ETV Bharat / state

চোৰৰ টাৰ্গেট সুৰা, লুটিলে সুৰা বিপনী

সোণ, ৰূপতকৈয়ো যেন মূল্যবান সুৰা । সেয়ে চোৰৰ লক্ষ্য এইবাৰ সুৰা বিপনী । দামী ব্ৰেণ্ডৰ সুৰাৰ লগতে চোৰে নিলে চিচিটিভিৰ সামগ্ৰী, প্ৰায় ডেৰলাখ টকা ।

Burglary at liquor vend in Guwahati's Pathar Kuwari
চোৰৰ টাৰ্গেট সুৰা, লুটিলে সুৰা বিপনী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 5, 2025 at 10:52 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: মহানগৰীত বাঢ়িছে চোৰৰ উপদ্ৰৱ । কেতিয়াবা যদি চিলনী চোৰে থপিয়াই নিছে আপোনাৰ ডিঙিৰ সোণৰ চেইন, আন কেতিয়াবা আকৌ কাঢ়ি নিছে আপোনাৰ ম'বাইল ফোনটো । আন কেতিয়াবা আকৌ আপুনি নিজৰ কিবা কামত নাইবা আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ যাওতেই চোৰে আপোনাৰ ঘৰৰ দুৱাৰ ভাঙি চলাইছে চাফাই অভিযান । এইবাৰ পিছে চিলনী চোৰে থপিয়াই নিয়া নাই কাৰোবাৰ প্ৰয়োজনীয় সম্পত্তি, নাইবা লুট কৰা নাই কাৰোবাৰ বাসগৃহ । চোৰে নিলে সুৰাৰ বটল, লগত চিচিটিভি কেমেৰা, নগদ ধন ।

ঘটনাৰ স্থান পাথৰ কোৱাৰী । মহানগৰীৰ পাথৰকোৱাৰীৰ এখন সুৰা বিপনীত সংঘটিত হয় এক চাঞ্চল্যক চুৰিকাণ্ড । পাথৰ কোৱাৰীৰ কামৰূপ ৱাইন শ্বপ নামৰ বিপনীখনত বুধবাৰে পুৱতি নিশা এই চুৰি কাণ্ডৰ ঘটনা সংঘটিত হয় । চোৰে সুৰা বিপনীখনৰ পিছফালেৰে প্ৰৱেশ কৰি গ্ৰীলৰ তলা ভাঙি বিপনীখনৰ ভিতৰৰ পৰা চুৰি কৰি লৈ যায় বহু দামী বেণ্ডৰ সুৰা ।

চোৰৰ টাৰ্গেট সুৰা, লুটিলে সুৰা বিপনী (ETV Bharat Assam)

সুৰা বিপনীখনৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়া মতে চোৰে দোকানখনৰ প্ৰায় দুই লাখ টকাৰ দামী বিভিন্ন ব্ৰেণ্ডৰ সুৰা আৰু কেছ বক্স পৰা নগদ ডেৰ লাখ টকা লুটি লৈ যায় । আনকি চোৰে দোকানখন চি চি টিভি আৰু চিচি টিভি ৰ DVR পৰ্যন্ত চুৰি কৰি লৈ যায় । বুধবাৰে দিনৰ ১১ বজাত সুৰা বিপনীখনৰ কৰ্মচাৰীয়ে বিপনীখন খুলিবলৈ গৈ চুৰি হোৱা বুলি জানিব পাৰি ততালিকে স্থানীয় নুনমাটি আৰক্ষীক খবৰ দিয়ে ।

ঘটনাস্থলীত নুনমাটি আৰক্ষীৰ লোক উপস্থিত হৈ ওচৰৰ দোকানৰ চিচি টিভিৰ ফুতেজ সংগ্ৰহ কৰি চোৰৰ সন্ধানত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । কিন্তু বৰ্তমান পৰ্যন্ত চোৰৰ কোনো সম্ভেদ উলিয়াব পৰা নাই নুনমাটি আৰক্ষীয়ে । পিছে স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকা মহানগৰীত দিনকদিনে চোৰৰ উপদ্ৰৱ বৃদ্ধি হোৱাত চিন্তিত হৈ পৰিছে স্থানীয় লোক ।

লগতে পঢ়ক: বাটৰ কুকুৰৰ পৰা কিছু সকাহ; জলাতংক নিৰ্মূলৰ বাবে শুভাৰম্ভ এক প্ৰকল্প - RABIES DISEASE

পৌৰ নিগমৰ কৰ্মচাৰীৰ সেৱা প্রাদেশিকীকৰণ কৰা হ'ব: জয়ন্ত মল্লবৰুৱা - ASSAM CABINET DECISION