্ৰকাৰে ক'বলৈ গ'লে বিহালী উপ-নিৰ্বাচনক লৈ দুই ৰাজনৈতিক দলক দুই অৰাজনৈতিক ছাত্ৰ-সংগঠনৰ সমৰ্থনৰ অঘোষিত প্ৰতিযোগিতাই সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

বিহালীত দুই মেৰুত দুই ছাত্ৰ সংগঠন ! (ETV Bharat Assam)

উল্লেখ্য যে দুদিন পূৰ্বে বিশ্বনাথ জিলা আটছাই বিজেপি দলক মুকলিকৈ সমৰ্থন কৰাৰ পিছতেই শনিবাৰে কংগ্ৰেছ দলক মুকলিকৈ সমৰ্থন কৰি আদিবাসী ৰাইজক কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাক ভোট দিবলৈ মুকলি আহ্বান জনাই আছাৰ কেন্দ্ৰীয় সমিতি উপ-সভাপতি মেলখাছ তপ্প' আৰু জিলা সহকাৰী সম্পাদক সঞ্জীৱ তাঁতীয়ে ।

আনহাতে সঞ্জীৱ তাঁতীয়ে বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি কয়,"চাহ শ্ৰমিকৰ ৫৫ শতাংশ লোক থকা বিহালী সমষ্টি কিয় অনুসূচীত জাতিৰ বাবে সংৰক্ষণ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে ।" লগতে আছা নেতা মেলখাছ তপ্প'ই কয়,"মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি বিহালীত ১৪ খন চৰকাৰী বিদ্যালয় বন্ধ কৰি ৩ খন মদৰ দোকান খুলিবলৈ অনুমতি দিছে যাৰ ফলত এজন যুৱকে আজি আপোনাক মদ খাই প্ৰশ্ন কৰিছে । ভৱিষ্যত শ শ বিহালীৰ যুৱকে মদ্যপান কৰি আপোনাক প্ৰশ্ন কৰিব ।"

লগতে পঢ়ক: আদিবাসী বাচাও সংগ্ৰামত ২০২৬ চনৰ পূৰ্বেই জনজাতিকৰণৰ দাবী আছাৰ - AAASA Demand ST

আমাক এছ টি লাগিবই: মুছলপুৰত আছাৰ হুংকাৰ - AASAA protest at Musalpur