জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পখিলা মাহ উদযাপন
ৰং-বিৰঙৰ পখিলাৰে জিলিকি উঠিছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান । পখিলা মাহ উপলক্ষে অসমৰ লগতে কেইবাখনো ৰাজ্যৰ পখিলা বিশেষজ্ঞৰ অংশগ্ৰহণ ।

Published : September 2, 2025 at 5:47 PM IST
ডিব্ৰুগড় : জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ দিহিং-পাটকায়ে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰাৰ পাছতে দেশী-বিদেশী পৰ্যটকে ভিৰ কৰিছেহি । ২০০৪ চনত ডিব্ৰুগড় জিলাৰ জয়পুৰ, ডিৰাক আৰু আপাৰ দিহিঙৰ ৯০০ বৰ্গ কিলোমিটাৰ সামৰি থকা দিহিং পাটকাইক বনাঞ্চল হিচাপে স্বীকৃতি দিয়াৰ পাছত ২০২১ চনত দিহিং পাটকায়ে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে ।
স্তন্যপায়ী জীৱ, বিভিন্ন প্ৰজাতিৰ পক্ষী, মাছ, সৰীসৃপ, ভালুক, উৰণীয়া কেৰ্কেটুৱা, বনগাহৰি, বিলুপ্তপ্ৰায় হলৌ বান্দৰ, ভিন্ন প্ৰজাতিৰ অৰ্কিড আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা সৰু-বৰ জলপ্ৰপাতসমূহে এতিয়া পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।
ইয়াৰ সমান্তৰালভাৱে ৰং-বিৰঙৰ পখিলাৰ বাবেও বিখ্যাত হৈ উঠিছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান । ৰং-বিৰঙৰ পখিলাৰ নান্দনিক দৃশ্য চাবলৈ ৰাষ্ট্ৰীয় উদ্যানখনত ভিৰ কৰিছেহি দেশী-বিদেশী পৰ্যটকে । জানিব পৰা অনুসৰি, অসমখন প্ৰায় ৯৬২ বিধ প্ৰজাতিৰ পখিলাৰ আৱাসস্থল হিচাপে চিহ্নিত হৈছে ৷ তাৰ ভিতৰত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় তিনি শতাধিক পখিলা সহজে দেখিবলৈ পোৱা যায় বুলি ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে । এক কথাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক পখিলাৰ ভূ-স্বৰ্গ বুলি বহু প্ৰকৃতিপ্ৰেমীয়ে ক'ব খোজে ।

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পখিলা মাহ উদযাপন
জৈৱ- বৈচিত্ৰ্যৰে ভৰপূৰ দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান পখিলাৰ ভূ-স্বৰ্গত পৰিণত হৈছে । ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত থকা বিভিন্ন প্ৰজাতিৰ ৰং-বিৰঙৰ পখিলা চাবলৈ দেশ-বিদেশৰ পৰ্যটকে ভিৰ কৰাৰ সময়তে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত তিনিদিনীয়া কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক পখিলা মাহ উদযাপন কৰা হয় ।

অসম চৰকাৰৰ বন বিভাগ, গ্ৰীণ বাৰ্ড ছ'চইটী, নৰ্থ ইষ্ট ব্লাৰডিং ট্যুৰ, ট্ৰেলেছ অব নৰ্থ-ইষ্ট, ৰেইন ফৰেষ্ট ইণ্ডিয়ান, বেগ পেক গ' এডভেন্সাৰ, কৃষ্ণা ডৰিক হোম ষ্টে আৰু পাটকাই লেবাংকুলা যুৱক সংঘকে আদি কৰি বহুকেইটা বেচৰকাৰী সংস্থাৰ উদ্যোগত আয়োজন কৰা হয় পখিলা মাহ কাৰ্যসূচী । মঙলবাৰলৈকে অনুষ্ঠিত এই অনুষ্ঠানত বহুকেইগৰাকী পখিলা বিষেশজ্ঞৰ উপস্থিতিত অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ডৰ লগতে অসমৰ প্ৰায় ৭০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পূব অংশ লক্ষীপথাৰ, চৰাইপুঙৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ পশ্চিম অংশলৈকে পখিলা মাহ উদযাপন কৰা হয় । পখিলা মাহ উদযাপনত ৰাষ্ট্ৰীয় উদ্যানত থকা বিভিন্ন প্ৰজাতিৰ পখিলা চিনাক্ত কৰা আৰু নৱপ্ৰজন্মক বিলুপ্ত হ'বলৈ ধৰা পখিলাৰ সৈতে চিনাকি কৰাই দিয়াৰ চেষ্টা কৰা হয় । থলুৱা জ্ঞান বিনিময় আৰু তৃণমূল পৰ্যায়ৰ সংৰক্ষণৰ পোষকতা কৰাৰ লগতে দিহিং পাটকাইৰ পৰিৱেশ সমৃদ্ধিৰ লক্ষ্যৰে অনুষ্ঠিত এই কাৰ্যসূচীত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বহুকেইখন বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

পখিলা আৰু জৈৱ-বৈচিত্ৰ্যৰ ভাৰসাম্য কেনেকৈ সংৰক্ষিত কৰিব পাৰি তাৰ ওপৰত আলোচনা
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত পখিলা মাহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি অৰুণাচলৰ এগৰাকী যুৱতীয়ে কয়, "এই কাৰ্যসূচীত আহি খুব ভাল লাগিল । পখিলাৰ কথা জানিব পাৰিলোঁ । ইয়াত গৱেষক আৰু বিশেষজ্ঞসকলৰ পৰা পখিলাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানৰ বহু নজনা কথা জানিব পাৰিলোঁ ।"

আনহাতে, অনুষ্ঠানটোৰ এজন উদ্যোক্তা মাধৱ গগৈয়ে কয়, "এইবাৰ তৃতীয়বাৰৰ বাবে পখিলা মাহ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে । গোটেইকেইটা দিনত শতাধিক লোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে । পখিলা আৰু জৈৱ-বৈচিত্ৰ্যৰ ভাৰসাম্য কেনেকৈ সংৰক্ষিত কৰিব পাৰি সেই বিষয়ে এই অনুষ্ঠানত আলোচনা কৰা হৈছে । অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰকৃতিপ্ৰেমীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ।"

