কোকৰাঝাৰ : কোকৰাঝাৰৰ বিটিআৰ বিধান পৰিষদীয় ভৱনত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিটিআৰৰ বাজেট অধিৱেশন । বিটিআৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োৰ অধ্যক্ষতাত আৰম্ভ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীত ৩১ পৃষ্ঠাজোৰা বাজেট পাঠ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে । বিত্ত বিভাগৰো দায়িত্বত থকা প্ৰমোদ বড়োৱে বিটিআৰৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ২৫৫৯ কোটি ৬৬ লাখ ৭৯ হাজাৰ টকাৰ বাজেট উত্থাপন কৰে । মুঠ ৫৪৬৬.৮৫ লাখ টকাৰ ঘাটি বাজেটেৰে বিটিআৰৰ ৪০ টা বিভাগৰ বাবে সৰ্বমুঠ ২৫৫৯ কোটি ৬৬ লাখ ৭৯ হাজাৰ টকা ব্যয় সাপেক্ষে বাজেট ধাৰ্য কৰা হৈছে ।
ইয়াৰ ভিতৰত বিটিআৰৰ নিজা ৰাজহ ৭৮২৩.৪৬ লাখ, এচঅ'পিডিকে ধৰি আন চৰকাৰী অনুদান ২৪২৬৭৬.৪৮ লাখ টকা অৰ্থাৎ সৰ্বমুঠ ২৫০৪৯৯.৯৪ লাখ টকাৰ বিপৰীতে বাজেটত খৰচ দেখুওৱা হৈছে ২৫৫৯৬৬.৭৯ লাখ টকা । শুকুৰবাৰে বিটিআৰৰ সদনত বাজেট চৰ্চা হ'ব আৰু জনমুখী বাজেটখন সৰ্বসন্মতিক্ৰমে গৃহীত হ'ব বুলি আশা প্ৰকাশ কৰিছে প্ৰমোদ বড়োৱে ।
৮৪৩ কোটি টকাৰ সাধাৰণ বাজেট
উল্লেখ্য যে এইবেলি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে এচঅ'পিডি শিতানত ৮৪৩ কোটি টকা ধাৰ্য কৰা হৈছে । ইয়াৰে পুনঃগঠন বিভাগত (Transformation dept) সৰ্বাধিক ১২৬.২৬ কোটি ধাৰ্য কৰাৰ বিপৰীতে লটাৰীত মাত্ৰ ১ লাখ টকা ধাৰ্য কৰা হৈছে । আনহাতে শিক্ষা বিভাগত ১০৫.০৫ কোটি, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগত ৯৮.৬৩ কোটি, লোকনিৰ্মাণ বিভাগত ৯৩.৬৯ কোটি, কৃষিত ২৬.৯৪ কোটি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ৪৭.৭৪ কোটি, বন বিভাগত ৩৮.৩৮ কোটি, মহিলা আৰু শিশু কল্যাণ বিভাগত ১১.৪৩ কোটি, পৰ্যটনত ৮.৬৪ কোটি, পঞ্চায়ত আৰু গ্ৰামোন্নয়নত ৩৮.৫২ কোটি টকা ধাৰ্য কৰিছে । ইফালে শুকুৰবাৰে বাজেট চৰ্চা অনুষ্ঠিত হ'ব আৰু বিৰোধীয়ে বাজেটক লৈ বিতৰ্ক কৰাৰ সম্ভাৱনা আছে ।
ইফালে বৃহস্পতিবাৰে বিটিআৰৰ সদনত প্ৰশ্নোত্তৰ শিতানত বিপিএফৰ এমচিএলএ মুনমুন ব্ৰহ্মই বিটিআৰৰ মাটিকালি আৰু জনসংখ্যা জানিবলৈ বিচৰাত সংশ্লিষ্ট বিভাগৰ কাৰ্যবাহী সদস্যই কয় যে যিহেতু ২০২০ চনৰ ২৭ জানুৱাৰীত বিটিআৰ গঠন হৈছিল । ২০১১ চনৰ পিছত লোকপিয়ল নোহোৱা বাবে তথ্য উপলদ্ধ নহয় । মুনমুন ব্ৰহ্মৰ আন এক প্ৰশ্নোত্তৰত ২০১১ লোকপিয়ল মতে বিটিএডিৰ জনসংখ্যা ৩১,৫১,০৪৭ গৰাকী আৰু ইয়াৰ মাটিকালি ৯৬৮৮ বৰ্গকিলোমিটাৰ বুলি উল্লেখ কৰে । আনহাতে এমচিএলএ মাধৱ ছেত্ৰীৰ এক প্ৰশ্নোত্তৰত বিটিচিৰ অন্তৰ্গত বনগাঁৱৰ (Forest village) এলেকাত বড়ো, নেপালী, কোচ ৰাজবংশীসকলৰ মুঠ ৩২,২৮০ টা পৰিয়ালক ভূমিপট্টা প্ৰদান কৰা হৈছে বুলি সদৰি কৰে । ভূমি ক্ৰয় বিক্ৰয় বা আৱণ্টনৰ ক্ষেত্ৰত বেছিভাগ ফাইল বিটিআৰ সচিবালয়ত পৰি থাকে বুলি মাধৱ ছেত্ৰীৰ আন এক প্ৰশ্নোত্তৰত সংশ্লিষ্ট বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে কয় যে অসম ভূমি আৰু ৰাজহ নিয়মাৱলী, ১৮৮৬ দশম অধ্যায়ৰ চৰ্ত আৰু নিয়ম অনুসৰি কিছুমান ফাইলৰ যথাৰ্থতা নিৰ্ণয় কৰিবলৈ সময় লাগিব পাৰে যিহেতু বিটিআৰৰ ৭০ শতাংশতকৈ অধিক মাটি জনজাতি বেল্ট আৰু ব্লকৰ অধীনত পৰে ।

