ETV Bharat / state

কোটি টকাৰে মেৰামতি কৰাৰ এমাহ নহওঁতেই ভাঙিল দলং, নদীত পৰিল ডাম্পাৰ

১ কোটি ৩০ লাখ টকা ব্য়য় কৰি এমাহ পূৰ্বে মুকলি কৰিছিল শিলচৰ-কালাইন সংযোগী পথৰ হাৰাং নৈৰ ওপৰত থকা দলং । হঠাতেই ঘটিল অঘটন ।

Bridge Collapses in Silchar-Kalain Road
শিলচৰ-কালাইন সংযোগী পথত ভাঙিল দলং (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 18, 2025 at 10:59 AM IST

2 Min Read
Choose ETV Bharat

শিলচৰ: কাছাৰ জিলাৰ শিলচৰ-কালাইন সংযোগী পথত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । এই পথটোৰ হাৰাং নৈৰ ওপৰত থকা দলং ভাঙি নদীৰ বুকুত পৰিল দুখনকৈ ডাম্পাৰ । অৱশ্য়ে এই ঘটনাটোত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই ।

বুধবাৰে পুৱতি নিশা দুখন শিলভৰ্তি ডাম্পাৰ একেলগে পাৰ হোৱাৰ সময়তেই এই ঘটনাটো সংঘটিত হয় । ইয়াৰ পিচতেই এই ঘটনাস্থলীত আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে এছ ডি আৰ এফৰ সহযোগত উদ্ধাৰ অভিযান চলায় । অতি গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত এই দলঙখন ভাঙি যোৱাত বিছিন্ন হৈ পৰিছে গুৱাহাটী আৰু কৰিমগঞ্জৰ মাজৰ যোগাযোগ ব্যৱস্থা । স্থানীয় ৰাইজে শীঘ্ৰে এই দলঙখনৰ মেৰামতি কৰি যোগাযোগ সুচল কৰিবলৈ দাবী জনাইছে ।

শিলচৰ-কালাইন সংযোগী পথত ভাঙিল দলং (ETV Bharat Assam)

এই ঘটনাৰ পিচতেই উক্ত স্থানত উপস্থিত হোৱা কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয়, "আজি পুৱতি নিশা প্ৰায় ২ বজাত ভাংগাৰপাৰত হাৰাং নৈৰ ওপৰত থকা দলঙখন ভাঙি যায় । আমি লগে লগে ইয়ালৈ আহি উদ্ধাৰ অভিযান চলাইছো । ইয়াৰ সমীপত এটা সৰু পথ আছে আৰু সেই পথেৰেই সৰু সৰু বাহনৰ লগতে ছাত্ৰ-ছাত্ৰীসকল অহা-যোৱা কৰিব পাৰিব ।"

এই সন্দৰ্ভত এজন স্থানীয় ব্য়ক্তিয়ে কয়, "এই ঘটনাৰ বাবে সম্পূৰ্ণ দায়ী লোক নিৰ্মাণ বিভাগ । ১ কোটি ৩০ লাখ টকা ব্য়য় কৰি এমাহ পূৰ্বে এই দলঙখনৰ মেৰামতি কৰা হৈছিল । মেৰামতি অতি নিম্নমানৰ হৈছে । এতিয়া অঞ্চলটোৰ মানুহে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ।"

লগতে পঢ়ক:বিষয়া এজন পদ তিনিটা: লোক নিৰ্মাণ বিভাগত চৰম অৰাজকতা - DIMA HASAO PWD

পুনেত দলং ভাঙি মৃত্যুৰ হোৱা লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি, আহত ৫১ জন, স্থগিত উদ্ধাৰ অভিযান - PUNE BRIDGE COLLAPSE