ETV Bharat / state

অবৈধ প্ৰেমৰ পৰিণতি... এক নৃশংস হত্যাকাণ্ডই জোঁকাৰিছে ৰঙিয়া

যোৱা ২৭ ডিচেম্বৰৰ নিশা এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল তেওঁৰ নিজৰ ঘৰতে । ইয়াৰ পিছতেই ৰাইজৰ সন্দেহ ওপজিছিল পত্নীৰ ওপৰত ।

Sensational murder in Rangia
নৃশংস হত্যাকাণ্ডই জোঁকাৰিছে ৰঙিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 25, 2025 at 1:43 PM IST

|

Updated : March 25, 2025 at 4:31 PM IST

6 Min Read
Choose ETV Bharat

ৰঙিয়া: ৰঙিয়াৰ পীতাম্বৰ হাট বজালীত সংঘটিত এক নৃশংস হত্যাকাণ্ডই জোঁকাৰি গৈছে ৰাজ্য় । গাৰ নোম শিয়ৰি উঠা এক ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য় । অবৈধ প্ৰেমৰ বাবে মানুহে কিমান নিকৃষ্ট কাণ্ড সংঘটিত কৰিব পাৰে তাৰেই জ্বলন্ত উদাহৰণ দাঙি ধৰিছে এই হত্য়াকাণ্ডই ।

বদিৰ আলী নামৰ এজন ব্যক্তিৰ হত্যাৰ ঘটনাই পৰিয়ালৰ ভিতৰৰ সম্পৰ্কৰ এটা ভয়ংকৰ ৰূপ পোহৰলৈ আনিছে । এই হত্যাকাণ্ডত জড়িত অভিযুক্তসকল এটা এটাকৈ আৰক্ষীৰ জালত পৰিছে । তদন্তৰ জৰিয়তে এটাৰ পিছত আন এটা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ।

নৃশংস হত্যাকাণ্ডই জোঁকাৰিছে ৰঙিয়া (ETV Bharat Assam)

ৰঙিয়া আৰক্ষীয়ে চলোৱা তদন্তই এই ঘটনাৰ পৰিকল্পিত আৰু নৃশংস দিশসমূহ স্পষ্ট কৰিছে । বিগত বছৰৰ ২৭ ডিচেম্বৰৰ নিশা বদিৰ আলীক তেওঁৰ নিজা ঘৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল । প্ৰথমাৱস্থাত তেওঁৰ পত্নী আৰু তেওঁৰ অবৈধ প্ৰেমিক নেকিব আলীৰ ওপৰত হত্যাৰ সন্দেহৰ আঙুলি উঠিছিল ।

পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ত আৰু তেওঁৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত স্পষ্ট হৈ পৰে যে বদিৰ আলীৰ মৃত্যু স্বাভাৱিক নাছিল, বৰং এটা পৰিকল্পিত হত্যাকাণ্ড আছিল । কিন্তু তদন্ত গভীৰ হোৱাৰ লগে লগে এই ঘটনাত জড়িত আন দুজন অভিযুক্তৰ নাম পোহৰলৈ আহে-বদিৰ আলীৰ পুত্ৰ ৰমজান আলী আৰু ৰমজানৰ বন্ধু তথা নেকিব আলীৰ অধীনত কাম কৰা মিৰাজুল আজাদ । স্থানীয় একাংশ মহিলাই অবৈধ প্ৰেমৰ বাবেই এই হত্য়াকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে ।

  • হত্যাকাণ্ডৰ নৃশংস পৰিকল্পনা :

ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিত নাথৰ নেতৃত্বত চলা তদন্তত জানিব পৰা গৈছে যে এই হত্যাকাণ্ড অত্যন্ত পৰিকল্পিত আৰু নৃশংসভাৱে সম্পন্ন কৰা হৈছিল । তদন্তৰ পৰা পোহৰলৈ অহা তথ্য অনুসৰি মহিলাগৰাকীয়ে প্ৰথমে স্বামী বদিৰ আলীক নিশাৰ আহাৰৰ লগত শ্লীপিং টেবলেট মিহলাই দিয়ে । স্বামী অচেতন হৈ পৰাৰ পিছত তেওঁ পুত্ৰ ৰমজান আলী, অবৈধ প্ৰেমিক নেকিব আলী আৰু মিৰাজুল আজাদে একেলগে তেওঁক হত্যা কৰে । অবৈধ প্ৰেমৰ বিষয়ে স্থানীয় ৰাইজে কৰা অভিযোগ অপৰাধ দৃশ্য় পুনৰ দৃশ্য়ায়নৰ সময়তো পোহৰলৈ আহে ।

চাৰিওজনে শুই থকা বদিৰ আলীৰ মুখত গাৰুৰে সোপা মাৰি শ্বাসৰুদ্ধ কৰাৰ চেষ্টা কৰে । প্ৰাণৰ মমতাত তেওঁ চটফটাবলৈ ধৰে যদিও অভিযুক্তসকলে খিৰিকীৰ পৰ্দা লগোৱা ৰচীৰে তেওঁৰ ডিঙি চেপি ধৰে । এই আক্ৰমণৰ ফলত বদিৰ আলীৰ নাকৰ পৰা তেজ ওলায় আৰু ডিঙিত গভীৰ আঘাতৰ চিন স্পষ্ট হৈ পৰে । হত্যাকাণ্ডৰ পিছত পত্নী আৰু পুত্ৰই পৰৱৰ্তী দিনা ২৮ ডিচেম্বৰৰ পুৱা বদিৰ আলীৰ স্বাভাৱিক মৃত্যু হোৱা বুলি দাবী কৰে ।

স্থানীয় ৰাইজৰ সন্দেহ আৰু প্ৰথম পদক্ষেপবদিৰ আলীৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছত স্থানীয় ৰাইজৰ মনত সন্দেহৰ সৃষ্টি হয় । তেওঁলোকে এইটো স্বাভাৱিক মৃত্যু নহয়, বৰং পৰিকল্পিত হত্যাকাণ্ড বুলি ধাৰণা কৰে । উত্তেজিত গাঁৱৰ মহিলাৰ এটা দলে পত্নীক উত্তম-মধ্যম সোধাই আৰক্ষীৰ হাতত গতাই দিয়ে ।

ইয়াৰ পিছতে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় । মৰণোত্তৰ পৰীক্ষাৰ পিছত শতাধিক ৰাইজে অভিযুক্তৰ পৰিয়ালৰ ঘৰৰ চোতালত জানাজা সম্পন্ন কৰি ন্যায় বিচাৰৰ দাবী জনায় ।

  • অবৈধ প্ৰেমিকক গ্ৰেপ্তাৰ :

আত্মীয়ৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে অবৈধ প্ৰেমিক নেকিব আলীক গ্ৰেপ্তাৰ কৰে । হত্যাকাণ্ডৰ পিছত পুত্ৰ ৰমজান আলী তামিলনাডুৰ কভিলপাত্তিত আত্মগোপন কৰিছিল । তিনি মাহৰ সন্ধানৰ অন্তত ৰঙিয়া আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

ইতিমধ্যে অভিযুক্ত মহিলাগৰাকী আৰু নেকিব আলীক জেলৰ পৰা আৰক্ষীৰ জিম্মাত লোৱা হৈছে । তিনিওজনৰ ওপৰত মাৰাথান জেৰা চলোৱাৰ পিছত তেওঁলোকে হত্যাকাণ্ডত জড়িত থকাৰ কথা স্বীকাৰ কৰে ।

জেৰাৰ মাজতে চতুৰ্থ অভিযুক্তৰ নাম পোহৰলৈ আহে । আচৰিত কথা যে মিৰাজুল আজাদে হত্যাকাণ্ডৰ পিছতো তিনি মাহ ধৰি নিজৰ ঘৰত স্বাভাৱিক জীৱন যাপন কৰি আহিছিল । আৰক্ষীয়ে তেওঁক একে গাঁৱৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে ।

