ETV Bharat / state

বিমানত বহিবলৈকে নাপালে, চিকিউৰিটি চেকিঙৰ সময়তে বেগত ওলাল গুলী

মোহনবাৰী বিমানবন্দৰত এগৰাকী যাত্ৰীৰ বেগৰ পৰা উদ্ধাৰ নাইন এম এম পিষ্টলৰ এটা সক্ৰিয় গুলী ৷

Bullet found in businessmans bag during security check at Dibrugarh Airport
মোহনবাৰী বিমানবন্দৰত সক্ৰিয় গুলী উদ্ধাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 11, 2025 at 3:33 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: মঙলবাৰে দিনৰ ভাগত হঠাৎ হুৱাদুৱা লাগিল ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত ৷ গুলী ওলাইছে গুলী... ৷ চাৰিওফালে এক হুলস্থূলীয়া পৰিৱেশ ৷ জানিব পৰা মতে, ডিব্ৰুগড় বিমানবন্দৰত এগৰাকী যাত্ৰীৰ বেগৰ পৰা চিকিউৰিটি চেকিঙৰ সময়ত উদ্ধাৰ হৈছে নাইন এম এম পিষ্টলৰ এটা সক্ৰিয় গুলী ৷

তথ্য অনুসৰি, সোমবাৰে নিশা ইণ্ডিগ' বিমানৰেৰে চিম্ভো দয়াল নামৰ এগৰাকী যাত্ৰীয়ে ডিব্ৰুগড়ৰ পৰা নিজ গৃহ ৰাজস্থানলৈ বুলি যাবলৈ যথাসময়ত ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হৈছিল । সেই সময়তে বিমানবন্দৰৰ নিয়ম অনুসৰি নিৰাপত্তাৰক্ষীয়ে ব্যক্তিজনে লগত নিয়া বেগকেইটা পৰীক্ষা কৰে ৷ নিৰাপত্তাৰক্ষীয়ে ব্যক্তিজনৰ বেগকেইটা পৰীক্ষা কৰাত ধৰা পেলাই যে তেওঁৰ এটা বেগত আছে নাইন এম এম পিষ্টলৰ এটা সক্ৰিয় গুলী ।

যাত্ৰীৰ বেগৰ পৰা উদ্ধাৰ সক্ৰিয় গুলী (ETV Bharat)

গুলীটো উদ্ধাৰ হোৱা পাছতে ডিব্ৰুগড় বিমানবন্দৰৰ ঘটনাস্থলীত মোহনবাৰী আৰক্ষী উপস্থিত হৈ ব্যক্তিজনক সোধা-পোছা কৰে আৰু প্ৰাৰম্ভিক কিছু তদন্তৰ বাবে তেওঁক আটক কৰি থানালৈ লৈ আনে । আজিও (মঙলবাৰ) বাতৰি লিখা পৰলৈকে ব্যক্তিজনক থানাতে ৰাখি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

ধৃত ব্যক্তিজনে কয়, ‘‘ব্যৱসায় সূত্ৰে বহুবছৰ ধৰি অৰুণাচল প্ৰদেশৰ লংডিঙত মই বাস কৰো । মোৰ বেগত এটা সক্ৰিয় গুলী উদ্ধাৰ হৈছে ৷ কিন্তু কেনেকৈ সেই গুলীটো মোৰ বেগত সোমাল সেই সন্দৰ্ভত মই জ্ঞাত নহয় ৷’’

অৰুণাচল প্ৰদেশত এই ব্যক্তিজনক বিদ্ৰোহী সংগঠনে ভিন্ন সময়ত ধন দাবী কৰি অহাৰ কথাও সংবাদ মাধ্যমৰ সন্মুখত তেওঁ অৱগত কৰে ৷ তেওঁ কয়, ‘‘কোনো লোকে মোক ভয় খুৱাবলৈ হয়তো মোৰ অজ্ঞাতে বেগত গুলী ভৰাই দিছে । মই এই বিষয়ে একো নাজানো ৷’’

ইফালে এই ঘটনা সন্দৰ্ভত ডিব্ৰুগড় বিমানবন্দৰৰ কৰ্তপক্ষ বা আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য প্ৰদান কৰা নাই ৷

লগতে পঢ়ক : হুইলচেয়াৰৰ অভাৱত বিমানবন্দৰত পৰি আঘাতপ্ৰাপ্ত বৃদ্ধা: মূৰপোলোকা এয়াৰ ইণ্ডিয়াৰ

লগতে পঢ়ক : চীনা অৰিহণাত পাকিস্তানত নিৰ্মিত বিমানবন্দৰ কিয় হোৱা নাই মুকলি ?