ETV Bharat / state

দেশমাতৃৰ সেৱাত নিয়োজিত সৈনিক ঘৰলৈ উভতিল নিথৰ দেহ হৈ

নিহত জোৱানজনৰ ঘৰ কাছাৰ জিলাৰ উধাৰবন্ধৰ দয়াপুৰত ।

CLOUDBURST IN JK
সতীৰ্থলৈ শেষ শ্ৰদ্ধা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 29, 2025 at 10:21 PM IST

2 Min Read
Choose ETV Bharat

শিলচৰ: জম্মু-কাশ্মীৰত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা প্ৰবল বানৰ কবলত পৰি মৃত্যু ঘটে কাছাৰৰ এগৰাকী বি এছ এফ জোৱানৰ । কৰ্তব্যৰত অৱস্থাত মৃত্যু ঘটে ৰাজীৱ নুনিয়া নামৰ জোৱানজনৰ । নিহত জোৱানজনৰ ঘৰ কাছাৰ জিলাৰ উধাৰবন্ধৰ দয়াপুৰত । পিতৃ-মাতৃৰ একমাত্ৰ সন্তান আছিল ২৩ বছৰীয়া ৰাজীৱ নামৰ জোৱানজন ।

প্ৰাপ্ত তথ্য অনুসৰি, বিগত ২৬ আগষ্টত জম্মু-কাশ্মীৰৰ আকড়ুৰৰ পাকিস্তান সীমান্তত কৰ্তব্যত নিয়োজিত হৈ আছিল ৰাজীব নুনিয়া নামৰ বি এছ এফ জোৱানজন ৷ সেই সময়তে আকস্মিকভাৱে ঘটা ডাৱৰ বিস্ফোৰণৰ ফলত বান পৰিস্থিতিৰ সৃষ্টি হয় ৷ ৰাজীৱ সীমান্ত সেই সময়ত watch tower ত কৰ্তব্যৰত অবস্থাত আছিল ৷ এই watch tower ভাঙি যোৱাৰ উপক্ৰম হোৱাত ৰাজীৱে জাপ মৰাত তলৰ পানীত পৰে ৷ কিন্তু একে সময়তে watch tower টো ভাঙি ৰাজীৱৰ ওপৰত পৰাত থিতাতে মৃত্যু ঘটে জোৱানজনৰ ৷

CLOUDBURST IN JK
মৃত ৰাজীৱ নুনিয়া (ETV Bharat Assam)

সামাজিক মাধ্যম এক্সত এই সন্দৰ্ভত পোষ্ট কৰিছে বি এছ এফে ৷ পোষ্টটো এনেধৰণৰ ‘‘২০২৫ চনৰ ২৭ আগষ্টত জম্মু জিলাৰ আখনুৰ খণ্ডত আন্তঃৰাষ্ট্ৰীয় সীমান্তত কাৰ্যকৰী নিয়োগ কৰাৰ সময়ত কৰ্তব্যৰত অৱস্থাত পৰম ত্যাগ কৰা বি এছ এফৰ সাহসী কনিষ্টবল (জি ডি) ৰাজীৱ নুনিয়াক আমি শ্ৰদ্ধাঞ্জলি জনাইছো ।’’

এই খবৰ জোৱানজনৰ জন্মস্থানলৈ বিয়পি পৰাত এক শোকাকূল পৰিৱেশে বিৰাজ কৰে ৷ শুকুৰবাৰে ৰাজীৱৰ মৃতদেহ নিজগৃহলৈ আহি পোৱাৰ কথা আছে ৷ তাৰপিছতে ধৰ্মীয় ৰীতি-নীতি অনুসাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ মাচৈললৈ যোৱাৰ পথত চাশোটি অঞ্চলত সংঘটিত ডাৱৰ বিস্ফোৰণৰ পিছত সৃষ্টি হোৱা আকস্মিক বানত কমেও ২২ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক নিৰুদ্দেশ হৈ আছে । চাশোতি গাঁৱৰ হিন্দু মন্দিৰ মাচৈল মাতা মন্দিৰৰ ৰান্ধনিশালত ভক্তসকলে খাদ্য গ্ৰহণ কৰি থকা অৱস্থাতে এই ঘটনাটো সংঘটিত হয় । তীব্ৰ শব্দৰে এই দুৰ্যোগৰ সৃষ্টি হোৱাৰ উপৰিও পানীৰ তীব্ৰ সোঁত অঞ্চলটোত প্ৰৱেশ কৰে ।

লগতে পঢ়ক: উত্তৰাখণ্ডৰ পিছত এইবাৰ এই ঠাইত ডাৱৰ বিস্ফোৰণ: কমেও ২২ জনৰ মৃত্যু - CLOUDBURST IN JK