বিৰোধীৰ অসন্তুষ্টি
বাজেটক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে বিটিআৰৰ বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে । নন প্লেন-নন চেলাৰী ফাণ্ডত ধন ধাৰ্য নকৰাৰ অভিযোগ তুলি দেৰহাছাৎ বসুমতাৰীয়ে কয়, "১৭ তত্বাৱধান (Maintainance), ১৯ সামগ্ৰী (Materials), ১৪ সাধাৰণ কামৰ (Minor works) শিতানত ধন ধাৰ্য নকৰাৰ বাবে কাৰ্যালয়সমূহ পৰিচালনাত অসুবিধা হ'ব । কাইলৈ বাজেট বিতৰ্কত ভাগ লম আৰু ক'ৰবাত ক'ৰবাত টকেন বাজেট ধৰা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিম ।" আনহাতে বিটিআৰ চৰকাৰে বিগত বৰ্ষৰ অৰ্থাৎ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেটৰ ধনে মোকলাই আনিব নোৱাৰিলে বুলিও তেওঁ সমালোচনা কৰে ।
এই বাজেট গতিশীল
শাসকীয় পক্ষই বাজেটখনক সুন্দৰ, গতিশীল বুলি দাবী কৰে । শাসকীয় পক্ষৰ মতে সদনত বাজেটৰ ওপৰত চৰ্চাৰ পিছত সৰ্বসন্মতিক্ৰমে গৃহীত হোৱাৰ সম্ভাৱনা আছে । আনহাতে বিটিআৰৰ মুখ্য কাৰ্যবাহী তথা বিত্ত বিভাগৰ দায়িত্বত থকা প্ৰমোদ বড়োৱে বিটিআৰ অঞ্চলৰ আশা-আকাংক্ষা আৰু ৰাষ্ট্ৰীয় সূচাংক প্ৰত্যক্ষ কৰি বাজেটৰ দ্বাৰা ৰোডমেপ তৈয়াৰ কৰা বুলি সদৰি কৰিছে । এইবাৰ বাজেটত উদ্ভাৱনীমূলক কাৰ্যক গুৰুত্ব দি কৃষি খণ্ডক জৈৱিককৰণ, জীৱিকাভিত্তিক নিয়োগ, শিশু আৰু মহিলাৰ সুৰক্ষা, নিৰাপত্তাৰ ওপৰত বেছি আলোকপাত কৰা হৈছে বুলি তেওঁ দাবী কৰে । বিটিআৰৰ ৫ খন জিলাত শিশু আৰু মহিলাৰ নিৰ্যাতন, মানৱ সৰবৰাহ, হিংসাৰ আইনী সাহায্য বিনামূলীয়াভাৱে দিবলৈ ৫ জন গৰাকী লোক অধিবক্তা নিযুক্তি দিয়া হৈছে বুলিও সদৰি কৰে প্ৰমোদ বড়োৱে । তদুপৰি প্ৰেমসিং ব্ৰহ্মৰ স্মৃতিত ৪২০ টা ভিচিডিচিত মুক্ত ব্যায়ামাগাৰ, কালিদেৱ গুৰুচৰণ ব্ৰহ্মৰ নামত ৪২০ টা যোগকেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলিও সদৰি কৰে প্ৰমোদ বড়োৱে ।

বাজেট উত্থাপনৰ পিছত প্ৰমোদ বড়োৱে কয়,"এডভাণ্টেজ আছাম ২.Oৰ লাভ সমগ্ৰ অসমে পাবলৈ গৈ আছে । আমাৰ বিটিআৰটো পাৱাৰ প্লাণ্টৰ প্ৰপোজেল এটা আছে, য'ত আদানিৰ পৰা তেখেতসকলে প্ৰপোজ কৰিছে । আগৰ যি থাৰ্মেল পাৱাৰ আছিলে ইয়াতকৈও বেছি কেপাচিটি থকা প্ৰপোজ কৰিছে । মুখ্যমন্ত্ৰীয়ে ইয়াৰ ওপৰত আলোচনা কৰিছে । যেতিয়াই প্ৰপোজেলটো আগবাঢ়িব মই আপোনাক জনাম । ইয়াৰ উপৰিও বিভিন্ন ক্ষেত্ৰত প্ৰপোজেলবিলাক আহি আছে ।" ইফালে অসমীয়া ভাষাৰ সমান্তৰালকৈ অসমৰ বিভিন্ন জিলাত বড়ো আৰু বাংলা ভাষাৰ প্ৰচলনৰ ক্ষেত্ৰত চৰকাৰে লোৱা সিদ্ধান্ত সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰমোদ বড়োৱে ।
লগতে পঢ়ক :অসমৰ বিলুপ্তপ্ৰায় ভাষা সংৰক্ষণৰ বাবে আছুৰ গুৰুত্বপূৰ্ণ পদক্ষেপ - AASU MOU WITH NT FOUNDATION