  • অপৰাধৰ ঘটনাৰ পুনৰ দৃশ্য়ায়ন :

দেওবাৰে ৰঙিয়া আৰক্ষীৰ এক বৃহৎ দল আৰু দণ্ডাধীশৰ উপস্থিতিত চাৰি অভিযুক্তক ঘটনাস্থললৈ লৈ যোৱা হয় । তাত এটা প্ৰতিমূৰ্তি স্থাপন কৰি হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা পুনঃনিৰ্মাণ কৰা হয় । য'ত অভিযুক্ত চাৰিওজনে নৃশংসভাৱে হত্যা কৰাৰ পদ্ধতি প্ৰকাশ কৰে ।

তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, এই হত্যাকাণ্ডৰ মূল কাৰণ আছিল মহিলাগৰাকীৰ অবৈধ প্ৰেমৰ সম্পৰ্ক । বদিৰ আলী এই সম্পৰ্কৰ বাধা হৈ পৰিছিল । বিস্ময়কৰ কথা হ’ল,মাতৃৰ এই অবৈধ সম্পৰ্কৰ বাবে পুত্ৰ ৰমজান আলীয়েও পিতৃৰ হত্যাত সহযোগিতা কৰিছিল ।

  • ঘটনাৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়া :

ৰঙিয়াৰ এই হত্যাকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । পৰিয়ালৰ ভিতৰৰ এনে ভয়ংকৰ ষড়যন্ত্ৰই সকলোকে শিহৰিত কৰি তুলিছে । স্থানীয় ৰাইজৰ মাজত এই ঘটনাক লৈ তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে আৰু তেওঁলোকে অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাইছে ।

  • আৰক্ষীৰ ভাষ‍্য:

ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিত নাথে এই বিষয়ে সংবাদমাধ‍্যমৰ আগত কয়, "আমাৰ ৰঙিয়া থানাৰ গোচৰ নম্বৰ ৩৫২/২৪ গোচৰৰ আচামীৰ স্বীকাৰোক্তি অনুসৰি আমি ক্ৰাইম চিনত আহিছো । যিটো ঘৰত অপৰাধ সংঘটিত হৈছিল তাত গ্ৰেপ্তাৰ হোৱা আচামীয়ে আমাক ঘটনাটো কেনেকৈ সংঘটিত কৰিছিল দেখুৱাই দিছে । আমাৰ লগত অসম চৰকাৰৰ প্ৰশাসনিক বিষয়া দেবাশীষ বৰঠাকুৰ, গাঁওবুঢ়া বিকি শইকীয়া, ৰঞ্জন উপাধ্যায়, অভিযুক্ত মহিলা, ৰমজান আলী, নেকিব আলী আৰু মিৰাজুল আজাদ উপস্থিত আছে ।"

বদিৰ আলীৰ হত্যাকাণ্ডৰ এই ঘটনাই পৰিয়ালৰ সম্পৰ্কৰ এক অন্ধকাৰ দিশ উন্মোচন কৰিছে । অবৈধ প্ৰেমৰ সম্পৰ্কৰ ফলত স্বামীৰ হত্যাৰ পৰিকল্পনা আৰু তাৰ সৈতে পুত্ৰৰ সহযোগিতাই সমাজৰ নৈতিকতাৰ প্ৰতি গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে ।

লগতে পঢ়ক:পৰকীয়াৰ কৰুণ পৰিণতি; প্ৰেমিকেৰে মিলি 'ছুপাৰী কিলাৰ'ৰ দ্বাৰা স্বামীক হত্যা মহিলাৰ - WIFE KILLED MAN

মুখত ক'লা কাপোৰ বান্ধি কোনে হত্যা কৰিলে পথ নিৰ্মাণ কৰা শ্ৰমিকক ? - LABOURER MURDER

Last Updated : March 25, 2025 at 4:31 PM IST