গুৱাহাটী : এতিয়া ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ মাহ ৰমজান চলি আছে ৷ সমাগত ঈদ-উল-ফিতৰ ৷ স্বাভাৱিকতেই এই সময়ত ঈদৰ বতৰ বুলি ক’লেই মনলৈ আহে বিভিন্ন সুস্বাদু খাদ্যৰ কথা ৷ বিশেষকৈ বিৰিয়ানী, শ্বীৰ-কোৰমা, ছেৱাইয়াৰ দৰে জনপ্ৰিয় খাদ্যৰে উপচি পৰে ছেহেৰী আৰু ইফতাৰৰ পৰ্ব ৷
হায়দৰাবাদৰ হালিম, লক্ষ্ণৌৰ কাবাব, ক’লকাতাৰ বিৰিয়ানীকে ধৰি নানা ব্যঞ্জনৰ কথা এই সময়চোৱাত সকলোৰে মুখে মুখে ৷ এই খাদ্যৰ কথা শুনি নিশ্চয় আপোনাৰ মুখলৈও পানী আহিছে ৷ পিচে আপুনি যদি অসম বা গুৱাহাটীৰ বাসিন্দা তেনেহ’লে এই লোভনীয় খাদ্যবোৰৰ জুতি লোৱাৰ সৌভাগ্য নাই বুলি ভাবি আছে নেকি? বিশেষকৈ সুনাম থকা লক্ষ্ণৌৰ বিশেষ মোগলাই পৰঠা, বিভিন্ন প্ৰকাৰৰ সুস্বাদু মিঠাইৰ লগতে আকৌ মূৰ্গী মাংসৰ বিভিন্ন ব্যঞ্জন- যিবোৰ দেখিলেই আপোনাৰ লোভৰ পানী পৰে ৷
নিৰাশ নহ’ব ৷ লক্ষ্ণৌৰ এই সোৱাদ ল’বলৈ পিছে আপুনি অসমৰ পৰা উত্তৰ প্ৰদেশ বা আন আন ডাঙৰ ৰেস্তোৰাঁলৈ যাব নালাগে ৷ গুৱাহাটীতৰ মদিনা চুইটচ হাউচতেই পাব এই সোৱাদ ৷ বিভিন্ন ষ্টাইলত সজাই থোৱা এই খাদ্যৰ প্ৰকৰণে মোক খা-মোক খা কৰি আছে !
হয়, লক্ষ্ণৌৰ বিশেষ মোগলাই পৰঠা, বিভিন্ন প্ৰকাৰৰ চুজি, গাজৰ, গোম, মগু দাইলৰ হালোৱা, লালমোহন (গোলাপ জামুন), জেলেপীৰ লগতে বিভিন্ন প্ৰকাৰৰ মিঠাই, নিমকী, চিকেন ফ্ৰাই, চিকেন বিৰিয়ানীৰ সোৱাদ দিছে লক্ষ্ণৌৰ এগৰাকী ব্যৱসায়ীয়ে । মহানগৰীৰ মাছখোৱাত প্ৰতিবছৰৰ দৰে এইবাৰো লক্ষ্ণৌৰ পৰা খাদ্যসম্ভাৰ লৈ আহিছে এই ব্যৱসায়ীগৰাকীয়ে ।

আমি উল্লেখ কৰা লক্ষ্ণৌৰ পৰা অহা এই ব্যৱসায়ীগৰাকীৰ নাম আফতাব আলম ৷ তেওঁ উল্লেখ কৰা মতে, হালোৱা প্ৰতি কিলোগ্ৰাম ২৪০ টকা, গাজৰৰ হালোৱা, মগু দাইল হালোৱা প্ৰতি কিলোগ্ৰাম ৬০০ টকা, চিকেন বিৰিয়ানী ১২০ টকা, চিকেন ফ্ৰাই, চিকেন মচলা ১৫০ টকাকৈ বিক্ৰী কৰিছে মদিনা চুইটচ হাউচত ।

উল্লেখ্য যে ৰমজান হৈছে ইছলাম ধর্মাৱলম্বী লোকসকলৰ বাবে পৱিত্ৰ মাহ । এই মাহটোত দিনটো অনাহাৰে থাকি ৰোজা পালন কৰে ইছলাম ধর্মাৱলম্বী লোকসকলে । এই ৰমজান মাহতেই সুস্বাদু আহাৰেৰে ভৰি পৰিছে এই মদিনা চুইটচ হাউচ নামৰ বিশেষ বিপণিখন ।

লক্ষ্ণৌৰ পৰা কেনেকৈ গুৱাহাটীলৈ আহিছিল আফতাব আলম :
প্ৰায় ৫০ বছৰ ধৰি মিঠাই ব্যৱসায়ৰ লগত জড়িত আফতাব আলমে লক্ষ্ণৌত বিভিন্ন মেলাত মদিনা চুইটচ হাউচ নামৰ বিপণিখনৰ জৰিয়তে সুস্বাদু খাদ্য বিক্ৰী কৰি আহিছে ৷ মেলাবোৰলৈ যাওঁতে অসমৰ কোনো লোকৰ লগত চিনাকী হৈছিল । তেওঁলোকে সেইসূত্ৰে অসমলৈ খাদ্য সামগ্ৰী বিক্ৰী কৰিবলৈ নিমন্ত্ৰণ জনাইছিল ।

প্ৰথমে তেওঁ ১৯৯৪ ত হোজাইত হোৱা এক ধৰ্মীয় অনুষ্ঠানত লক্ষ্ণৌৰ সুস্বাদু খাদ্যৰ অস্থায়ী বিপণি স্থাপন কৰিছিল । তাৰ পিছত শিলচৰ আৰু নগাঁৱতো ধৰ্মীয় মেলাত খাদ্য বিক্ৰী কৰিছিল । পৰৱৰ্তী সময়ত ২০০০ চনৰ পৰা প্ৰতিবছৰে ৰমজান মাহত মহানগৰীৰ মাছখোৱাত অস্থায়ী বিপণি স্থাপন কৰি লক্ষ্ণৌৰ খাদ্যৰ সোৱাদ দি আহিছে মহানগৰবাসীক । প্ৰথম অৱস্থাত তেওঁৰ এখনহে অস্থায়ী বিপণি আছিল যদিও বৰ্তমান তেওঁৰ দুখন অস্থায়ী বিপণি আছে ।
ব্যৱসায় সম্পৰ্কত কি কয় আফতাব আলমে :
তেওঁ কয়, "ৰমজানৰ মাহত অসমলৈ অহাটো মোৰ চখ । কাৰণ অসমৰ মানুহৰ ব্যৱহাৰ ভাল ৷ প্ৰশাসনেও খুব ভালদৰে ব্যৱহাৰ কৰে ৷ যাৰ বাবে ২০০০ চনৰে পৰা প্ৰতি বছৰে ৰমজানৰ মাহত মই গুৱাহাটীলৈ আহো । এইবাৰো তাৰ ব্যতিক্ৰম নহয় । আমাৰ বিপণিত সকলোতকৈ চাহিদা বেছি মোগলাই পৰঠা-হালোৱাৰ । তাৰ উপৰিও ঘিত বনোৱা গাজৰৰ হালোৱা, বিৰিয়ানী, চিকেন মচলা, চিকেন ফ্ৰাই আৰু মিঠাইৰো চাহিদা আছে ।’’

‘‘পুৱা ৫ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আমাৰ খাদ্য সামগ্ৰীবোৰ প্ৰায় ১২ জন কৰ্মচাৰীয়ে বনায় । দুপৰীয়া ১ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ খাদ্যবোৰ বিক্ৰী কৰা হয় । গুৱাহাটীৰ লগতে গুৱাহাটীৰ দাঁতি-কাষৰীয়া অঞ্চলৰ পৰা গ্ৰাহক আহে আমাৰ বিপণিলৈ । ৩০ শতাংশ হিন্দু গ্ৰাহক আহে আমাৰ খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ । আমি যিবোৰ খাদ্য সামগ্ৰী বনাও সেইবোৰৰ কেঁচা সামগ্ৰী গুৱাহাটীৰ পৰা ক্ৰয় কৰো যদিও লক্ষ্ণৌৰ পৰা অনা মচলাবোৰ আমি খাদ্যত ব্যৱহাৰ কৰো । যাৰ বাবে আমাৰ খাদ্যৰ সোৱাদটো অলপ আনতকৈ পৃথক হয় ।"

তেওঁ লগতে কয়, "২০০০ চনত প্ৰথমবাৰ যেতিয়া গুৱাহাটীত বিপণি দিছিলো তেতিয়া মোগলাই পৰঠা-হালোৱা আৰু জেলেপীকে ধৰি দুই-তিনিবিধ মিঠাই আছিল । চাহিদা বৃদ্ধি হোৱাৰ লগে লগে বৰ্তমান প্ৰায় ২০ বিধ খাদ্য সামগ্ৰী পোৱা যায় । আমাৰ বিপণিত পূৰ্বতকৈ ৩০% খাদ্য সামগ্ৰীৰ বিক্ৰী বৃদ্ধি পাইছে । মূল্যবৃদ্ধিৰ বাবেই বিগত বৰ্ষৰ তুলনাত ২০% মূল্য খাদ্য সামগ্ৰীত বৃদ্ধি পাইছে ।"
লগতে পঢ়ক : কিদৰে পাালন কৰিব লাগে ৰমজানৰ ৰোজা ? লগতে পঢ়ক : গৰমৰ বতৰত আমি খেজুৰ খাব লাগেনে ? কি কয় বিশেষজ্ঞই |